অৱসানৰ দিশে ইমৰাণ খানক লৈ চলি থকা উৎকণ্ঠাৰ! কাৰাগাৰৰ বাহিৰত সমৰ্থকৰ উত্তাল প্ৰতিবাদ  

অৱসানৰ দিশে ইমৰাণ খানক লৈ চলি থকা উৎকণ্ঠাৰ! কাৰাগাৰৰ বাহিৰত সমৰ্থকৰ উত্তাল প্ৰতিবাদ  

ইমৰাণ খানক লৈ চলি থকা উৎকণ্ঠাৰ অন্ত পৰাৰ দিশে মঙলবাৰে পাকিস্তান চৰকাৰে ইমৰাণ খানৰ ভগ্নীক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ অনুমতি দিয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ চলি থকা ধাৰাবাহিক জল্পনা-কল্পনাৰ মাজতে ৰাৱালপিণ্ডীৰ আদিয়ালা জেলৰ বাহিৰত বৃহৎ সংখ্যক দলীয় সমৰ্থক সমবেত হোৱাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ

ইমৰাণ খানক লৈ চলি থকা উৎকণ্ঠাৰ অন্ত পৰাৰ দিশে

মঙলবাৰে পাকিস্তান চৰকাৰে ইমৰাণ খানৰ ভগ্নীক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ অনুমতি দিয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ চলি থকা ধাৰাবাহিক জল্পনা-কল্পনাৰ মাজতে ৰাৱালপিণ্ডীৰ আদিয়ালা জেলৰ বাহিৰত বৃহৎ সংখ্যক দলীয় সমৰ্থক সমবেত হোৱাৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে, ২০২৩ চনৰ আগষ্ট মাহৰ পৰা কেইবাটাও গোচৰৰ সৈতে জড়িত হৈ কাৰাগাৰত বন্দী হৈ আছে ৭৩ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰৰ তথা ৰাজনীতিবিদ ইমৰাণ খান ।

যোৱা এমাহ ধৰি নেতাগৰাকীক কাকোৱেই সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই । দীৰ্ঘদিন ধৰি পাকিস্তান চৰকাৰে ইমৰাণ খানৰ পৰিয়ালৰ লোকক সাক্ষাতত বাধা দি আহিছিল । পাকিস্তান তেহৰিক-ই-ইনছাফৰ মুৰব্বীগৰাকীক সাক্ষাৎ কৰিবলৈ পৰিয়ালৰ লোকক অবিৰতভাৱে অনুমতি প্ৰদান নকৰাৰ বাবে ছ’চিয়েল মিডিয়াত তেওঁ জীয়াই আছে নে মৃত বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । অৱশ্যে আদিয়ালা জেলৰ বিষয়াসকলে তেওঁৰ স্বাস্থ্য ভাল বুলি সদৰী কৰিছে ।

জানিব পৰা মতে প্ৰায় এমাহৰ অন্তত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভগ্নী ডাঃ উজমা খানক লগ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে । খবৰ অনুসৰি কাৰাগাৰ প্ৰশাসনে ডাঃ উজমাক কাৰাগাৰৰ চৌহদৰ ভিতৰলৈ নিমন্ত্ৰণ জনাইছে, য’ত তেওঁ ইমৰাণক সাক্ষাৎ কৰিব । ইফালে আদিয়ালা জেলৰ বাহিৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বৃহৎ সংখ্যক সমৰ্থক একত্ৰিত হৈছে । আনহাতে ভগ্নীৰ সৈতে হোৱা সাক্ষাতৰ পিছতহে ইমৰাণ খানৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য প্ৰকাশ পাব ।

ইফালে, প্ৰকাশিত এক বিবৃতিত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্যতম ভগ্নী ডাঃ উজমা খানক লগ কৰিবলৈ অনুমতি দিয়া বুলি উল্লেখ কৰে যদিও চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰে নে নকৰে সেয়া হ’ব লক্ষ্যণীয় । ইফালে দলীয় সমৰ্থকৰ প্ৰতিবাদ ৰোধ কৰিবলৈ পঞ্জাৱ চৰকাৰে আদিয়ালা পথত ৰাৱালপিণ্ডি আৰক্ষী বাহিনী মোতায়েন কৰিছে । ইতিমধ্যে ৰাৱালপিণ্ডি আৰু ইছলামবাদত ১৪৪ ধাৰা জাৰি কৰিছে চৰকাৰে ।

লগতে পঢ়ক : ‘মোৰ দেউতা জীয়াই আছে নে নাই সেইটো কওক’; নিৰুদ্দেশ হোৱা পিতৃৰ বাবে আৱেগিক পোষ্ট ইমৰাণ খানৰ পুত্ৰৰ

শেহতীয়া প্ৰৱন্ধসমূহ