ৰাজ্যত পুনৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এক সবল খোজ দিছে অসম চৰকাৰে । GMCH ৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ নিযুক্তি সমাৰোহ । সৰ্বমুঠ ৩৮৫ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কাৰিকৰী শিক্ষা সঞ্চালকাল়য়ৰ ১৮৩ গৰাকীক বিতৰণ কৰিলে নিযুক্তি পত্ৰ । উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৮১ গৰাকীক মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে নিযুক্তি পত্ৰ । অনুষ্ঠানটোত মুখ্যমন্ত্ৰী গৰাকীয়ে মে মাহৰ ভিতৰত ১লাখ ৩৫ হাজাৰৰ পৰা ৪০ হাজাৰলৈ নিযুক্তি প্ৰক্ৰিয়া বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে।