অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ
অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনাৰ সফলতাৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে বায়ুসেনাৰ মুৰব্বী অমৰ প্ৰীত সিঙে । তেওঁ কয় যে অপাৰেচন সেন্দুৰৰ সময়ত আমাৰ সেনাই ৬খন পাকিস্তানী বিমান ধ্বংস কৰিছিল । ধ্বংস কৰা বিমানসমূহৰ ভিতৰত আছিল পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন চোৰাংচোৱা বিমান AWACS । বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে আমি এই অভিযানৰ জৰিয়তে পাকিস্তানক স্পষ্ট বাৰ্তা দিছো ।
উল্লেখ্য যে অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানক কৰা ক্ষতিসাধন সন্দৰ্ভত ভাৰতীয় বায়ুসেনাৰ এয়া প্ৰথম আনুষ্ঠানিক বক্তব্য ।
বেংগালুৰুত এক অনুষ্ঠানত ভাষণ দি এয়াৰ চিফ মাৰ্শ্বাল এ পি সিঙে এই আক্ৰমণৰ সফলতাৰ আঁৰত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম বুলি কয় । তেওঁ কয়, “এইবোৰ হৈছে আমি কৰা ক্ষয়-ক্ষতিৰ আগৰ আৰু পিছৰ ছবি (বাহাৱালপুৰ – জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ত)। ইয়াত প্ৰায় কোনো অৱশিষ্ট বাকী নাই । আনহাতে চাৰিওফালৰ অট্টালিকাবোৰ প্ৰায় সম্পূৰ্ণ নিৰাপদ । আমাৰ হাতত কেৱল উপগ্ৰহৰ ছবিয়েই নহয়, স্থানীয় সংবাদ মাধ্যমৰ পৰা পোৱা ছবিও আছিল যাৰ জৰিয়তে আমি ভিতৰৰ ছবিবোৰ চাব পাৰিছিলো । আমি ধ্বংস কৰা “বিগ বাৰ্ড” সম্ভৱতঃ এটা AWACS (Airborne Warning and Control System) আছিল । ইলেক্ট্ৰনিক চোৰাংচোৱা প্লেটফৰ্ম, যাৰ ধ্বংসই পাকিস্তানৰ বায়ু শক্তিত এক বৃহৎ আঘাত হানিছে ।”
৭ মে’ৰ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদী শিবিৰত সংঘটিত আক্ৰমণৰ আগৰ আৰু পিছৰ উপগ্ৰহৰ ছবিও শ্বেয়াৰ কৰে এয়াৰ চীফ মাৰ্শ্বাল সিঙে ।
বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে ৭ মে’ত আক্ৰমণ কৰা ৯টা লক্ষ্যৰ ভিতৰত এটা লক্ষ্য হৈছে তেওঁলোকৰ জ্যেষ্ঠ নেতৃত্বৰ আৱাসিক অঞ্চল মুৰিডকেত থকা লস্কৰ-তৈবাৰ মুখ্য কাৰ্যালয় । এইবোৰ আছিল তেওঁলোকৰ কাৰ্যালয় ভৱন য’ত তেওঁলোকে সভা পাতিবলৈ গোট খাইছিল । সেই ঠাইখন সীমান্তৰ ভিতৰত থকাৰ বাবেহে আমি ভিডিঅ’ ল’ব পাৰিলোঁ ।
লগতে পঢ়ক : ‘এইয়াই বিহাৰৰ ভাগ্যোদয়ৰ আৰম্ভণি…’; বিহাৰত অমিত শ্বাহৰ ডাঙৰ মন্তব্য