নিৰুদ্দেশ হোৱা পিতৃৰ বাবে আৱেগিক পোষ্ট ইমৰাণ খানৰ পুত্ৰৰ
ইমৰাণ খান ক’ত আৰু কেনে আছে? এই প্ৰশ্নই এতিয়া সমগ্ৰ পাকিস্তানক জোকাৰি গৈছে।ইমৰাণ খানৰ স্বাস্থ্য আৰু অৱস্থা সন্দৰ্ভত বহু উৰাবাতৰি ওলাই আছে।
ৰাৱালপিণ্ডি কাৰাগাৰৰ বাহিৰত গোটেই নিশা তেওঁৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।তাৰ মাজতে ইমৰাণৰ পুত্ৰ কাছিম খানে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু তেওঁৰ জেল প্ৰশাসনক আইনগতভাৱে জবাবদিহি কৰিবলৈ প্ৰত্যাহ্বান জনাইছে।
কিন্তু ইয়াৰ মাজতে শ্বাহবাজ শ্বৰীফ চৰকাৰে মাত্ৰ এটা উত্তৰ দিছে-ইমৰাণ খান সম্পূৰ্ণ সুস্থ আছে।তেওঁক আন ক’তো স্থানান্তৰ কৰা হোৱা নাই।
অৱশ্যে সোধা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে যদি সকলো ঠিকেই আছে তেন্তে ইমৰাণ খানৰ পৰিয়াল বা তেওঁৰ দল পিটিআইৰ কোনো নেতাক এবাৰ লগ কৰিবলৈ দিয়া হোৱা নাই কিয়?
২৭ নৱেম্বৰতো তেওঁ কয় যে দলটোৱে তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ আছে।ইয়াৰ বাবেই ইমৰাণ খানক দীৰ্ঘদিন ধৰি পৰিয়াল আৰু অধিবক্তাক লগ পোৱাৰ পৰাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
২০২৩ চনৰ আগষ্ট মাহৰ পৰা কাৰাগাৰত বন্দী হৈ থকা ইমৰানে দুৰ্নীতিৰ অভিযোগত ১৪ বছৰৰ কাৰাদণ্ড ভুগি আছে।
যোৱা কিছুদিন ধৰি তেওঁৰ পৰিয়াল আৰু দলৰ সদস্যই কাৰাগাৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি এখন বৈঠকৰ দাবী উত্থাপন কৰিছে।
বৃহস্পতিবাৰে ইমৰাণক সাক্ষাৎ কৰিবলৈ এটা প্ৰতিনিধি দলো জেললৈ গৈছিল যদিও কৰ্তৃপক্ষই পুনৰ তেওঁলোকক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে।
ইমৰাণ খানৰ পুত্ৰ কাছিম খানে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি লিখিছে,‘মোৰ দেউতা ৮৪৫ দিন ধৰি গ্ৰেপ্তাৰ হৈ আছে’।
‘বিগত ছয় সপ্তাহ ধৰি তেওঁক কোনো স্বচ্ছতা নোহোৱাকৈ মৃত্যু কক্ষত একাকী কাৰাবন্দী কৰি ৰখা হৈছে।প্ৰতিবাৰেই তেওঁৰ ভগ্নীসকলক তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ বঞ্চিত কৰা হৈছে,আদালতৰ স্পষ্ট নিৰ্দেশৰ পিছতো তেওঁলোকক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই’।
‘কোনো ফোন নাই, লগ কৰিবলৈ দিয়া নাই, জীয়াই থকাৰ কোনো প্ৰমাণো নাই। দেউতাৰ লগত মোৰ আৰু ভাইটিৰ কোনো যোগাযোগ নাই।এইটো সম্পূৰ্ণ ব্লেকআউট কোনো সুৰক্ষা প্ৰট’কল নহয়’।
‘তেওঁৰ অৱস্থা লুকুৱাই ৰখাৰ লগতে তেওঁ নিৰাপদ নে নহয় সেই কথা আমাৰ পৰিয়ালে গম পোৱাত বাধা দিয়াৰ এক ইচ্ছাকৃত প্ৰয়াস।’
লগতে পঢ়ক: ‘মই কাগজত লিখি দিবলৈ সাজু…’; ইউৰোপৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত পুটিনৰ ডাঙৰ মন্তব্য









