বায়ুসেনাৰ পৰা মিগ ২১ৰ আনুষ্ঠানিক অৱসৰ…

৬২ বছৰৰ সেৱাৰ অন্তত বায়ুসেনাৰ পৰা মিগ ২১ৰ আনুষ্ঠানিক অৱসৰ…

৬২ বছৰৰ সেৱাৰ অন্তত বায়ুসেনাৰ পৰা মিগ ২১ৰ আনুষ্ঠানিক অৱসৰ ভাৰতৰ প্ৰথমখন ছুপাৰছনিক বিমান মিগ ২১ এ শুকুৰবাৰে বায়ুসেনাৰ পৰা অৱসৰ লয় । ২৬ ছেপ্টেম্বৰত চণ্ডীগড় বায়ুসেনা ষ্টেচনত অনুষ্ঠিত হোৱা এক আৱেগিক বিদায় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, বায়ু প্ৰধান

৬২ বছৰৰ সেৱাৰ অন্তত বায়ুসেনাৰ পৰা মিগ ২১ৰ আনুষ্ঠানিক অৱসৰ

ভাৰতৰ প্ৰথমখন ছুপাৰছনিক বিমান মিগ ২১ এ শুকুৰবাৰে বায়ুসেনাৰ পৰা অৱসৰ লয় । ২৬ ছেপ্টেম্বৰত চণ্ডীগড় বায়ুসেনা ষ্টেচনত অনুষ্ঠিত হোৱা এক আৱেগিক বিদায় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিং, সেনা আৰু নৌসেনাৰ মুৰব্বী, ছজন প্ৰাক্তন বায়ুসেনাৰ মুৰব্বী, প্ৰবীণ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালে অংশগ্ৰহণ কৰে । এই অনুষ্ঠান মিগ ২১ৰ বীৰত্বক চেলুট দিয়াৰ এক আৱেগিক মুহূৰ্ত আছিল ।

ৰাজনাথ সিঙে কয় যে মিগ-২১ ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ সন্ধানত জীয়াই থাকিব । এই বিমানে সাহস, অনুশাসন আৰু দেশপ্ৰেমৰ অবিৰত মনোভাৱৰ প্ৰতীক, যিয়ে এল চি এ-তেজাছ আৰু আগন্তুক এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্টৰ দৰে থলুৱা বিমান বিকাশৰ বাবে অনুপ্ৰাণিত কৰিব ।

৬২ বছৰ দেশক সেৱা আগবঢ়োৱা এই বিমানখন অপাৰেচন সিন্দুৰৰ সময়তো সম্পূৰ্ণ সতৰ্ক অৱস্থাত আছিল । আক্ৰমণৰ লগতে মিগ ২১ এ গোপন অভিযানটো বিশেষ ভূমিকা পালন কৰিছিল । হাজাৰ হাজাৰ ফুট উচ্চতাৰ পৰা লক্ষ্যস্থানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি তীব্ৰ বেগত অন্তৰ্ধান হোৱা এই যুদ্ধ বিমানখনে বহু গোপন অভিযান সফলতাৰে সম্পন্ন কৰিছে । ইয়াৰ ভিতৰত মিগ ২১ এ পাকিস্তানৰ স্কাৰডু উপত্যকাৰ পৰা কাৰ্গিল আৰু অপাৰেচন ব্লু ষ্টাৰলৈকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

মিগ ২১ ভাৰতৰ প্ৰথম ছুপাৰছনিক যুদ্ধ বিমান আছিল । ১৯৬৩ চনত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল এই বিমানক । ১৯৬০ আৰু ৭০ৰ দশকত এই বিমানখনে প্ৰযুক্তিগত উন্নতি লাভ কৰে । মিগ-২১ সকলো বতৰত কাম কৰিব পৰা আৰু বায়ুৰ পৰা মাটিলৈ আক্ৰমণ কৰিব পৰা বিভিন্ন ধৰণৰ অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম । উল্লেখ্য যে, মিগ-২১ এখন ৰাছিয়ান যুদ্ধ বিমান । ভাৰতে ৰাছিয়াৰ পৰা প্ৰায় দুশ কোটি টকা মূল্যত ক্ৰয় কৰিছিল । ভাৰতে ৮৭৪খন মিগ-২১ লাভ কৰিছিল, ইয়াৰে ৬০০খন ভাৰতত নিৰ্মিত হৈছিল ।

উল্লেখ্য যে, ১৯৬৩ চনত বায়ুসেনাত যোগদান কৰাৰ পিছত মিগ-২১ বিমানে ভাৰতৰ সামৰিক শক্তি সলনি কৰি দিয়ে । ১৯৬৫ চনৰ যুদ্ধত ই পাকিস্তানৰ বহু ঠাই ধ্বংস কৰিছিল । ১৯৭১ চনৰ যুদ্ধত ই ঢাকা গৱৰ্ণৰ হাউছত বোমা বৰ্ষণ কৰিছিল । ১৯৬৫ চনৰ যুদ্ধৰ পৰা অপাৰেচন সিন্দুৰলৈকে এই বিমানখন সদায় ৰাষ্ট্ৰ বাবে এক শক্তি হৈ আহিছে । ২০১৯ চনৰ বালাকোট আক্ৰমণৰ পিছত উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানে মিগ-২১ৰ সহায়তে পাকিস্তানী এফ-১৬ বিমান ধ্বংস কৰিছিল ।

কোনে ল’ব মিগ-২১ৰ ঠাই ?

প্ৰতিৰক্ষা মন্ত্ৰালয়ে হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ সৈতে ৬২,৩৭০ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰি ৯৭খন তেজছ এম কে-১এ যুঁজাৰু বিমান ক্ৰয় কৰিছে । এই বিমানসমূহ ২০২৭-২৮ চনৰ পৰা বায়ুসেনাই লাভ কৰিবলৈ আৰম্ভ কৰিব । পুৰণি মিগ-২১ বিমানৰ ঠাই ল’ব তেজছ এম কে-১এ ।

লগতে পঢ়ক : মহাকাশতো বিফল হ’ব চীন-পাকিস্তানৰ কৌশল; ISRO এ নিয়োগ কৰিব মহাকাশৰ S400

শেহতীয়া প্ৰৱন্ধসমূহ