দেশ কপাই যোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰাক আৰু ট্ৰেক্টৰৰ মাজৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ১০জন শ্ৰমিকৰ ।উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কচৱা আৰক্ষী থানাৰ অন্তৰ্গত কাটকা হালোৰ ওচৰত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো । জানিব পৰা মতে ট্ৰেক্টৰখনে নিশা ১৩ গৰাকীকৈ শ্ৰমিক কঢ়িয়াই নিছিল । শ্ৰমিকসকল তিৱাৰী গাঁৱৰ পৰা কাম কৰি বাৰাণসীত থকা তেওঁলোকৰ ঘৰলৈ উভতি গৈ আছিল ।যেতিয়া ট্ৰেক্টৰখন মিৰ্জাপুৰৰ কটকা পড়াব পাইছিল সেই সময়তে তীব্ৰবেগত অহা ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে ট্ৰেক্টৰখনত । মাজনিশা প্ৰায় ১ বজাত, মিৰ্জা মুৰাদ কাঞ্চৱা সীমান্তৰ জিটি ৰোডত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ১০ জনকৈ শ্ৰমিক থিতাতে নিহত হয়। আন তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ তথ্য পোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাওঁবাসীৰ সৈতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল।তাৰ পিছতেই আহত সকলৰ লগতে মৃতসকলকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।