ৰাজ্যত চাকৰিৰ বজাৰত হাহাকাৰ! স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ ভিৰ

২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যোগশীলতা সঞ্চালকালয়ত মুঠ ১৫,৪৩,৩৫০ জন চাকৰি প্ৰাৰ্থী সক্ৰিয়ভাৱে পঞ্জীয়নভুক্ত হৈ আছে

বৰ্তমান অসমত ১৫.৪৩ লাখতকৈও অধিক লোক সক্ৰিয় চাকৰি প্ৰাৰ্থী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে । আজি অসম বিধানসভাৰ মজিয়াত চৰকাৰে এই উদ্বেগজনক তথ্য দাঙি ধৰে ।

বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰ দি দক্ষতা, নিয়োগ আৰু উদ্যোগশীলতা মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে ২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যোগশীলতা সঞ্চালকালয়ত মুঠ ১৫,৪৩,৩৫০ জন চাকৰি প্ৰাৰ্থী সক্ৰিয়ভাৱে পঞ্জীয়নভুক্ত হৈ আছে । মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে যে ২০১৬ চনৰ ৩১ মাৰ্চ পৰ্যন্ত এই সংখ্যা আছিল ১৫,৮২,৯৮৭ জন আৰু তেতিয়াৰে পৰা বিভাগে এই পঞ্জীয়নৰ বাৰ্ষিক অভিলেখ নিয়মীয়াকৈ বজাই ৰাখিছে ।

বিগত বছৰবোৰৰ পঞ্জীয়নৰ খতিয়ান:

বিধানসভাত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি, ২০২২ চনত পঞ্জীয়নভুক্ত চাকৰি প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,৫৩,৯৭১ জন, যাৰ ভিতৰত ১০,৩৪,৬১৩ টা আছিল নতুন পঞ্জীয়ন । ২০২৩ চনত এই মুঠ পঞ্জীয়নৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাই হয় ২০,১০,৫১৭ জন, য’ত ৮,৫৬,৫৪৬ টা নতুন পঞ্জীয়ন অন্তৰ্ভুক্ত আছিল ।

২০২৪ চনত সক্ৰিয় চাকৰি প্ৰাৰ্থীৰ সংখ্যা ২১,১৬,৫৬১ জন হয়গৈ, য’ত ১,০৬,০৪৪ টা নতুন পঞ্জীয়ন নথিভুক্ত কৰা হয় । অৱশ্যে, ২০২৫ চনত এই সংখ্যা কিছু হ্ৰাস পাই ১১,৮৮,১৬০ জন হয়, আনহাতে সেই বৰ্ষত নতুন পঞ্জীয়নৰ সংখ্যা আছিল ২,৪৯,৭৬৫ টা । চলিত ২০২৬ চনৰ ৩০ জুন পৰ্যন্ত বিভাগে পুনৰ ১৫,৪৩,৩৫০ জন সক্ৰিয় পঞ্জীয়নভুক্ত চাকৰি প্ৰাৰ্থীৰ তথ্য সংগ্ৰহ কৰিছে, যাৰ ভিতৰত শেহতীয়া কেইটামান মাহত ৩,৫৫,৭৪১ টা নতুন পঞ্জীয়ন হৈছে ।

আনহাতে, চৰকাৰে সদনক জানিবলৈ দিয়া মতে, যথাসময়ত নবীকৰণ নকৰা বা বাৰ্ষিক নিয়ম উলংঘা কৰাৰ বাবে ২০২৬ চনৰ ৩০ জুনলৈকে ৰাজ্যখনত মুঠ ১২,৫২,৭৩১ টা পঞ্জীয়নৰ ম্যাদ উকলি গৈছে বা বাতিল হৈছে ।

উচ্চ শিক্ষিত নিবনুৱাৰ ভিৰ:

পঞ্জীয়নভুক্ত চাকৰি প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতাৰ যি খতিয়ান মন্ত্ৰীগৰাকীয়ে দাঙি ধৰিছে, সি অত্যন্ত তাৎপৰ্যপূৰ্ণ । তথ্য অনুসৰি, চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলৰ ভিতৰত সাধাৰণ স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যাই সৰ্বাধিক । বৰ্তমান পঞ্জীয়নত ৬,৪৮,৮৯৯ জন স্নাতক আৰু ১,১৬,১৫৯ জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে অপেক্ষা কৰি আছে ।

