ৱাংখেড়েত অভিষেকৰ ধুমুহা…ইংলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক শতক

ভাৰতীয় দলৰ বিস্ফোৰক বেটছমেন অভিষেক শৰ্মাই ইতিহাস সৃষ্টি কৰিছে । মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক বেটিঙেৰে শতক অৰ্জন কৰিছে তেওঁ । ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা শৃংখলাৰ পঞ্চমখন খেলত অভিষেকে এই দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে । মাত্ৰ ৩৭টা বলত তেওঁ শতক সম্পূৰ্ণ কৰে । ভাৰতৰ হৈ টি-২০ ইণ্টাৰনেশ্যনেলত দ্ৰুততম শতক অৰ্জন কৰা অভিষেক দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াৰ হৈ ৩৫টা বলত শতক অৰ্জন কৰিছে ৰোহিত শৰ্মাই ।

মুম্বাই টি-২০ত ভাৰতৰ হৈ অ’পেনিং কৰিবলৈ আহিছিল অভিষেক । এই সময়ছোৱাত বাতৰি লিখাৰ সময়লৈকে তেওঁ ৪৩টা বলত ১০৭ ৰান সংগ্ৰহ কৰিছে । অভিষেকৰ ইনিংছত ৫টা চাৰি আৰু ১০টা ছয় আছিল । অভিষেকৰ বাবেই বিস্ফোৰক আৰম্ভণি লাভ কৰে টিম ইণ্ডিয়াই । অভিষেকে পাৱাৰ প্লে’ৰ সময়তে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । ইয়াৰ পাছতে খেলখনৰ ১১ অভাৰত তেওঁ শতক সম্পূৰ্ণ কৰে ।

টিম ইণ্ডিয়াৰ হৈ অভিষেকৰ দ্বিতীয়টো টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক-

টি-২০ ইণ্টাৰনেশ্যনেলত অভিষেকৰ এয়া দ্বিতীয়টো শতক । ভাৰতৰ হৈ এই ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰিছে ৰোহিত শৰ্মাই । ৫ টা শতক অৰ্জন কৰিছে ৰোহিতে । ৪ টা শতকৰে দ্বিতীয় স্থানত আছে সূৰ্যকুমাৰ যাদৱ । টিম ইণ্ডিয়াৰ হৈ সঞ্জু চেমছনে ৩ টা শতক অৰ্জন কৰিছে । তিলক বৰ্মা, কে এল ৰাহুল আৰু অভিষেকে দুটাকৈ শতক অৰ্জন কৰিছে ।

ভাৰতৰ হৈ কোনে টি-২০ আন্তঃৰাষ্ট্ৰীয়ত দ্ৰুততম শতক অৰ্জন কৰিছে ?

ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰাৰ অভিলেখ পঞ্জীয়ন হৈছে ৰোহিত শৰ্মাৰ নামত । ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰিছিল ৰোহিতে । অৱশ্যে এই অভিলেখ ভংগ কৰিব নোৱাৰিলে অভিষেকে । জিম্বাবুৱেৰ বিৰুদ্ধে ৩৩টা বলত শতক অৰ্জন কৰিছে ছিকন্দৰ ৰাজাই । তেওঁ গাম্বিয়াৰ বিৰুদ্ধে এই শতক অৰ্জন কৰিছে । দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰে ৩৫টা বলত শতক অৰ্জন কৰিছে ।

ছামী-সূৰ্যৰ ফ্লপ শ্ব’; ৰবি বিষ্ণোইৰ ব্যয়বহুল অভাৰ…এই ৫টা কাৰণতে ৰাজকোটত পৰাস্ত ভাৰতীয় দল

ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খনীয়া খেলৰ টি-২০ শৃংখলাৰ তৃতীয়খন খেল মঙলবাৰে (২৮ জানুৱাৰী) ৰাজকোটৰ নিৰঞ্জন শ্বাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচত ইংলেণ্ড দলে ২৬ ৰানত জয়লাভ কৰে । অৱশ্যে প্ৰথম দুখন মেচত জয়লাভ কৰি ভাৰতীয় দল এতিয়াও এই শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে ।

