আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তৃতীয়বাৰৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত আক্ৰমণৰ প্ৰয়াস কৰা হৈছে। অভিযুক্ত ব্যক্তিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে কমলা হেৰিছ আৰু ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰ চলায় আছে। এই সময়ছোৱাত তৃতীয়বাৰৰ বাবে ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ট্ৰাম্পক আক্ৰমণৰ প্ৰয়াস কৰা হৈছিল। ট্ৰাম্পৰ ওপৰত আক্ৰমণ চলাবলৈ অহা ব্যক্তিজন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সমাৱেশৰ স্থানৰ পৰা কিছু দূৰত আটক হয়। অৱশ্যে ড’নাল্ড ট্ৰাম্প নিৰাপদ।
ইয়াৰ পূৰ্বেও দুবাৰকৈ ট্ৰাম্পক আক্ৰমণ কৰাৰ চেষ্টা কৰা হৈছে। ইয়াৰ পূৰ্বে ১৩ জুলাইত পেনচিলভেনিয়াৰ বাটলাৰত মেথিউ ক্ৰুকছে ট্ৰাম্পক গুলীচালনা কৰিছিল। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক তেওঁক হত্যা কৰে। ইয়াৰ পিছত ছেপ্টেম্বৰ মাহত দ্বিতীয়বাৰৰ বাবে তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰা হৈছিল। গ’লফ খেলপথাৰত ট্ৰাম্পক হত্যা কৰিবলৈ চেষ্টা কৰা ৰিয়ান ৱেছলী ৰাউথ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
তৃতীয়বাৰৰ বাবে ট্ৰাম্পক আক্ৰমণ কৰা ব্যক্তিজনৰ নাম ৱেম মিলাৰ। যেতিয়া ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ চলাই আছিল তেতিয়া সেই ঠাইৰ পৰা কিছু দূৰৈত নিৰাপত্তাৰক্ষীয়ে ৱেম মিলাৰক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ পৰা উদ্ধাৰ হৈছে গুলী ভৰ্তি এটা বন্দুক আৰু প্ৰেছৰ ভুৱা আই-কাৰ্ড। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ৱেম মিলাৰ লাছ ভেগাছৰ বাসিন্দা।