বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ আৰু ভাৰতীয় পতাকাৰ প্ৰতি প্ৰদৰ্শন কৰা অসন্মানৰ বাবে ভাৰতৰ দুখন চিকিৎসালয়ে বাংলাদেশী নাগৰিকৰ চিকিৎসা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । ত্ৰিপুৰাৰ আগৰতলা আৰু কলকাতাৰ দুখন চিকিৎসালয়ত এই সিদ্ধান্ত লোৱা হৈছে ।
শনিবাৰে আগৰতলাৰ আই এল এছ হাস্পতালে বাংলাদেশী ৰোগীক আৰু চিকিৎসা নকৰাৰ কথা ঘোষণা কৰে । এই চিকিৎসালয়খন বাংলাদেশী ৰোগীৰ বাবে যথেষ্ট জনপ্ৰিয় আছিল কাৰণ ই সুবিধাজনক আৰু সুলভ মূল্যৰ আছিল ।
বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ পিছত সিদ্ধান্ত-
সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি আই এল এছ হাস্পতালৰ মুখ্য পৰিচালন বিষয়া গৌতম হাজৰিকাই কয়, ‘বাংলাদেশৰ জনসাধাৰণক চিকিৎসা সেৱা বন্ধ কৰাৰ দাবীক আমি সম্পূৰ্ণ সমৰ্থন জনাইছো । আজিৰে পৰা চিকিৎসালয়সমূহত থকা আমাৰ চেক পোষ্ট আৰু হেল্প চেণ্টাৰসমূহ বন্ধ কৰা হৈছে ।‘
ইয়াৰ পূৰ্বে শুকুৰবাৰে কলকাতাৰ জে এন ৰে হাস্পতালেও একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই চিকিৎসালয়সমূহে বাংলাদেশত হিন্দুসকলৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা অত্যাচাৰ আৰু ভাৰতীয় পতাকাক অপমান কৰাৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
কলকাতাৰ চিকিৎসালয়তো বন্ধ কৰা হৈছে বাংলাদেশীৰ চিকিৎসা-
আগৰতলা চিকিৎসালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰা এটা দলে বাংলাদেশী নাগৰিকৰ সেৱা বন্ধ কৰাৰ দাবী জনাইছিল । প্ৰতিবাদকাৰীসকলে কয়, ‘ভাৰতীয় পতাকাক অসন্মান কৰা আৰু সংখ্যালঘুৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয় । বাংলাদেশৰ মৌলবাদীয়ে আমাৰ জাতীয় পতাকাৰ প্ৰতি অসন্মান কৰিবলৈ শিক্ষা দি আছে ।‘
জে এন ৰে হাস্পতালৰ বিষয়া সুভ্ৰান্সু ভক্তই কয়, ‘আমি বাংলাদেশী ৰোগীৰ চিকিৎসা বন্ধ কৰাৰ সিদ্ধান্ত লৈছো, বাংলাদেশৰ স্বাধীনতাত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কিন্তু তথাপিও আমি তাৰ পৰাই ভাৰত বিৰোধী আৱেগৰ সন্মুখীন হৈছো ।’