বাংলাদেশৰ হিন্দু পুৰোহিতৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে হিমাচল প্ৰদেশৰ মাণ্ডীৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ কংগনা ৰানাৱটে । হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ সন্দৰ্ভত বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে । কংগনাই কয় যে এই বিষয়সমূহৰ ওপৰত সজাগতা বিয়পোৱাৰ বাবে ছ’চিয়েল মিডিয়াত কোনো আন্দোলন হোৱা নাই, যিটো অতি চিন্তনীয় ।
গুৰুতৰ চিন্তা..
শুকুৰবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কংগনা ৰানাৱটে কয় যে বাংলাদেশৰ সাধু-সন্তৰ অৱস্থা আমাৰ বাবে অতিশয় চিন্তাৰ বিষয় । তাত সংঘটিত হৈ থকা অত্যাচাৰৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কোনো ধৰণৰ বিক্ষোভ বা কোনো উল্লেখযোগ্য আলোচনা হোৱা নাই । এই বিষয়ত সকলোৱে চকু ৰাখিব লাগে বুলিও তেওঁ কয় ।
অশান্তি বিয়পোৱাৰ অভিযোগ-
বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰ নোবেল বিজয়ী মহম্মদ ইউনুছে অশান্তি বিয়পোৱাৰ অভিযোগ উত্থাপন কৰে কংগনাই । তেওঁ কয় যে মহম্মদ ইউনুছ ক্ষমতালৈ অহাৰ পিছৰে পৰা বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । আমি তাত হিন্দু সমাজৰ লগত থিয় দি তেওঁলোকৰ সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে ।
বাংলাদেশত কি হৈ আছে ?
হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে বাংলাদেশত দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হৈছে । তেওঁৰ বিৰুদ্ধে ২৫ অক্টোবৰত চিটাগঙত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত গেৰুৱা পতাকা উত্তোলন কৰাৰ অভিযোগ আছে । অৱশ্যে, ইস্কন বাংলাদেশে এজন উকীলৰ হত্যাৰ ক্ষেত্ৰত কোনো ধৰণৰ জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে ।
একে সময়তে ২৭ নৱেম্বৰত চট্টগ্ৰাম ক’ৰ্ট কমপ্লেক্সত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত পৰিস্থিতি আৰু অধিক উত্তেজিত হৈ পৰিছে । ইস্কনে চিন্ময় কৃষ্ণ দাসৰ সৈতে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে সংহতি প্ৰকাশ কৰাৰ লগতে তেওঁৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছে । বৰ্তমান চিন্ময় কৃষ্ণ দাস বাংলাদেশৰ এখন কাৰাগাৰত বন্দী হৈ আছে, লগতে তেওঁৰ জামিন আবেদন নাকচ কৰিছে চট্টগং আদালতে ।