এই চৰকাৰী তালিকাত বৰ্তমান ৬২,৫৮১ জন কাৰিকৰী ডিপ্লমা ধাৰী আৰু ৬৫,৯৮৯ জন কাৰিকৰী স্নাতকো অন্তৰ্ভুক্ত হৈ আছে ।

ৰাজ্যখনত বছৰেকীয়া ভিত্তিত নিবনুৱা পঞ্জীয়নৰ সবিশেষ আৰু তেওঁলোকৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰতে চৰকাৰে আজি এই তথ্য সদনত দাঙি ধৰে ।

লগতে পঢ়ক : এক্সন মুডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি

আকৌ ২ লাখ চৰকাৰী চাকৰি! বাজেটত বিত্ত মন্ত্ৰীৰ ডাঙৰ ঘোষণা

চৰকাৰী চাকৰিক লৈ বাজেটত ডাঙৰ ঘোষণা । অনাগত ৫ বছৰত চৰকাৰে মুঠ ২ লাখ নিযুক্তিৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে ।

শুকুৰবাৰে বিধানসভাত দাখিল কৰা হ’ল ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথমখন বাজেট । বিধানসভাত এই ঐতিহাসিক বাজেট উত্থাপন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

বাজেট ভাষণ প্ৰসংগত বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ খতিয়ান দাঙি ধৰে । তেওঁ কয় যে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে ইতিমধ্যে ১ লাখ নিযুক্তিৰ সীমা অতিক্ৰম কৰিছে । বিগত ৫ বছৰত ৰাজ্য চৰকাৰে ১.৬৪ লাখতকৈও অধিক প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে ।

নিযুক্তিৰ পৰৱৰ্তী লক্ষ্য: ২ লাখ নতুন চাকৰি

চৰকাৰী চাকৰি প্ৰদানৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অনাগত ৫ বছৰত ৰাজ্যৰ ৰাজহুৱা খণ্ডত মুঠ ২ লাখ নিযুক্তিৰ এক বৃহৎ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে ।

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই নতুন নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰী বিভাগসমূহৰ লগতে সামৰি লোৱা হ’ব :

-বিভিন্ন বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়

-আইনগত সংস্থা আৰু ছ’চাইটিসমূহ

-ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্তশাসিত পৰিষদসমূহ

-সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা চৰকাৰী কোম্পানীসমূহ

গঠন কৰা হৈছে বিশেষ টাস্ক ফ’ৰ্চ

২ লাখ নিযুক্তিৰ এই অভিলাসী লক্ষ্যক বাস্তৱায়িত কৰিবলৈ চৰকাৰে এক বিস্তৃত পৰিকল্পনা হাতত লৈছে । ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিবৰ সভাপতিত্বত এটা বিশেষ ‘টাস্ক ফ’ৰ্চ’ গঠন কৰা হৈছে । প্ৰাথমিক পৰ্যায়ত অধিক খালী পদ সৃষ্টি কৰাৰ লগতে ইয়াৰ জৰিয়তে বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলৰ সময়মতে পদোন্নতি নিশ্চিত কৰা হ’ব ।

বিশেষকৈ আৰক্ষী বাহিনী, ভূ-ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্য সেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদ সৃষ্টিৰ বিষয়টো চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদৰী কৰে । নিৰ্বাচনী সংকল্প পত্ৰৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ নৱ-প্ৰজন্মৰ বাবে নিয়োগৰ সৰ্বাধিক সুযোগ সৃষ্টি কৰিবলৈ চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ বুলিও তেওঁ বাজেট ভাষণত উল্লেখ কৰে ।

লগতে পঢ়ক : আজি দাখিল হ’ব হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন বাজেট

নামভৰ্তিৰ পৰা চাকৰিলৈ… সকলোতে লাগিব জন্মৰ প্ৰমাণ পত্ৰ, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

