বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা। কন্যাক বিদ্যালয়লৈ থ’বলৈ যাওঁতেই পথ দুৰ্ঘটনাৰ মৃত্যু হ’ল পিতৃ-কন্যাৰ।
পুৱাই শিক্ষক পিতৃ নাছিৰ আহমেদ আৰু কন্যা স্বাহানছ আহমেদ ওলাই আহিছিল বাইকখনেৰে।কিন্তু ট্ৰেইলাৰ,বাছ আৰু বাইকৰ মাজত সংঘৰ্ষত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। দ্ৰুতবেগত আন এখন বাহনক অভাৰটেক কৰিবলৈ যাওতেই সংঘটিত হ’ল দুৰ্ঘটনাটো ।
তাৰ পিছতেই উত্তেজিত ৰাইজে আল্ট্ৰা বাছখন জ্বলাই দিয়াৰ লগতে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ। বহলপুৰৰ SFS বিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰী গৰাকী।