অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ বায়ুসেনাৰ মুৰব্বী

অপাৰেচন সেন্দুৰৰ সময়ত আমি ৫খন পাকিস্তানী যুঁজাৰু বিমান ধ্বংস কৰিছিলোঃ

অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনাৰ সফলতাৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে বায়ুসেনাৰ মুৰব্বী অমৰ প্ৰীত সিঙে । তেওঁ কয় যে অপাৰেচন সেন্দুৰৰ সময়ত আমাৰ সেনাই ৬খন পাকিস্তানী বিমান ধ্বংস কৰিছিল । ধ্বংস কৰা বিমানসমূহৰ ভিতৰত আছিল পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন চোৰাংচোৱা বিমান AWACS । বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে আমি এই অভিযানৰ জৰিয়তে পাকিস্তানক স্পষ্ট বাৰ্তা দিছো ।

উল্লেখ্য যে অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানক কৰা ক্ষতিসাধন সন্দৰ্ভত ভাৰতীয় বায়ুসেনাৰ এয়া প্ৰথম আনুষ্ঠানিক বক্তব্য ।

বেংগালুৰুত এক অনুষ্ঠানত ভাষণ দি এয়াৰ চিফ মাৰ্শ্বাল এ পি সিঙে এই আক্ৰমণৰ সফলতাৰ আঁৰত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম বুলি কয় । তেওঁ কয়, “এইবোৰ হৈছে আমি কৰা ক্ষয়-ক্ষতিৰ আগৰ আৰু পিছৰ ছবি (বাহাৱালপুৰ – জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়ত)। ইয়াত প্ৰায় কোনো অৱশিষ্ট বাকী নাই । আনহাতে চাৰিওফালৰ অট্টালিকাবোৰ প্ৰায় সম্পূৰ্ণ নিৰাপদ । আমাৰ হাতত কেৱল উপগ্ৰহৰ ছবিয়েই নহয়, স্থানীয় সংবাদ মাধ্যমৰ পৰা পোৱা ছবিও আছিল যাৰ জৰিয়তে আমি ভিতৰৰ ছবিবোৰ চাব পাৰিছিলো । আমি ধ্বংস কৰা “বিগ বাৰ্ড” সম্ভৱতঃ এটা AWACS (Airborne Warning and Control System) আছিল । ইলেক্ট্ৰনিক চোৰাংচোৱা প্লেটফৰ্ম, যাৰ ধ্বংসই পাকিস্তানৰ বায়ু শক্তিত এক বৃহৎ আঘাত হানিছে ।”

৭ মে’ৰ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদী শিবিৰত সংঘটিত আক্ৰমণৰ আগৰ আৰু পিছৰ উপগ্ৰহৰ ছবিও শ্বেয়াৰ কৰে এয়াৰ চীফ মাৰ্শ্বাল সিঙে ।

বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে ৭ মে’ত আক্ৰমণ কৰা ৯টা লক্ষ্যৰ ভিতৰত এটা লক্ষ্য হৈছে তেওঁলোকৰ জ্যেষ্ঠ নেতৃত্বৰ আৱাসিক অঞ্চল মুৰিডকেত থকা লস্কৰ-তৈবাৰ মুখ্য কাৰ্যালয় । এইবোৰ আছিল তেওঁলোকৰ কাৰ্যালয় ভৱন য’ত তেওঁলোকে সভা পাতিবলৈ গোট খাইছিল । সেই ঠাইখন সীমান্তৰ ভিতৰত থকাৰ বাবেহে আমি ভিডিঅ’ ল’ব পাৰিলোঁ ।

লগতে পঢ়ক : ‘এইয়াই বিহাৰৰ ভাগ্যোদয়ৰ আৰম্ভণি…’; বিহাৰত অমিত শ্বাহৰ ডাঙৰ মন্তব্য

অপাৰেচন সেন্দুৰত নিজকে প্ৰমাণ কৰিলে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই… এতিয়া বৃহৎ পৰিসৰত ক্ৰয় কৰিব বায়ুসেনা আৰু নৌসেনাই