চৰকাৰী চাকৰি আৰু বিভিন্ন চৰকাৰী সেৱাৰ সুবিধা লাভৰ বাবে জন্মৰ প্ৰমাণপত্ৰক একমাত্ৰ বাধ্যতামূলক নথি হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।

বিদ্যালয়ত নামভৰ্তি, চৰকাৰী চাকৰি আৰু বিভিন্ন চৰকাৰী সেৱাৰ সুবিধা লাভৰ বাবে জন্মৰ প্ৰমাণ পত্ৰক একমাত্ৰ বাধ্যতামূলক নথি হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । মঙলবাৰে অৰ্থনীতি আৰু পৰিসংখ্যা, মূল্যায়ন আৰু তথ্য আৰু যোগাযোগ মন্ত্ৰালয়ৰ উপদেষ্টা এছ ছেথাৰংকু ছাংটামে কয় যে ৰাজ্যখনৰ জন্ম-মৃত্যুৰ পঞ্জীয়ন (সংশোধনী) নিয়ম, ২০২৪ৰ অধীনত এই নিয়ম কাৰ্যকৰী কৰা হৈছে ।

ছাংতমে কয় যে জন্ম-মৃত্যুৰ পঞ্জীয়ন এক অপৰিহাৰ্য দায়িত্ব যিয়ে ব্যক্তিৰ আইনী পৰিচয় প্ৰতিষ্ঠা কৰে আৰু কল্যাণমূলক কাৰ্যসূচীৰ ফলপ্ৰসূ পৰিকল্পনা সক্ষম কৰে ।

তেওঁ কয় যে, নাগৰিক পঞ্জীয়ন হৈছে এক চলি থকা আৰু বাধ্যতামূলক প্ৰক্ৰিয়া যিয়ে জন্ম, মৃত্যু, বিবাহ, ঘাতক মৃত্যু আৰু বিবাহ বিচ্ছেদৰ দৰে গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহ সামৰি লয় । তেওঁ কয় যে ২০২৩ চনত সংসদে ১৯৬৯ চনৰ জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন আইন সংশোধন কৰিছিল । এই আইন ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হৈছিল ।

সেই অনুসৰি ৰাজ্যৰ বিধানসভাই জন্ম-মৃত্যুৰ পঞ্জীয়ন (সংশোধনী) নিয়মাৱলী, ২০২৪ত অনুমোদন জনায়, যিটো ২০২৫ চনৰ ৮ ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হৈছিল । সংশোধিত নিয়ম অনুসৰি, বিদ্যালয়ত নামভৰ্তি, চৰকাৰী চাকৰি, ড্ৰাইভিং লাইচেন্স, আধাৰ পঞ্জীয়ন, বিবাহ, প্ৰমাণপত্ৰ আৰু অন্যান্য চৰকাৰী উদ্দেশ্যৰ বাবে এতিয়া জন্মৰ প্ৰমাণপত্ৰ একমাত্ৰ বৈধ নথি হ’ব । তদুপৰি, ২০২৩ চনৰ ১ অক্টোবৰ বা তাৰ পূৰ্বে জন্ম হোৱা ব্যক্তিৰ বাবে জন্মৰ তাৰিখ আৰু স্থানৰ একমাত্ৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণপত্ৰ বৈধ বুলি গণ্য কৰা হ’ব ।

উল্লেখ্য যে, নাগালেণ্ড চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰে নাগৰিকসকলক সময়মতে পঞ্জীয়ন নিশ্চিত কৰিবলৈ আহ্বান জনাই কয় যে বিদ্যালয়ৰ প্ৰমাণ পত্ৰৰ দৰে অন্যান্য নথি-পত্ৰৰ ওপৰত নিৰ্ভৰ কৰিলে আৰু যথেষ্ট নহয় ।

পঞ্জীয়ন সেৱাৰ সুবিধা উন্নত কৰাৰ বাবে ৰাজ্যখনে সমগ্ৰ নাগালেণ্ডত ১৪৭৪টা পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰিছে । গ্ৰামাঞ্চলত প্ৰতিখন স্বীকৃতিপ্ৰাপ্ত গাঁৱত পঞ্জীয়ন ইউনিট স্থাপন কৰা হৈছে, চৰকাৰী শিক্ষকক পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হৈছে । সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহেও পঞ্জীয়ন ইউনিট হিচাপে কাম কৰে, দায়িত্বত থকা নাৰ্ছসকলে পঞ্জীয়ক হিচাপে কাম কৰে ।