এই মেচখনত টছত পৰাস্ত হোৱাৰ পাছত ইংলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতক ১৭২ ৰানৰ লক্ষ্য বান্ধি দিয়ে । প্ৰত্যুত্তৰত ভাৰতীয় দলে ৯ উইকেটত মাত্ৰ ১৪৬ ৰানহে সংগ্ৰহ কৰে আৰু মেচখনত পৰাস্ত হয় । এই মেচত ভাৰতীয় দলৰ পৰাজয়ৰ ৫টা ডাঙৰ কাৰণ আছিল ।

প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে ছামীয়ে-

এই মেচখনৰ বাবে ভাৰতীয় প্লেইং-১১ত প্ৰৱেশ কৰে বেগী বলাৰ মহম্মদ ছামী । প্ৰায় ১৪ মাহৰ পিছত ভাৰতীয় দললৈ উভতি প্ৰত্যাৱৰ্তন ঘটায় তাৰকা বেগী বলাৰগৰাকীয়ে । কিন্তু তেওঁৰ পুৰণি ছন্দত তেওঁক দেখা পোৱা নগ’ল । ছামীৰ বাবে বিশ্ৰাম দিয়া হয় বেগী বলাৰ অৰ্শদীপ সিঙক । বিগত ২ খন মেচত ৩ টা উইকেট দখল কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ গৈছিল অৰ্শদীপে ।

কিন্তু তৃতীয়খন মেচত ছামীয়ে নিজৰ শক্তি প্ৰদৰ্শনত ব্যৰ্থ হয়, যিটো দলৰ বাবে ডাঙৰ ক্ষতি বুলি প্ৰমাণিত হ’ল । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত ভাৰতীয় দললৈ ঘূৰি আহিছিল ছামী । কিন্তু এই মেচখনত তেওঁ ৩ অভাৰত বলিং কৰি ২৫ ৰান খৰছ কৰে । মেচখনত ছামীয়ে উইকেট দখলত ব্যৰ্থ হয় । তেওঁৰ ইকনমিৰ হাৰো আছিল ৮.৩৩ ।

আটাইতকৈ ব্যয়বহুল বুলি প্ৰমাণিত হ’ল বিষ্ণোই-

ভাৰতীয় লেগ স্পীনাৰ ৰবি বিষ্ণোই এই শৃংখলাৰ প্ৰথম তিনিখন মেচত মূল একাদশত স্থান লাভ কৰিছে যদিও তেওঁ ব্যৰ্থ বুলি প্ৰমাণিত হয় । তিনিওখন মেচতে বিষ্ণোইয়ে মাত্ৰ এটা উইকেট দখল কৰিছে । তৃতীয় টি-২০ত তেওঁ এই উইকেট দখল কৰে । ৰাজকোটত অনুষ্ঠিত এই টি-২০ মেচখনত বিষ্ণোই অতি ব্যয়বহুল বুলি প্ৰমাণিত হয় ।

ৰবি বিষ্ণোই ৪ অভাৰত বলিং কৰে, য’ত তেওঁ আটাইতকৈ ব্যয়বহুল বুলি প্ৰমাণিত হয় । ১১.৫০ৰ অতি দুৰ্বল ইকনমি ৰেটত তেওঁ ৪৬ ৰান দিয়ে । তেওঁৰ অভাৰত ইংৰাজ বেটছমেনে সৰ্বাধিক ৫টা ছয় কোবাই । লগতে ২ চাৰিও আছিল । বিষ্ণোইৰ এই ব্যয়বহুল বলিং পৰাজয়ৰ এক ডাঙৰ কাৰণ বুলি প্ৰমাণিত হয় ।

টপ অৰ্ডাৰ ফ্লপ শ্ব’ আছিল পৰাজয়ৰ ডাঙৰ কাৰণ-

বলিঙৰ পিছত সমগ্ৰ দায়িত্ব ভাৰতীয় বেটিঙৰ ওপৰত আছিল যদিও শীৰ্ষ অৰ্ডাৰ বেয়াকৈ ফ্লপ হয় । লক্ষ্য অনুসৰণ কৰাৰ সময়ত ভাৰতীয় দলটোৱে অতি বেয়া আৰম্ভণি কৰিছিল আৰু মাত্ৰ ৩১ ৰানৰ স্ক’ৰত সঞ্জু চেমছন আৰু অভিষেক শৰ্মাৰ উইকেট হেৰুৱাইছিল । ৩ ৰান সংগ্ৰহ কৰি আউট হৈছিল সঞ্জু আৰু ২৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল অভিষেক ।