অপাৰেচন সেন্দুৰত নিজকে প্ৰমাণ কৰিলে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই

অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানৰ সামৰিক আন্তঃগাঁথনিৰ বৃহৎ ক্ষতি কৰাৰ পিছত ব্ৰাহ্মছ ছুপাৰছ’নিক ক্ৰুজ মিছাইলে সমগ্ৰ বিশ্বৰ আগত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে । এতিয়া ভাৰতে ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ অস্ত্ৰভাণ্ডাৰ আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে । ভাৰত আৰু ৰাছিয়াই যৌথভাৱে নিৰ্মাণ কৰা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ মেগা অৰ্ডাৰ দিবলৈ সাজু হৈছে ভাৰতীয় সেনা ।

এইটোৱেই হ’ব ব্ৰাহ্মছ ছুপাৰছ’নিক ক্ৰুজ মিছাইলৰ সৰ্ববৃহৎ একক ক্ৰয় । উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈঠকত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজৰ বাবে বৃহৎ সংখ্যক ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ লগতে ভাৰতীয় বায়ুসেনাৰ বাবে এই অস্ত্ৰসমূহৰ স্থল আৰু আকাশৰ পৰা নিক্ষেপ কৰিব পৰা সংস্কৰণ ক্ৰয়ৰ বাবে অতি সোনকালে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে । প্ৰতিবেদন অনুসৰি নৌসেনাই এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি নিজৰ বীৰ শ্ৰেণীৰ যুদ্ধ জাহাজ সজ্জিত কৰিব, আনহাতে ভাৰতীয় বায়ুসেনাই ৰাছিয়া মূলৰ ছু-৩০ এম কে আই যুদ্ধ বিমান সজ্জিত কৰিবলৈ এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেতিয়া ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ আৰু সামৰিক ব্যৱস্থাসমূহক লক্ষ্য কৰি লৈছিল তেতিয়া ব্ৰাহ্মছ ঘাতক অস্ত্ৰ হিচাপে প্ৰমাণিত হৈছিল । চাৰিদিনীয়া সংঘাতৰ সময়ত পাকিস্তানৰ বিমানবন্দৰ আৰু সেনাৰ শিবিৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ এই ক্ষেপণাস্ত্ৰসমূহৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংঘাতত থলুৱা অস্ত্ৰ ব্যৱস্থাৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰি কয় যে, “অপাৰেচন সেন্দুৰৰ সময়ত বিশ্বই আমাৰ থলুৱা অস্ত্ৰৰ সামৰ্থ্য দেখিছিল । আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, মিছাইল আৰু ড্ৰোনে ‘আত্মনিৰ্ভৰ ভাৰত’, বিশেষকৈ ব্ৰাহ্মছ মিছাইলৰ শক্তি প্ৰমাণ কৰিছে ।”

পাকিস্তানৰ সৈতে সামৰিক সংঘাতৰ প্ৰথম পৰ্যায়ত যেতিয়া ভাৰতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ জৈছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী মুখ্য কাৰ্যালয়কে ধৰি পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আক্ৰমণ চলাইছিল, তেতিয়া ব্ৰাহ্মছ মিছাইলেই আছিল ভাৰতীয় বায়ুসেনাৰ বাবে পছন্দৰ মূল অস্ত্ৰ যি  অতি নিখুঁতভাৱে লক্ষ্যত আঘাত কৰিছিল । ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই পাকিস্তানৰ বিমান ঘাটিসমূহৰ অধিক ক্ষতিসাধন কৰিছিল আৰু সেয়েহে পাকিস্তানী সেনাই সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তঃগাঁথনিক সুৰক্ষা দি প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল ।

লগতে পঢ়ক : ‘আপুনি কেনেকৈ গম পালে যে চীনে মাটি দখল কৰিছে?’; ৰাহুল গান্ধীক ধমক উচ্চতম ন্যায়ালয়ৰ