ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোয়ানা জাৰী কৰাৰ পাছতে খঙত পাটি পৰিছে প্ৰধানমন্ত্ৰীগৰাকী।
বৃহস্পতিবাৰে বেঞ্জামিন নেতান্যাহুৱে কৈছিল যে “গাজা যুদ্ধৰ সময়ত তেওঁৰ আচৰণক লৈ আন্তৰ্জাতিক অপৰাধ আদালতে তেওঁৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰ পৰোয়ানাই দেশখনক নিজকে ৰক্ষা কৰাত বাধা নিদিব”।
এক ভিডিঅ’ বিবৃতিত তেওঁ কৈছিল যে “ইজৰাইল বিৰোধী কোনো অপমানজনক সিদ্ধান্তই আমাক বাধা দিব নোৱাৰিব, আৰু এইটোৱে মোৰ দেশক সকলো ধৰণে সুৰক্ষা দিয়াত বাধা দিব”।
নেতান্যাহু আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টৰ বিৰুদ্ধে গাজাত তেওঁলোকৰ কাৰ্যকলাপৰ বাবে “যুদ্ধ অপৰাধ” আৰু “মানৱতাৰ বিৰুদ্ধে অপৰাধ”ৰ অভিযোগ উত্থাপিত হৈছে।
নেতান্যাহুৱে আদালতৰ ফলাফল অস্বীকাৰ কৰি ইজৰাইলৰ বিৰুদ্ধে আৰোপসমূহক “কাল্পনিক অপৰাধ” বুলি অভিহিত কৰে আৰু যুক্তি দিয়ে যে ইজৰাইল আৰু বিশ্বৰ অন্যান্য দেশৰ বিৰুদ্ধে সংঘটিত প্ৰকৃত যুদ্ধ অপৰাধক উপেক্ষা কৰা হৈছে।
নেতান্যাহু আৰু গেলেণ্টৰ উপৰিও আদালতে হামাছৰ সামৰিক শাখাৰ মুৰব্বী মহম্মদ দেইফৰ বাবেও গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰে।
ইজৰাইলে আগতে কৈছিল যে যোৱা জুলাইত হোৱা এয়াৰষ্ট্ৰাইকত দেইফ নিহত হৈছিল, কিন্তু হামাছে কেতিয়াও তেওঁৰ মৃত্যু নিশ্চিত কৰা নাই।