ৰাজস্থান কেডাৰৰ আইপিএছ বিষয়া কিষাণ সহায় মীনাক নিলম্বিত কৰা হৈছে।ভাৰতৰ নিৰ্বাচন আয়োগে তেওঁক ঝাৰখণ্ড নিৰ্বাচনত কৰ্তব্যত ৰাখিছিল,কিন্তু অসুস্থতাৰ বাবে তেওঁ বিচাৰিছিল ছুটী।
পিছে ছুটীৰ অনুমোদন নোপোৱা স্বত্বেও কৰ্তব্য নকৰি ঘৰলৈ যায়। তাৰ পিছতেই নিৰ্বাচন আয়োগৰ পৰামৰ্শ মৰ্মে নিলম্বিত কৰা হয় আইপিএছ বিষয়া কিষাণ সহায় মীনাক ।

আইপিএছ কিষাণ সহায় মীনা জয়পুৰ আৰক্ষী মুখ্য কাৰ্যালয়ত কৰ্মৰত আছিল। ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত এটা পোষ্ট দি বিতৰ্কৰ মাজটো সোমাইছিল ।
Post Views: 33