এই মেচত অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ দুৰ্বল ফৰ্ম অব্যাহত থাকে । তেওঁ মাত্ৰ ১৪ ৰান সংগ্ৰহ কৰি আউট হয় । সূৰ্য আউট হোৱাৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ৩ উইকেটত ৪৮ ৰান । এই প্ৰাৰম্ভিক বিপৰ্যয়ৰ পিছত ভাৰতীয় দলটোৱে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি মেচখনত পৰাস্ত হয় ।

বিফল মিডল অৰ্ডাৰো-

শীৰ্ষ অৰ্ডাৰ ফ্লপ হোৱাৰ পিছত অনুৰাগীৰ সকলো আশা মিডল অৰ্ডাৰৰ ওপৰত আছিল । কিন্তু ইয়াতো মই হতাশ হয় অনুৰাগী । ইটোৰ পিছত সিটো উইকেট পতনৰ বাবে মিডল অৰ্ডাৰো থৰক-বৰক হৈ পৰে । তিলক বাৰ্মাই ১৮ ৰান, ছয় নম্বৰত অহা ৱাশ্বিংটন সুন্দৰে ৬ আৰু সাত নম্বৰত অহা অক্ষৰ পেটেলে ১৫ ৰান সংগ্ৰহ কৰি আউট হয় ।

উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলক ৮ নম্বৰত বেটিং কৰিবলৈ পঠিওৱা হয় যদিও তেওঁৱো বিফল হয় । ২ ৰান সংগ্ৰহ কৰি আউট হয় জুৰেল । এইদৰে ইংৰাজ বলাৰৰ সন্মুখত মিডল অৰ্ডাৰৰ পতন ঘটি ভাৰতীয় দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

সূৰ্য আৰু সঞ্জুৰ ধাৰাবাহিক ব্যৰ্থতা-

বেটিঙত অধিনায়ক সূৰ্য আৰু উইকেটকীপাৰ বেটছমেন সঞ্জু চেমছনৰ ফ্লপ শ্ব’ অব্যাহত আছে । প্ৰথমখন মেচত সূৰ্যই নিজৰ একাউণ্টো খুলিব পৰা নাছিল । ইয়াৰ পিছত তেওঁ একেৰাহে দুখন মেচত ১২ আৰু ১৪ ৰান সংগ্ৰহ কৰে । আনহাতে, অ’পেনাৰ হিচাপে দায়িত্ব লোৱা সঞ্জুৰ পৰা এনে পৰিস্থিতিত ভাল আৰম্ভণি আশা কৰা হয় যদিও এইগৰাকী বিস্ফোৰক বেটছমেনো ব্যৰ্থ হয় ।

সঞ্জুৱে একে শৈলীতে একেৰাহে আউট হোৱা পৰিলক্ষিত হৈছে । এই দুৰ্বলতা তেওঁ উন্নত কৰিব লাগিব । শৃংখলাৰ প্ৰথমখন মেচত ২৬ ৰান সংগ্ৰহ কৰিছিল সঞ্জুৱে । কিন্তু তাৰ পিছত একেৰাহে দুয়োখন মেচতে মাত্ৰ ৫ আৰু ৩ ৰানহে সংগ্ৰহ কৰিছে তেওঁ । ক্ৰিকেট অনুৰাগীয়ে পৰৱৰ্তী মেচত দুয়োৰে পৰা ডাঙৰ স্ক’ৰ আশা কৰিছে ।

