ইছৰোৱে পুনৰ এবাৰ আশ্চৰ্যকৰ কাম কৰিছে । সংস্থাটোৱে মহাকাশত লুবিয়াৰ গুটি অংকুৰিত কৰিছে । বিজ্ঞানীসকলে শীঘ্ৰেই ইয়াৰ পাত ওলাব বুলি আশা কৰিছে ।
এই সন্দৰ্ভত তথ্য দি ইছৰোৱে শনিবাৰে কয় যে এই অভিযান আৰম্ভ হোৱাৰ চাৰিদিনৰ ভিতৰতে পি এছ এল ভি-চি৬০ পি অ’ ই এম-৪ প্লেটফৰ্মত মহাকাশলৈ প্ৰেৰণ কৰা বীজ মাইক্ৰ’গ্ৰেভিটিৰ অৱস্থাত অংকুৰিত হৈছে ।
বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ দ্বাৰা মাইক্ৰ’গ্ৰেভিটিৰ অৱস্থাত উদ্ভিদৰ বৃদ্ধিৰ অধ্যয়নৰ বাবে চলোৱা কম্পেক্ট ৰিচাৰ্চ মডিউল ফৰ অৰ্বিটেল প্লাণ্ট ষ্টাডিজ (চি আৰ অ’ পি এছ) পৰীক্ষাৰ অংশ হিচাপে মহাকাশ সংস্থাটোৱে আঠটা লুবিয়াৰ বীজ প্ৰেৰণ কৰিছিল ।
শীঘ্ৰেই পাত ওলোৱাৰ আশা-
ইছৰোৱে এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, “মহাকাশত জীৱন অংকুৰিত হৈছে ! পি এছ এল ভি-চি৬০ পি আই এম-৪ৰ ওপৰত ভি এছ এছ চিৰ শস্য পৰীক্ষাই ৪ দিনত লুবিয়াৰ বীজ সফলতাৰে অংকুৰণ কৰিছে । অতি সোনকালে পাত ওলোৱাৰ সম্ভাৱনা আছে ।”
পি এছ এল ভি-চি ৬০ অভিযানে ৩০ ডিচেম্বৰৰ নিশা দুটা স্পেডেক্স উপগ্ৰহ কক্ষপথত স্থাপন কৰিছিল । POEM-4 প্লেটফৰ্ম কঢ়িয়াই অনা ৰকেটৰ চতুৰ্থ পৰ্যায়টোৱে মঙলবাৰৰ পৰা ৩৫০ কিলোমিটাৰ উচ্চতাত পৃথিৱীক প্ৰদক্ষিণ কৰি ২৪টা অনব’ৰ্ড পৰীক্ষা কৰি আছে ।
এই পৰীক্ষাৰ লক্ষ্য হৈছে বিভিন্ন মহাকাশ পৰিস্থিতিত উদ্ভিদ কেনেকৈ বৃদ্ধি পায় সেই কথা বুজি পোৱা, যিটো ভৱিষ্যতৰ দীৰ্ঘকালীন মহাকাশ অভিযানৰ বাবে গুৰুত্বপূৰ্ণ ।
এই পৰীক্ষাটোত সক্ৰিয় তাপ নিয়ন্ত্ৰণৰ সৈতে নিয়ন্ত্ৰিত পৰিৱেশত আঠটা লুবিয়াৰ বীজৰ খেতি কৰা হৈছিল, যাৰ ফলত উদ্ভিদে বৰ্ধিত মহাকাশ ভ্ৰমণৰ সময়ত সন্মুখীন হ’ব পৰা পৰিস্থিতিৰ অনুকৰণ কৰা হৈছিল ।