ভাৰত-বাংলাদেশৰ দ্বিতীয় T-20 শৃংখলাত জয়লাভ ভাৰতৰ।৮৬ ৰানত পৰাস্ত হ’ল নজমূল বাহিনী ।দিল্লীত অনুষ্ঠিত হোৱা ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচত বাংলাদেশৰ অধিনায়ক নাজমুল হাছান শান্তোৱে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। যিটো ভুল প্ৰমাণিত হয় বাংলাদেশৰ বাবে ।ভাৰতীয় বেটছমেনৰ দুৰ্দান্ত প্ৰদৰ্শনত ৰানতে থমকিব লগা হ’ল নজমূল বাহিনী। প্ৰথমে বেট ধৰি বাংলাদেশৰ সন্মুখত ভাৰতে বান্ধি দিছিল ২২২ ৰাণৰ লক্ষ্য । তাৰ বিপৰীতে নিৰ্ধাৰিত অভাৰতে আটাইকেইটা উইকেট হেৰুৱায় বাংলাদেশে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে কৰে সৰ্বাধিক ৭৪ ৰান। ৰিংকু সিঙে সংগ্ৰহ কৰে ৫৩ ৰান, সঞ্জু ছেমছনে ১০ ৰান, অভিষেক শৰ্মাই ১৫ ৰান, অধিনায়ক সূৰ্য কুমাৰ যাদৱে ৮ ৰান, ১৫ ৰান কৰিয়েই আউট হয় ৰিয়ান পৰাগ। ভাৰতৰ হৈ অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ, অভিষেক শৰ্মা, মায়ংক যাদৱ, ৰিয়ান পৰাগে লয় এটাকৈ উইকেট তাৰ লগতে বৰুণ চক্ৰৱৰ্তীয় আৰু নিতিশ কুমাৰ ৰেড্ডীয়ে লয় দুটা উইকেট।