ৰাজকোটত ভাৰতক প্ৰত্যুত্তৰ দিলে ইংলেণ্ডে…২৬ ৰানত পৰাস্ত সূৰ্য বাহিনীৰ

মঙলবাৰে চলিত টি-২০ শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডে টিম ইণ্ডিয়াক ২৬ ৰানত পৰাস্ত কৰে । ইংলেণ্ডে ভাৰতক জয়ী হ’বলৈ ১৭২ ৰানৰ লক্ষ্য বান্ধি দিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে টিম ইণ্ডিয়াই মাত্ৰ ১৪৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই । এই জয়েৰে ইংলেণ্ডে শৃংখলালৈ পুনৰ উভতি আহিছে । অৱশ্যে ভাৰত এতিয়াও ২-১ ব্যৱধানত আগবাঢ়ি আছে । ৰাজকোটত ভাৰতৰ হৈ ৪০ ৰান সংগ্ৰহ কৰে হাৰ্দিক পাণ্ডিয়াই । আনহাতে বৰুণ চক্ৰৱৰ্তীয়ে ৫টা উইকেট দখল কৰে । ইংলেণ্ডৰ হৈ বেন ডাকেটে অৰ্ধশতক অৰ্জন কৰে ।

ইংলেণ্ডে বান্ধি দিয়া লক্ষ্য খেদি ভাৰতীয় দলটোৱে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১৪৫ ৰানহে সংগ্ৰহ কৰিবলা সক্ষম হয় । ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ৪০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । তেওঁ ২টা ছয় আৰু ১টা চাৰিটা কোবাই । অক্ষৰ পেটেলে ১৫ ৰান সংযোজন কৰে । তেওঁ ২টা চাৰিটা কোবাই । মহম্মদ ছামীয়ে ১টা ছয়ৰ সহায়ত ৭ ৰান সংগ্ৰহ কৰে ।

টিম ইণ্ডিয়াৰ বেয়া আৰম্ভণি-

নিজৰ ইনিংছ আৰম্ভ কৰিয়েই শলঠেকত পৰে । মাত্ৰ ৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায় অ’পেনাৰ সঞ্জু চেমছন । তেওঁক পেভিলিয়নমুখী কৰে জফ্ৰা আৰ্চাৰে । চেমছনৰ পিছতে অভিষেক শৰ্মাৰ উইকেটৰ পতন ঘটে । ১৪টা বলত ২৪ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । চাৰি নম্বৰত বেটিং কৰিবলৈ আহিছিল তিলক বাৰ্মা । ১৮ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ । ১৪ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ । মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয় ৱাশ্বিংটন সুন্দৰ ।

ইংলেণ্ডৰ হৈ বেন ডাকেটৰ অৰ্ধশতক-

বেন ডাকেটে দলৰ হৈ অ’পেনাৰ হিচাপে বেটিং কৰিবলৈ আহিছিল । ২৮টা বলৰ সন্মুখীন হৈ তেওঁ ৫১ ৰান সংগ্ৰহ কৰে । ডাকেটে ৭টা চাৰি আৰু ২টা ছয় কোবাই । ইফালে লিভিংষ্টনে ২৪ বলৰ সন্মুখীন হৈ ৪৩ ৰান সংগ্ৰহ কৰে । তেওঁ ৫টা ছয় আৰু ১টা চাৰিটা কোবাই । অধিনায়ক জোছ বাটলাৰে ২৪ ৰানৰ বৰঙণি আগবঢ়ায় । ৫ ৰান সংগ্ৰহ কৰি আউট হয় ফিলিপ ছল্ট ।

বৰুণৰ শক্তি প্ৰদৰ্শন-

ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে শক্তিশালী বলিং প্ৰদৰ্শন কৰে । ৪ অভাৰত ২৪ ৰানত ৫ উইকেট দখল কৰে বৰুণে । ৪ অভাৰত ৩৩ ৰানত ২টা উইকেট দখল কৰে হাৰ্দিক পাণ্ডিয়াই । অক্ষৰ পেটেল আৰু ৰবি বিষ্ণোইয়ে এটাকৈ উইকেট দখল কৰে । মহম্মদ ছামীয়ে বহুদিনৰ মূৰত টিম ইণ্ডিয়ালৈ উভতি আহিছিল যদিও বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । ছামীয়ে ৩ অভাৰত ২৫ ৰান দিয়ে । অৱশ্যে এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহল তেওঁ ।

২০২৪ৰ শ্ৰেষ্ঠ টি-২০ দলৰ অধিনায়ক হ’ল ৰোহিত, চাৰিজন ভাৰতীয়ৰ ভিতৰত নাই বিৰাট-সূৰ্য

