উপ-নিৰ্বাচনত অসমৰ পাঁচটা বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে চমৎকাৰ বিজয় সাব্যস্ত কৰিছে । শনিবাৰে সম্পূৰ্ণ হোৱা ভোটগণনাত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বিপুল ব্যৱধানত জয়লাভ কৰে । ইফালে চামগুৰিত কংগ্ৰেছৰ দুৰ্গত মোক্ষম আঘাত হানি ঐতিহাসিক বিজয় সব্যস্ত কৰে বিজেপি দলে । ইফালে উপ-নিৰ্বাচনত অসমৰ পাঁচোটা বিধানসভা সমষ্টিতে দৰ্শনীয় বিজয়ৰ বাবে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই । তেওঁ ইয়াক সুশাসন আৰু উন্নয়নৰ প্রতি জনসাধাৰণৰ সমর্থনৰ প্রমাণ বুলি অভিহিত কৰে ৷
সুশাসন আৰু উন্নয়নৰ বিজয়ঃ মুখ্যমন্ত্ৰী
উপ-নিৰ্বাচনত অসমৰ পাঁচোটা বিধানসভা সমষ্টিতে দৰ্শনীয় বিজয়ৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে । সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ইয়াক সুশাসন আৰু উন্নয়নৰ প্রতি জনসাধাৰণৰ সমর্থনৰ প্রমাণ বুলি অভিহিত কৰে ৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে নিজৰ কাম অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।
তেওঁ কয়, আমি অসমবাসীৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো । বৰ্তমানৰ উপ-নিৰ্বাচনত পাঁচোখন আসনতে জয়লাভ কৰাটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন আৰু উন্নয়নৰ দৃষ্টিভংগীৰ প্ৰতি অসমৰ ৰাইজৰ অদম্য সমৰ্থন প্ৰকাশ পাইছে ।
তেওঁ লগতে কয়, “২৫ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা, ৬৫% সংখ্যালঘু জনসংখ্যাৰ সমষ্টি চামগুৰিত এতিয়া বিজেপিয়ে জয়লাভ কৰিছে । এই ঐতিহাসিক বিজয়ে আমাৰ কল্যাণমূলক কাৰ্যসূচীৰ ওপৰত জনসাধাৰণৰ বিশ্বাস আৰু বিৰোধীৰ বিভাজনমূলক ৰাজনীতিক তেওঁলোকৰ দৃঢ় প্ৰত্যাখ্যানক পুনৰ নিশ্চিত কৰে ।“