NEET UG 2026: কাউন্সেলিংৰ অপেক্ষাৰ অন্ত! এই সপ্তাহতেই আহিব পাৰে ডাঙৰ আপডেট
NEET UG 2026-ত উত্তীৰ্ণ হৈছে, কিন্তু এতিয়াও কাউন্সিলিংৰ তাৰিখ নাই! এই মুহূৰ্তত দেশজুৰি লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ একেটাই প্ৰশ্ন- MCC-য়ে কেতিয়া প্ৰকাশ কৰিব অফিচিয়েল সূচী? এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা নহ’লেও সুখবৰ এয়ে যে আগষ্টৰ আৰম্ভণিতে কাউন্সিলিংৰ সম্পূৰ্ণ কাৰ্যসূচী প্ৰকাশ পাব পাৰে ।
মেডিকেল কাউন্সিলিং কমিটি (MCC)-ৰ জৰিয়তেই দেশৰ চৰকাৰী, ব্যক্তিগত, ডিমড্ মেডিকেল কলেজ আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহত MBBS, BDSকে ধৰি বিভিন্ন মেডিকেল পাঠ্যক্ৰমত নামভৰ্তি সম্পন্ন কৰা হ’ব ।
আগষ্টতেই আৰম্ভ হ’ব পাৰে Round-1
সম্ভাব্য সূচী অনুসৰি, আগষ্টৰ প্ৰথম সপ্তাহত Round-1-ৰ পঞ্জীয়ন আৰু Choice Filling আৰম্ভ হ’ব পাৰে । ইয়াৰ পিছত আগষ্টৰ মধ্যভাগত আসন আবণ্টনৰ ফলাফল প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে । যিসকল শিক্ষাৰ্থীয়ে আসন লাভ কৰিব, তেওঁলোকে মধ্যভাগৰ পৰা অন্তিম সপ্তাহৰ ভিতৰত সংশ্লিষ্ট কলেজত ৰিপৰ্ট কৰিব লাগিব ।
ইয়াৰ পিছত আগষ্টৰ অন্তিম সপ্তাহৰ পৰা ছেপ্টেম্বৰৰ মধ্যভাগলৈ Round-2 অনুষ্ঠিত হ’ব পাৰে । তাৰ পিছত Mop-up Round ছেপ্টেম্বৰৰ মধ্যভাগৰ পৰা অন্তিম সপ্তাহৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । খালী আসনৰ বাবে Stray Vacancy Round অক্টোবৰ মাহত অনুষ্ঠিত হ’ব পাৰে ।
এইবাৰ MBBS আসন পূৰ্বতকৈ বেছি
এইবাৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এটা ডাঙৰ সুখবৰ আছে । NMC-য়ে ৯,৯১১খন নতুন MBBS আসন মঞ্জুৰ কৰাৰ ফলত দেশজুৰি মুঠ MBBS আসনৰ সংখ্যা বৃদ্ধি পাই ১,৩৬,৯৩৯খন হৈছে ।
এই আসনসমূহ ৮২৩খন মেডিকেল কলেজত উপলব্ধ হ’ব । ইয়াৰে ৬৩,২৯৬খন চৰকাৰী মেডিকেল কলেজত আৰু ৭৩,৬৪৩খন ব্যক্তিগত তথা ডিমড্ মেডিকেল কলেজত আছে । লগতে এইবাৰ ২৫খন নতুন মেডিকেল কলেজ নামভৰ্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হৈছে ।
কোনখন ৰাজ্যত সৰ্বাধিক MBBS আসন?
MBBS আসনৰ ক্ষেত্ৰত কৰ্ণাটক দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে । ৰাজ্যখনত মুঠ ১৫,৯৯৫খন MBBS আসন উপলব্ধ । ব্যক্তিগত মেডিকেল কলেজৰ আসনৰ সংখ্যাতো ১০,৯৯৫খন আসনেৰে কৰ্ণাটকেই আগস্থানত আছে ।
আনহাতে, চৰকাৰী মেডিকেল কলেজৰ আসনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ প্ৰথম স্থানত আছে, য’ত ৬,০০০খন চৰকাৰী MBBS আসন উপলব্ধ ।
NEET UG 2026-ত কিমানজন উত্তীৰ্ণ?
এইবাৰ NEET UG 2026-ৰ বাবে ২২,৭৯,১৫৫জন প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল । পুনৰ পৰীক্ষাত প্ৰায় ১৯.৯৯ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ১১,২১,১৭০জন প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে ।
এইবাৰ ৰাষ্ট্ৰীয় সফলতাৰ হাৰ আছিল ৫৬.০৮ শতাংশ । পৰীক্ষাত সৰ্বোচ্চ ৭১৫ নম্বৰ লাভ কৰি যুটীয়াভাৱে শীৰ্ষস্থান দখল কৰিছে পঞ্জাবৰ আৰ্য়ান গুপ্তা আৰু হাৰিয়ানাৰ পাংশুল বান্ছাল ।
লগতে পঢ়ক : বেংকিং খণ্ডত চাকৰিৰ ডাঙৰ সুযোগ: আবেদনৰ অন্তিম দিন ৯ আগষ্ট