শুকুৰবাৰে শ্ৰেষ্ঠ এদিনীয়া আৰু টেষ্ট দল ঘোষণা কৰাৰ পিছত শনিবাৰে আই চি চি য়ে ঘোষণা কৰে শ্ৰেষ্ঠ টি-২০ দল । ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ পুৰুষৰ দলত চাৰিগৰাকী ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হৈছে যদিও ইয়াত নাই বিৰাট কোহলী বা বৰ্তমানৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ নাম । দুয়োজনেই যোৱা বছৰ টি-২০ বিশ্বকাপ জয় কৰা দলটোৰ অংশ আছিল । একে সময়তে দলটোৰ কমাণ্ড বিশ্ব চেম্পিয়ন অধিনায়ক ৰোহিত শৰ্মাৰ হাতত অৰ্পণ কৰা হৈছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত আৰু বিৰাটে ।

একে সময়তে তিনিগৰাকী ভাৰতীয়ক শ্ৰেষ্ঠ মহিলা টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে স্মৃতি মন্ধানা, ৰিচা ঘোষ আৰু দীপ্তি শৰ্মাৰ নাম । দলটোত সৰ্বাধিক তিনিজন খেলুৱৈৰ সংখ্যা ভাৰতৰ থকাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দুগৰাকী খেলুৱৈয়ে দলটোত স্থান লাভ কৰিছে । দলৰ কমাণ্ড দক্ষিণ আফ্ৰিকাৰ এল উলভাৰ্ডক গতাই দিয়া হৈছে । ২০২৪ চনৰ আই চি চিৰ মহিলা এদিনীয়া দলৰ অধিনায়ক হিচাপেও উলভাৰ্ডক নিৰ্বাচিত কৰা হৈছে ।

শ্ৰেষ্ঠ পুৰুষ দলত আৰু কোন আছে ?

ভাৰতৰ চাৰিজন খেলুৱৈৰ উপৰিও শ্ৰেষ্ঠ পুৰুষ দলত অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, শ্ৰীলংকা আৰু জিম্বাবুৱেৰ এজনকৈ খেলুৱৈ আছে । ৰোহিতৰ উপৰিও এই চাৰিজন ভাৰতীয় খেলুৱৈৰ ভিতৰত আছে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া, পেচাৰ যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিং । দলটোত আছে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড, ইংলেণ্ডৰ ফিল ছল্ট, ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পৰাণ (উইকেটকীপাৰ), আফগানিস্তানৰ ৰছিদ খান, শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা আৰু জিম্বাবুৱেৰ আলেকজেণ্ডাৰ । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱা পাকিস্তান দলৰ বাবৰ আজমো আই চি চিৰ শ্ৰেষ্ঠ টি-২০ প্লেইং-১১ৰ ভিতৰত আছে ।

দীৰ্ঘদিনৰ পিছত টি-২০লৈ উভতি আহিছিল ৰোহিত-

দীৰ্ঘদিন পিছত যোৱা বছৰ টি-২০ ইণ্টাৰনেশ্যনেললৈ উভতি আহিছিল ৰোহিত । ২০২৪ চনত তেওঁ ১১খন মেচত গড়ে ৪২ আৰু ষ্ট্ৰাইক ৰেট ১৬০.১৬ ৰে ৩৭৮ ৰান সংগ্ৰহ কৰিছিল । ইয়াত তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ১২১ ৰান । এই সময়ছোৱাত তেওঁ মাত্ৰ এটা শতকহে অৰ্জন কৰিছিল । একে সময়তে অল ৰাউণ্ডাৰ হাৰ্দিকে যোৱা বছৰ ১৭খন মেচত ৩৫২ ৰান সংগ্ৰহ কৰি ১৬টা উইকেট দখল কৰিছিল । তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ৫০ ৰান । একে সময়তে তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ২০ ৰানত তিনিটা উইকেট ।

বুমৰাহ আৰু অৰ্শদীপে কৰিছিল চেম্পিয়ন-

ভাৰতৰ টি-২০ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুমৰাহে যোৱা বছৰ টি-২০ৰ ৮খন মেচত ১৫টা উইকেট দখল কৰিছিল । এই সময়ছোৱাত তেওঁৰ বলিং গড় আছিল ৮.২৬ । একে সময়তে তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭ ৰানত তিনিটা উইকেট । বুমৰাহৰ উপৰিও অৰ্শদীপেও বিধ্বংসী ৰূপ ধাৰণ কৰে । ২০২৪ চনত ১৮খন মেচত ১৩.৫০ বলিং গড়ৰে ৩৬টা উইকেট দখল কৰিছিল তেওঁ । অৰ্শদীপৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৯ ৰানত ৪ উইকেট ।

