ঝাৰখণ্ডত গৰম হৈ পৰিছে বিধানসভা নিৰ্বাচন প্ৰচাৰ। ঝাৰখণ্ডত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে সকলো দলেই প্ৰচাৰ চলাইছে।
কিন্তু তাৰ মাজতে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঝাৰখণ্ডৰ নিৰ্বাচন আয়োগে বিজেপিক সামাজিক মাধ্যমত দিয়া এটা পোষ্ট ডিলিট কৰিবলৈ কৈছে।
কিয়নো ই আদৰ্শ আচৰণ বিধিৰ উলংঘন কৰিছে।বিজেপিয়ে সামাজিক মাধ্যমত দিয়া পোষ্টটোৰ বাবে আয়োগে দলটোৰ পৰা কাৰণ দৰ্শোৱাৰ বাবে জাননী বিচাৰিছে।
নিৰ্বাচন আয়োগে এই পদক্ষেপটো তেতিয়া গ্ৰহণ কৰিছিল যেতিয়া ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ইয়াৰ সহযোগী কংগ্ৰেছে এই পোষ্টটোৰ বিৰুদ্ধে অভিযোগ কৰিছিল। বিজেপিয়ে সেই পোষ্টটোত লিখিছিল যে “সমগ্ৰ ঝাৰখণ্ডৰ আকৃতি সলনি কৰিব”।
এই বিষয়ত নিৰ্বাচন আয়োগে কৈছে যে ফেচবুকত লিখা এই পোষ্ট আৰু ভিডিঅ’টো সাম্প্ৰদায়িক, বিদ্বেষপূৰ্ণ আৰু বিভ্ৰান্তিকৰ। নিৰ্বাচন আয়োগৰ এজন বিষয়াই কৈছিল যে”অভিযোগ অনুসৰি, দেখা গৈছে যে সামাজিক মাদ্যমত দিয়া এই পোষ্টটো প্ৰাথমিকভাৱে আদৰ্শ আচৰণ বিধিৰ উলংঘন”।
“সেয়েহে, আইন আৰু প্ৰক্ৰিয়া অনুসৰি তাৎক্ষণিক পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে।তাৰ পিছত, তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯(৩)(বি)ৰ অধীনত, ঝাৰখণ্ড ৰাজ্যৰ মনোনীত কৰ্তৃপক্ষক সংশ্লিষ্ট ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰেৰণ কৰা পোষ্টটো তৎক্ষণাৎ আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে।”