লগতে পঢ়ক : আজি উত্তৰ-পূবৰ তিনিখনকৈ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস, প্ৰধানমন্ত্ৰী মোদীয়ে জনালে শুভেচ্ছা

“পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল,এতিয়া নালাগে”;মুখ্যমন্ত্ৰী

“পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল,এতিয়া নালাগে”। অসম আৰক্ষী-ত ৫,৮১৮ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ

অসমত চৰকাৰী চাকৰি প্ৰদানৰ সংখ্যা ১ লাখ ৪০ হাজাৰ অতিক্ৰম কৰিলে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

বুধবাৰে অসম আৰক্ষীৰ ৫,৮১৮গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ চৰকাৰৰ দিনত ১ লাখ ৪০ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পালে। খুব সোনকালেই আমি দুই লাখৰ ওচৰা-উচৰি পাম।”

অসম চৰকাৰে দাবী কৰা স্বচ্ছ নিয়োগ প্ৰক্ৰিয়াৰ অন্তৰ্গত বুধবাৰে মুঠ ৫,৮১৮গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ উপস্থিতিত এই নিযুক্তি প্ৰদান হয়।

প্ৰদান কৰা পদসমূহ হল ১৫৬গৰাকী উপ-পৰিদৰ্শক তথা সম-পৰ্যায়, ৫,৪১০গৰাকী কনিষ্টবল (এ বি / ইউ বি) আৰু সম-পৰ্যায়, ২৫২গৰাকী চতুৰ্থবৰ্গৰ পদ। ইয়াৰ উপৰি চাহ জনজাতিৰ ১২০গৰাকী প্ৰাৰ্থীক ৮ ডিচেম্বৰত পৃথকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব।

নিযুক্তি-পত্ৰ বিতৰণ উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়— “পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল। বহু যুৱকে হতাশাত ড্ৰাগছ আসক্ত হৈছিল, কিছুমানে আলফাতো যোগ দিছিল। কিন্তু আজিৰ দিনত এটকাও নিদিয়াকৈ ১ লাখ ৩৫ হাজাৰ ল’ৰা-ছোৱালীক চাকৰি দিলো।”

তেওঁ আৰু কয়— “অসমত চাকৰি পাবলৈ এতিয়া কোনো ঘোচ দিব নালাগে। চাকৰি পোৱাৰ পিছতো বদলি-পত্ৰৰ বাবে টকা দিয়া নালাগে; বিশেষ প’ৰ্টেলেৰে সৰল ব্যৱস্থা কৰা হৈছে।”

মুখ্যমন্ত্ৰীয়ে কয়— “নিৰ্বাচনৰ সময়ত মই কাৰো লগত আলোচনা নকৰাকৈ ১ লাখ চাকৰি দিম বুলি ঘোষণা কৰিছিলোঁ। বহুতে সন্দেহ কৰিছিল, কিন্তু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ।”

তেওঁ আৰু ঘোষণা কৰে— “সদ্য ৫,৮১৮গৰাকীক নিযুক্তি দিয়া হ’ল। এতিয়া সংখ্যাটো ১ লাখ ৪০ হাজাৰ। আৰু কেইদিনমানৰ ভিতৰতে আৰক্ষী বিভাগত ৫ হাজাৰ নতুন পদৰ বিজ্ঞাপন ওলাব।”

লগতে পঢ়ক: ‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা

কাৰ কাৰ ভাগ্যত আছে চৰকাৰী চাকৰি ?

