ইমৰাণ খানৰ দল, পাকিস্তান তেহৰিক-ই-ইনছাফৰ সমৰ্থকসকলে ইছলামবাদলৈ যোৱা সমাৱেশ বন্ধ কৰাৰ সময়তে পাকিস্তানত আৰম্ভ হোৱা সংঘৰ্ষত এতিয়ালৈকে ৬জন নিৰাপত্তা বাহিনীৰ জোৱানৰ মৃত্যু হৈছে । এই হিংসাত ১০০ৰো অধিক জোৱান আহত হোৱা বুলি প্ৰকাশ পাইছে । এই পৰিস্থিতিৰ মাজতে পাকিস্তান চৰকাৰে এতিয়া ইছলামবাদত সেনা মোতায়েন কৰি দুস্কৃতিকাৰীক দেখা মাত্ৰেই গুলীচালনা কৰাৰ নিৰ্দেশ দিছে ।
প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খানে ২৪ নৱেম্বৰত অন্যায়ভাৱে লোকক গ্ৰেপ্তাৰ কৰা আৰু ২৬ সংখ্যক সংশোধনী গৃহীত কৰাৰ বাবে চৰকাৰক গৰিহণা দি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জনাইছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত খানৰ বৃহৎ সংখ্যক সমৰ্থকসকে ইছলামবাগলৈ সমদল বাহিৰ কৰে । কিন্তু পি টি আই সমৰ্থকসকলে ৰাজধানীত প্ৰৱেশ কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ যিকোনো প্ৰচেষ্টাক বিফল কৰাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে বিষয়াসকলে । ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ আৰু উচ্চতম ন্যায়ালয়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী ভৱনৰ সমীপত অৱস্থিত ডি-চ’কত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমৰ্থকসকলে ।
ইয়াৰ পিছতো ইমৰাণ খানক মুক্তিৰ দাবীত নিৰাপত্তা বাহিনীয়ে এই পদযাত্ৰা কটকটীয়া কৰাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । বৃহৎ সংখ্যক অৰ্ধসামৰিক আৰু আৰক্ষী জোৱান আহত হোৱাৰ পিছত এতিয়া ইছলামবাগত সেনাবাহিনীৰ হাতত অৰ্পণ কৰা হৈছে নিৰাপত্তাৰ দায়িত্ব ।
পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যম – ৰেডিঅ’ পাকিস্তানৰ তথ্য অনুসৰি প্ৰতিবাদৰ সময়ত ইছলামবাগৰ শ্ৰীনগৰ ঘাইপথত পাকিস্তান ৰেঞ্জাৰছক খুন্দা মাৰে এখন বাহনে । ইয়াৰ ফলত চাৰিজন জোৱানৰ মৃত্যু হয় । সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা । ইয়াৰ ফলত ৫জন জোৱান আহত হয় । লগতে আহত হৈছে একাংশ আৰক্ষী ।
কেৱল এয়াই নহয়, ঘটনাস্থলীৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বত একাংশ দুষ্কৃতিকাৰীয়ে ৰেঞ্জাৰৰ ওপৰত শিলগুটি নিক্ষেপ কৰে । ইয়াৰ উপৰিও ৰাৱালপিণ্ডিৰ ২৬ নং চুংগীত নিৰাপত্তাৰক্ষীৰ ওপৰত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাত আন দুজন আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে । অৱশ্যে তেওঁলোকৰ মৃত্যু কেনেকৈ, কেতিয়া আৰু ক’ত হৈছিল সেই সম্পৰ্কীয় তথ্য দিয়া হোৱা নাই । পঞ্জাৱ আৰক্ষীয়ে জনোৱা মতে, ইছলামবাদৰ উপকণ্ঠ অঞ্চলত পি টি আইৰ প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত এজন আৰক্ষী জোৱান নিহত হয় । অৱশ্যে দ্বিতীয়জন আৰক্ষী জোৱানৰ মৃত্যুৰ তথ্য এতিয়াও দিয়া হোৱা নাই ।