কিমান শক্তিশালী ভাৰতীয় বায়ুসেনা ? জানক ভাৰতৰ কেইখনমান শক্তিশালী যুদ্ধ বিমানৰ বিষয়ে
কিমান শক্তিশালী ভাৰতীয় বায়ুসেনা
আজি ভাৰতীয় বায়ুসনা দিৱস । প্ৰতি বছৰে ৮ অক্টোবৰৰ দিনটোত উদযাপন কৰা হয় এই দিৱস । এই বছৰ উদযাপন কৰা হৈছে ৯৩ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস । ভাৰতৰ আকাশী সীমাৰ অতন্দ্ৰ প্ৰহৰী বায়ুসেনাৰ আছে এক গৌৰৱোজ্জ্বল ইতিহাস ।
বিজয়, মেঘদূত, ছফেদ সাগৰ- এই নামবোৰে ভাৰতীয় বায়ুসেনাৰ শক্তিক ইতিহাসত খোদিত কৰিছে । বায়ুসেনাৰ এই মিছনবোৰে ইতিহাসৰ সৃষ্টি কৰিছিল । এই অভিযানসমূহত ব্যৱহৃত বিমানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, ভাৰতীয় বায়ুসেনাক আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰসমূহৰ ভিতৰত প্ৰতিষ্ঠা কৰিছিল ।
গ্ল’বেল ফায়াৰপাৱাৰ ইনডেক্স ২০২৫ৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় বায়ুসেনাই তুৰ্কী, জাপান, ফ্ৰান্স, দক্ষিণ কোৰিয়া আৰু পাকিস্তানক অতিক্ৰম কৰি বিশ্বজুৰি চতুৰ্থ স্থানত আছে । ভাৰতীয় বায়ুসেনা দিৱসত ভাৰতীয় বায়ুসেনা কিমান শক্তিশালী সেই বিষয়ে জানক ।
বায়ুসেনাৰ প্ৰধান শক্তি-
ছুখয় ছু-৩০এম কে আই :
ভাৰতত এই প্ৰায় ২৭৫ খন এই শ্ৰেণীৰ বিমান আছে । ২০০২ চনত ৰাছিয়াই প্ৰথমখন ছুখয় ছু-৩০এম কে আই ডেলিভাৰী দিছিল । এতিয়া হিন্দুস্তান এৰোনটিক্স তিমিটেডৰ দ্বাৰা নিৰ্মিত এই টুইন চিটাৰ যুঁজাৰু বিমানখনৰ গতিবেগ প্ৰতি ঘণ্টাত ২,১১০ কিলোমিটাৰ । ৰেঞ্জ ৰিফিউলিঙৰ সৈতে ই ৩৮ হাজাৰ কিলোগ্ৰাম পেলোডৰ সৈতে উৰা মাৰিব পাৰে । লগতে ই ব্ৰাক্ষ্মছকে ধৰি আন কেইবাবিধো মাৰাত্মাক তথা বিধ্বংসী অস্ত্ৰ কঢ়িয়াই নিবলৈ সক্ষম । এই বিমানক ভাৰতীয় বায়ুসেনাৰ মেৰুদণ্ড আক্যা দিয়া হয় ।
ৰাফেল :
ভাৰতত ৩০ খনতকৈও অধিক ৰাফেল আছে । ফ্ৰান্সৰ পৰা আমদানি কৰা এই যুদ্ধ বিমানখনে প্ৰতি মিনিটত ২৫০০ গুলী চলাব পাৰে । ইয়াৰ ৰাডাৰক শক্তিশালী বুলি গণ্য কৰা হয় । ই ১০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত একেলগে ৪০টা লক্ষ্য চিনাক্ত কৰিব পাৰে । ই ২৫,৫০০ কিলোগ্ৰাম পৰ্যন্ত পেলোড কঢ়িয়াব পাৰে ।
তেজছ :
তেজছ হৈছে হিন্দুস্তান এৰনটিক্স লিমিটেড আৰু ডি আৰ ডি অ’ৰ দ্বাৰা যৌথভাৱে নিৰ্মিত এখন থলুৱা যুদ্ধ বিমান । ইয়াৰ লগে লগে ভাৰতে নিজাকৈ যুদ্ধ বিমান নিৰ্মাণ কৰিব পৰা দেশৰ শাৰীত যোগ দিছে । তেজছ মাৰ্ক ১এ হৈছে থলুৱাভাৱে নিৰ্মিত লঘু যুদ্ধ বিমানৰ উন্নত সংস্কৰণ । ইয়াৰ ৮০০ টন ভাৰতীয় অস্ত্ৰ কঢ়িয়াব পৰা ক্ষমতা আছে আৰু একেলগে একাধিক লক্ষ্যত আঘাত কৰিব পাৰে । আনহাতে শীঘ্ৰেই তেজছ মাৰ্ক ২ বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা চলি আছে ।
মিৰাজ ২০০০ :
১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ নায়ক হিচাপেও পৰিচিত ফ্ৰান্স অৰিজিন মাল্টিৰোল এই যুদ্ধ বিমানখন নিশাও শত্ৰুক ধ্বংস কৰাত পাকৈত । ইয়াৰ লেজাৰ নিৰ্দেশিত বোমা ব্যৱস্থা অত্যন্ত শক্তিশালী । এই বিমানখনে কাৰ্গিল যুদ্ধৰ সময়ত টাইগাৰ হিলত শত্ৰুৰ বাংকাৰত আক্ৰমণ কৰিছিল । সেই সময়ছোৱাত নিশাৰ অভিযানবোৰ প্ৰত্যাহ্বানজনক আছিল ।
মিগ-২৯ ইউ পি জি :
ভাৰতীয় বায়ুসেনাই এই মিগ-২৯ ইউ পি জি উন্নীতকৰণৰ বাবে সাজু হৈছে, যাৰ ফলত ইয়াৰ আকাশৰ পৰা মাটিলৈ আক্ৰমণৰ ক্ষমতা বৃদ্ধি পাব । এয়াৰ টু এয়াৰ ষ্ট্ৰাইক ক্ষমতাৰ বাবে পৰিচিত এই বিমানক বায়ুসেনাই এতিয়া হাই স্পীড লো ড্ৰেগ (HSLD-Mk II) প্ৰিচিচন গাইডেড বোমাৰে সজ্জিত কৰি নিজৰ সামৰ্থ্য বৃদ্ধিৰ বাবে সাজু হৈছে ।
তদুপৰি ভাৰতে বৰ্তমান পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমানৰ ওপৰতো দ্ৰুততাৰে কাম কৰি আছে । এডভান্স মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট নামৰ এই প্ৰকল্প শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে । ইয়াৰ অন্তৰ্ভূক্তকৰণে ভাৰতীয় বায়ুসেনাক অপাৰেজয় কৰি তোলাৰ লগতে আমেৰিকা, ৰাছিয়া আৰু চীনৰ বিশেষ ক্লাবত যোগদান কৰিব ভাৰতে ।
লগতে পঢ়ক : আজি ভাৰতীয় বায়ুসেনা দিৱস; জানক এই দিৱসৰ গুৰুত্ব আৰু গৌৰৱোজ্জ্বল ইতিহাস