ভাৰতীয় চিনেমাৰ জগতখনত অমিতাভ বচ্ছনক এজন সফল অভিনেতা হিচাপে গণ্য কৰা হয়। তেওঁৰ সফলতাৰ ৰহস্য আছিল সময়ৰ সৈতে সলনি হোৱাটো । অৱশ্যে কেৰিয়াৰৰ আৰম্ভণিতে অভিনেতা অমিতাভ বচ্ছনে বহুটো সংগ্ৰাম কৰিব লগা হৈছিল ।
সৰুৰে পৰাই অভিনেতা হোৱাৰ সপোন আছিল বিগ বিৰ ।
১৯৬০ চনৰ শেষৰ ফালে মুম্বাইলৈ আহিছিল অভিনেতা গৰাকী । সেই সময়ত তেওঁৰ হাতত মাত্ৰ কেইটামান টকাহে আছিল । কিন্তু সপোনক বাস্তৱ কৰাৰ বাবে বহু কষ্ট কৰিচিল তেওঁ। ৰেডিঅ’এটা এটা বিজ্ঞাপনৰ বাবদ তেওঁ পাইছিল মাত্ৰ ৫০ টকা । মুম্বাইলৈ অহাৰ সময়ত তেওঁৰ হাতত দ্ৰাইভিং লাইচেঞ্চখন আছিল । এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে অভিনেতা নহ’লে কেব ড্ৰাইভাৰ হ’ব ।
অমিতাভ বচ্ছনৰ থাকিবৰ বাবে কোনো ঘৰ নথকাৰ সময়ত মুম্বাইৰ মেৰিন ড্ৰাইভত নিগনিৰ সৈতে নিশা কটাব লগীয়া হৈছিল । তেনে কঠোৰ সংগ্ৰামী পথেৰে আহি বৰ্তমান বলিউডত বিগ বিৰ খিতাপ লৈ দপদপাই আছে অমিতাভ বচ্ছনে । বৰ্তমানলৈকে অমিতাভ বচ্ছনে ২০০ ত কৈও অধিক চবিত অভিনয় কৰিছে।