২০২৪ চনৰ আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় পুৰুষৰ শ্ৰেষ্ঠ দল :

ৰোহিত শৰ্মা (অধিনায়ক, ভাৰত), ট্ৰেভিছ হেড (অষ্ট্ৰেলিয়া), ফিল ছল্ট (ইংলেণ্ড), বাবৰ আজম (পাকিস্তান), নিকোলাছ পৰাণ (উইকেটকীপাৰ, ৱেষ্ট ইণ্ডিজ), চিকন্দৰ ৰাজা (জিম্বাব’ৱে), হাৰ্দিক পাণ্ডিয়া (ভাৰত), ৰছিদ খান (আফগানিস্তান), ৱানন্দু হাছাৰংগা (শ্ৰীলংকা), যশপ্ৰীত বুমৰাহ (ভাৰত) আৰু অৰ্শদীপ সিং (ভাৰত)।

২০২৪ চনৰ আই চি চিৰ মহিলা টি-২০ দল : এল উলভাৰ্ড (অধিনায়ক, দক্ষিণ আফ্ৰিকা), মাৰিজান কাপ (দক্ষিণ আফ্ৰিকা), স্মৃতি মন্ধানা (ভাৰত), ৰিচা ঘোষ (উইকেটকীপাৰ, ভাৰত), দীপ্তি শৰ্মা (ভাৰত); চামাৰী আটাপাট্টু (শ্ৰীলংকা); হেলি মেথিউছ (ৱেষ্ট ইণ্ডিজ); নেট চেৱাৰ্ড-ব্ৰাণ্ট (ইংলেণ্ড); মেলি কাৰ (অষ্ট্ৰেলিয়া), অৰ্লা প্ৰেণ্ডাৰগাষ্ট (আয়াৰলেণ্ড) আৰু ছাদিয়া ইকবাল (পাকিস্তান) ।

বিৰাট-ৰোহিত অবিহনে প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ মুখামুখি হ’ল টিম ইণ্ডিয়া…সূৰ্য ব্ৰিগেডে স্মৰণীয় কৰি তুলিলে মেচ

বুধবাৰে (২২ জানুৱাৰী) কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজত এখন ঐতিহাসিক মেচ অনুষ্ঠিত হয়, য’ত টিম ইণ্ডিয়াই ৭ উইকেটত জয়লাভ কৰে । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এই খেলখনত মাত্ৰ ১২.৫ অভাৰতে জয়লাভ কৰে ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৫খনীয়া খেলৰ টি-২০ শৃংখলাৰ এইখন আছিল প্ৰথমখন মেচ । এইদৰে টিম ইণ্ডিয়াই শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । উল্লেখ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত ক্ৰিকেট ইতিহাসত এইখন প্ৰথম টি-২০ মেচ য’ত বিৰাট কোহলী বা ৰোহিত শৰ্মাৰ কোনো এজনে খেলা নাছিল ।

কোহলী আৰু ৰোহিত অবিহনে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি-২০ মেচ-

ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টি-২০ মেচ ২০০৭ চনৰ টি-২০ বিশ্বকাপত অনুষ্ঠিত হৈছিল । তাত খেলিছিল ৰোহিত শৰ্মাই । তেতিয়াৰ পৰা ভাৰতীয় দল আৰু ইংলেণ্ডৰ মাজত খেলা সকলো টি-২০ মেচতে ৰোহিত বা কোহলীৰ কোনোবা এজনে খেলিছে অথবা দুয়োগৰাকীয়ে খেলিছে ।

কিন্তু কলকাতাৰ এই মেচখন আছিল প্ৰথমখন টি-২০ মেচ য’ত কোহলী আৰু ৰোহিত দুয়োজনেই খেলা নাছিল বা দুয়োৰে কোনোৱেই খেলা নাছিল । ইয়াৰ কাৰণ হ’ল দুয়োগৰাকী প্ৰবীণ খেলুৱৈৰ অৱসৰ । টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰি ৰোহিত আৰু কোহলীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল ।