-কাৰ কাৰ ভাগ্যত আছে চৰকাৰী চাকৰি ?
-অপেক্ষাৰ অন্ত পৰিব ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ
-ADREৰ ৰিজাল্টক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
-মাৰ্চ মাহৰ ৭ তাৰিখৰ আগতে ঘোষণা হ’ব ADREৰ ৰিজাল্ট
-ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা
– তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি কাৰ কাৰ হাতত আছে ?
-নিকাভাৱে অনুষ্ঠিত হ’ল পৰীক্ষা
-আনিকাভাৱে দিব ৰিজাল্ট
-ভাগ্য উদয় হ’ব হাজাৰ হাজাৰ যুৱক-যুৱতীৰ
-হাঁহি বিৰিঙিব ঘৰে ঘৰে
-আহিব ভাল খবৰ ৭ মাৰ্চৰ আগত

চলিত বৰ্ষতেই ৰাজ্যবাসীলৈ ৫০ হাজাৰ চৰকাৰী চাকৰি; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ নিৱনুৱালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে ভালখবৰ। চলিত বৰ্ষতেই ৫০ হাজাৰ চৰকাৰী চাকৰিত দিয়া হ’ব নিযুক্তি।

ইফালে ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব ADRE ৰ ফলাফল।ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ কৰিলে ডাঙৰ মন্তব্য।

মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ স্বচ্ছতাৰে ৫০ হাজাৰ নিৱনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

ডেৰ বছৰত ১০ লাখ লোকে লাভ কৰিলে চৰকাৰী চাকৰি, নিয়োগ মেলাত ৭১ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে যোৱা ডেৰ বছৰত যুৱক-যুৱতীসকলক প্ৰায় ১০ লাখ স্থায়ী চৰকাৰী চাকৰি প্ৰদান কৰিছে, যিটো তেওঁ অভিলেখ বুলি দাবী কৰে । চাকৰি মেলাত নিযুক্তিপ্ৰাপ্তসকলক নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ কয় যে কোনো চৰকাৰৰ কাৰ্যকালত ইয়াৰ পূৰ্বে কেতিয়াও এনে “মিছন মোড”ত চাকৰি দিয়া হোৱা নাছিল ।

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দেশৰ ৪৫টা স্থানত আয়োজন কৰা নিয়োগ মেলাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭১ হাজাৰ যুৱক-যুৱতীক যোগদান পত্ৰ বিতৰণ কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰৰ নীতি আৰু কাৰ্যসূচীৰ মূলতে যুৱ জনসংখ্যা আৰু নিযুক্তি প্ৰক্ৰিয়াত সততা আৰু স্বচ্ছতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে ।

নাৰীক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে-

নিয়োগ মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৃহৎ সংখ্যক নিযুক্তিপ্ৰাপ্ত মহিলা আছে আৰু তেওঁৰ চৰকাৰৰ প্ৰচেষ্টা হৈছে মহিলাসকলক প্ৰতিটো ক্ষেত্ৰতে স্বাৱলম্বী কৰি তোলা । তেওঁ কয় যে মহিলাসকলৰ বাবে ২৬ সপ্তাহৰ প্ৰসূতিকালীন ছুটীৰ নীতি তেওঁলোকৰ কেৰিয়াৰত সহায়ক বুলি প্ৰমাণিত হৈছে । লগতে তেওঁ কয় যে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত নিৰ্মাণ কৰা ঘৰৰ মালিকৰ অধিকাংশই মহিলা ।

ছাত্ৰ-ছাত্ৰীয়ে ১৩টা ভাৰতীয় ভাষাত নামভৰ্তি পৰীক্ষা দিব পাৰিব-

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় যুৱক-যুৱতীসকলৰ সামৰ্থ আৰু প্ৰতিভাক অনুকূলভাৱে ব্যৱহাৰ কৰাটো তেওঁৰ চৰকাৰৰ বাবে অগ্ৰাধিকাৰ  আৰু তেওঁলোক ষ্টাৰ্টআপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, আৰু মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ সংস্কাৰৰ দৰে কেইবাখনো আঁচনিৰ অংশ । লগতে তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে যুৱক-যুৱতীসকলৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, মাতৃভাষাৰ ব্যৱহাৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে । তেওঁৰ চৰকাৰে নিশ্চিত কৰিছে যে যুৱক-যুৱতীসকলে ১৩টা ভাৰতীয় ভাষাত নিযুক্তি পৰীক্ষা দিব পাৰে যাতে ভাষা বাধা হৈ নপৰে ।