নিকৃষ্ট কাণ্ড; শিৱ মন্দিৰৰ চৌহদত পেলাই থৈ গ’ল গো মাংস
এক নিকৃষ্ট কাণ্ডই জোকাৰি গৈছে বঙাইগাওঁ জিলা। শিৱ মন্দিৰৰ চৌহদত পেলাই থৈ গ’ল গো মাংস
বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অধীনস্থ কোকিলা আৰক্ষী নীৰিক্ষণ চকীৰ অন্তৰ্গত কোকিলাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
কোকিলা শিৱ মন্দিৰ আৰু তাৰ ওচৰে পাজৰে প্ৰায় ২০ ঘৰ হিন্দু লোকৰ পদুলি আৰু চৌহদত পেলাই থৈ গ’ল গো মাংস।
স্থানীয় একাংশ লোকে অভিযোগ কৰে যে যোৱা কিছুদিনৰ পৰা কোকিলাত এক ধৰ্মসভা অনুষ্ঠিত হৈছিল আৰু হয়তো এই ধৰ্মসভালৈ অহা কোনো দুষ্টচক্ৰই পৰিৱেশ বিনষ্ট কৰাৰ বাবে এনে কাম কৰিছে।
ইতিমধ্যেই বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: ‘অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে’; মুখ্যমন্ত্ৰী
