গৌতম গম্ভীৰৰ অধীনত ভাৰতীয় দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হৈ আছে। বাংলাদেশৰ বিৰুদ্ধে চলি থকা আন্তঃৰাষ্ট্ৰীয় T-20 মেচৰ ২খন খেলত ভাৰতে জয়লাভ কৰি শৃংখলা দখল কৰিছে। গ্বালিয়ৰ আৰু নতুন দিল্লীত জয়লাভ কৰি ভাৰতে ২-০ গ’লত শৃংখলা দখল কৰিছে। ১২ অক্টোবৰ শনিবাৰে অৰ্থাৎ আজি বাংলাদেশৰ বিৰুদ্ধে তৃতীয় আৰু অন্তিমখন টি-২০ খেল হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । সমগ্ৰ দেশবাসী আগ্ৰহেৰে অপেক্ষা কৰি আছে টীম ইণ্ডিয়াৰ খেল চাবলৈ।
ইতিমধ্যে পূৰ্বৰ ২খন মেচত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি শৃংখলা দখল কৰিছে। অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত শৃংখলা দখল কৰি জয়ৰ সোৱাদ লৈছে। ভাৰতীয় টীমটোত সূৰ্যকুমাৰ যাদৱ (C), অভিষেক শৰ্মা, সঞ্জু চেমচন (wk), ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, বৰুণ চকাৰৱৰ্তী, জিতেশ শৰ্মা (wk), আৰ্শদীপ সিং, হৰ্ষিত ৰানা, মায়ংক যাদৱ, তিলক বৰ্মাৰ খেলুৱৈ উপস্থিত আছে।
পূৰ্বৰ মেচত সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৰিংকু সিঙে সুন্দৰ প্ৰদৰ্শন কৰি টীম ইণ্ডিয়াক জয়ৰ সোৱাদ দিবলৈ সক্ষম হৈছিল। বলিঙত অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণই দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছিল।
আজিৰ টীম ১১ত সূৰ্যকুমাৰ যাদৱ, অভিষেক শৰ্মা, সঞ্জু চেমচন, নীতিশ কুমাৰ ৰেড্ডী, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, মায়ংক যাদৱে স্থান পাব পাৰে । ইতিমধ্যে এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা নাই টীম মেনেজমেন্টৰ ফালৰ পৰা।