তোশাখানা গোচৰত পাকিস্তানী আদালতৰ শাস্তি ঘোষণা; পত্নীসহ ইমৰাণ খানক ১৭ বছৰৰ কাৰাদণ্ড
বিপদে লগ নেৰা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। তোশাখানা গোচৰত পত্নীসহ ইমৰাণ খানক ১৭ বছৰৰ কাৰাদণ্ড।
পাকিস্তানৰ জবাবদিহিতা আদালতে কাৰাগাৰত বন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিক শনিবাৰে তোশাখানা দুৰ্নীতিৰ গোচৰত ১৭ বছৰকৈ কাৰাদণ্ড বিহা হৈছিল।
এই গোচৰটো ২০২১ চনত খান আৰু বিবিক ছৌদি চৰকাৰৰ পৰা লাভ কৰা চৰকাৰী উপহাৰত হোৱা জালিয়াতিৰ অভিযোগৰ সৈতে জড়িত।
বিশেষ আদালতৰ ন্যায়াধীশ শ্বাহৰুখ অৰ্জুমণ্ডে ৰাৱালপিণ্ডিৰ উচ্চ নিৰাপত্তাসম্পন্ন আদিয়ালা কাৰাগাৰত এই গোচৰৰ ৰায়দান কৰে।
খান আৰু বুছৰাৰ বিৰুদ্ধে পাকিস্তান দণ্ডবিধিৰ ৪০৯ ধাৰা (অপৰাধমূলক বিশ্বাস ভংগ)ৰ অধীনত ১০ বছৰ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত ৭ বছৰকৈ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। আদালতে দুয়োকে ১ কোটি টকাকৈ জৰিমনাও বিহিছে।
শেহতীয়াকৈ, পাকিস্তান আৰক্ষীয়ে আদিয়ালা জেলৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ভগ্নী আৰু কেইবাজনো সমৰ্থকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত বুধবাৰে গোচৰ ৰুজু কৰা হয়।
লগতে পঢ়ক: জ্বলি আছে বাংলাদেশ; ঢাকা বিশ্ববিদ্যালয় চৌহদত ওছমান হাদীক সমাধিস্থ কৰাৰ প্ৰস্তুতি,হাই এলাৰ্ট জাৰি