পুৱা ৮ বজাৰে পৰা হাৰিয়ানাত চলি আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ভোটগণনা আৰম্ভ হোৱাৰ পৰাই ৰাজ্যখনৰ ৯০ খনীয়া বিধানসভা আসনত কংগ্ৰেছ দলে বৃহৎ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছিল । কিন্তু কিছু সময়ৰ পিছতে হঠা প্ৰেক্ষাপট সলনি হোৱা পৰিলক্ষিত হৈছে । কংগ্ৰেছক পিছ পেলাই এইবাৰ এইবাৰ হাৰিয়ানাত বৃহৎ অগ্ৰগতি লাভ কৰিছে শাসনাধীষ্ঠ বিজেপি দলে ।
ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ যুঁজ হোৱা পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে ৰাজ্যখনত ৪৬ খন আসনত বিজেপি দলে অগ্ৰগতি লাভ কৰিছে । ইফালে কংগ্ৰেছ দলে বৰ্তমানলৈকে ৩৬ খন আসনত লাখ কৰিছে অগ্ৰগতি । প্ৰথম অৱস্থাত কংগ্ৰেছ দলে তীব্ৰ গতিত অগ্ৰগতি লাভ কৰিছিল যদিও বৰ্তমান দলটোক পিছ পেলাই বিজেপি দল আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে ।
আনহাতে জম্মু-কাশ্মীৰত ৫০ খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছ মিত্ৰজোঁটে । বিজেপিয়ে ২২ খনত অগ্ৰগতি লাভ কৰিছে ।