২০টা বলত দ্ৰুত অৰ্ধশতক অভিষেকৰ-

এই বিশ্বকাপৰ পিছত তিনিওটা ফৰ্মেটতে ভাৰত আৰু ইংলেণ্ডৰ মাজত এইখনেই আছিল প্ৰথমখন মেচ । এই মেচখনত ইংলেণ্ডে ১৩৩ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো ভাৰতীয় দলে ১২.৫ অভাৰত মাত্ৰ ৩টা উইকেট হেৰুৱাই উপনীত হয় । এই বিজয়ৰ বীৰ আছিল অভিষেক শৰ্মা, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী । অ’পেনাৰ অভিষেকে মাত্ৰ ২০টা বলত অৰ্ধশতক অৰ্জন কৰে ।

কলকাতাত অনুষ্ঠিত টি-২০ মেচখনত অভিষেকে ৩৪টা বলত ৭৯ ৰানৰ ইনিংছ খেলিছিল। এই ইনিংছত তেওঁ ৮টা ছয় আৰু ৫টা চাৰিটা আঘাত কৰে। তৃতীয় উইকেটৰ বাবে অভিষেক আৰু তিলক বৰ্মাই ৪২টা বলত ৮৪ ৰান সংযোজন কৰে। ইংলেণ্ডৰ হৈ সফল হৈছিল কেৱল বেগী বলাৰ জফ্ৰা আৰ্চাৰ। এই দুয়োটা উইকেট তেওঁ লৈছিল।

বৰুণ আৰু অৰ্শদীপৰ হাতত বিধ্বস্ত ইংলেণ্ড দল-

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ইংলেণ্ড দলৰ আৰম্ভণি অতি দুৰ্বল আছিল । ইংৰাজ দলটোৰ ওপৰত অৰ্শদীপ সিঙে আৰম্ভণিৰে পৰাই সম্পূৰ্ণ আধিপত্যশীল বিস্তাৰ কৰিছিল । প্ৰথম অভাৰতে তেওঁ ফিল ছল্টক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে ইনিংছৰ তৃতীয় অভাৰত বেন ডাকেটক আউট কৰে অৰ্শদীপে ।

এইদৰে ইংলেণ্ডে মাত্ৰ ১৭ ৰানত দ্বিতীয়টো উইকেট হেৰুৱাইছিল যদিও অধিনায়ক জোছ বাটলাৰে দলটোৰ নিয়ন্ত্ৰণ লয় আৰু স্ক’ৰ ৫০ ৰানৰ বাহিৰলৈ লৈ যায় । ইয়াৰ পিছতে স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে একেটা অভাৰতে হেৰী ব্ৰুক আৰু লিয়াম লিভিংষ্টনক আউট কৰি ইংলেণ্ডক ৬৫ ৰানত চতুৰ্থটো আঘাত দিয়ে ।

এই সকলোবোৰৰ মাজতে বাটলাৰে ৩৪টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । শেষত ৪৪টা বলত ৬৮ ৰান সংগ্ৰহ কৰি বাটলাৰ আউট হয় । ইফালে ইংলেণ্ডৰ ৭জন বেটছমেনে দহকৰ ঘৰতো উপনীত হ’ব নোৱাৰিলে । শেষত ইংলেণ্ড দলটোৱে ১৩২ ৰান সংগ্ৰহ কৰি অল আউট হয় । ভাৰতীয় বলাৰসকলৰ ভিতৰত বৰুণ চক্ৰৱৰ্তীয়ে সৰ্বাধিক ৩টা উইকেট দখল কৰে । আনহাতে অৰ্শদীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে ২-২কৈ সফলতা লাভ কৰে ।

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ আধিপত্য-

টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলে সদায় আধিপত্য বিস্তাৰ কৰি আহিছে । এতিয়ালৈকে দুয়োটা দলৰ মাজত ২৫খন টি-২০ মেচ অনুষ্ঠিত হৈছে । ইয়াত ভাৰতীয় দলটোৱে ১৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ডে ১১খন খেলত সফল হৈছে । যেতিয়াই দুয়োটা দল মুখামুখি হয় তেতিয়াই ভাৰতীয় দলে আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে ।