ইছৰোৱে কয় যে ইউৰোপীয় মহাকাশ সংস্থাৰ সৈতে তেওঁলোকৰ মানৱবাহী মহাকাশ অভিযান- গগণযানৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ পৰীক্ষা সম্পূৰ্ণ কৰিছে । ইছৰোৱে জাৰি কৰা এক বিবৃতি অনুসৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইউৰোপীয় মহাকাশ সংস্থাৰ গ্ৰাউণ্ড ষ্টেচনৰ সৈতে গগনযানৰ কক্ষপথৰ মডিউল যোগাযোগ ব্যৱস্থাৰ নেটৱৰ্ক অপাৰেচন সফলতাৰে পৰীক্ষা কৰিছে । ইছৰোৱে জনোৱা মতে, এই পৰীক্ষাৰ সময়ত ৰেডিঅ’ ফ্ৰিকুৱেন্সি কম্পেটিবিলিটি টেষ্ট (RFCT)ৰ শৃংখলা কৰা হৈছিল ।
পৰীক্ষা আৰু পৰীক্ষণ কিয় প্ৰয়োজনীয় ক’লে ইছোৰেৱ ?
মিছন গগণযানৰ অধীনত মহাকাশলৈ মানুহ পঠোৱাৰ বাবে এই পৰীক্ষা কিয় ইমান গুৰুত্বপূৰ্ণ ? এই দিশটোৰ সন্দৰ্ভত ইছৰোৱে কয় যে গগণযান অভিযান আৰম্ভ কৰাৰ পূৰ্বে সামগ্ৰিক যোগাযোগৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ লগতে ইছৰোৰ ব্যৱস্থাই বাহিৰৰ স্থল ষ্টেচনৰ সৈতে সঠিকভাৱে কাম কৰি আছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ এই পৰীক্ষাসমূহ প্ৰয়োজনীয় । ইছৰোৱে কয় যে অনব’ৰ্ড টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড (টিটিচি), ডাটা হেণ্ডলিং, বাহ্যিক গ্ৰাউণ্ড ষ্টেচনৰ সৈতে সংহত অডিঅ’-ভিডিঅ’ চিষ্টেম অপাৰেচন আদি দিশসমূহ গগণযান অভিযানৰ বাবে অতি প্ৰয়োজনীয় ।
ভাৰত আৰু ইউৰোপৰ মাজত সহযোগিতাৰ কাৰণ-
ইউৰোপৰ সৈতে সহযোগিতাৰ দিশটোৰ সন্দৰ্ভত ইছৰোৱে জনাইছে যে ইছৰো আৰু ইউৰোপীয় মহাকাশ সংস্থাই গগণযান অভিযানত সহযোগিতাৰ বাবে চুক্তিবদ্ধ হৈছে । শেহতীয়াকৈ ভাৰতে মহাকাশলৈ ইউৰোপৰ প্ৰ’বা-৩ অভিযান আৰম্ভ কৰিছে ।