মুম্বাইত চলন্ত ৰে’লৰ পৰা পৰি ৫ জনৰ মৃত্যু
মহাৰাষ্ট্ৰৰ মুম্ব্ৰা অঞ্চলত সোমবাৰে পুৱাই এক শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।চলন্ত ৰে’লৰ পৰা ১০ ৰ পৰা ১২ জন লোক ৰেলপথত পৰি যায়।যাৰ ফলত পাঁচজন যাত্ৰীৰ মৃত্যু হয়।
চেণ্ট্ৰেল ৰেলৱেৰ মতে এই দুৰ্ঘটনাটো দিভা-কোপাৰ ৰে’লৱে ষ্টেচনৰ মাজত সংঘটিত হয়।দুৰ্ঘটনাটোৰ কাৰণ ৰে’লখনত অত্যধিক ভিৰ হোৱা বুলি সন্দেহ কৰা হৈছে।
জানিব পৰা মতে চলন্ত ৰে’লখনত অত্যধিক ভিৰ হোৱাৰ বাবে যাত্ৰীসকলে দুৱাৰত ওলমি যাত্ৰা কৰি আছিল আৰু এই সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
ৰে’ল প্ৰশাসন আৰু আৰক্ষী উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে। স্থানীয় সেৱাসমূহো এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
কেন্দ্ৰীয় ৰেলৱেই জনোৱা মতে, থানেৰ মুম্বাই ৰেলৱে ষ্টেচনত চি এছ এম টি অভিমুখে গৈ থকা অৱস্থাত চলন্ত ৰে’লৰ পৰা একাংশ যাত্ৰী বাগৰি পৰে ।
ৰেলখনত অতি ভিৰ আছিল, যাৰ বাবে এই যাত্ৰীসকলে ৰেলৰ দুৱাৰত ওলমি যাত্ৰা কৰিছিল। কাছাৰালৈ যোৱা মুম্বাই ৰেলখনৰ চকীদাৰে জনোৱা মতে, মুম্বাই ষ্টেচনৰ সমীপত ৰে’লৰ পৰা ১০ ৰ পৰা ১২জন যাত্ৰী বাগৰি পৰে।নিহত লোকসকলক চিনাক্ত কৰা হৈছে। নিহত আটাইকেইজনৰ বয়স ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব।
লগতে পঢ়ক: পৰকিয়া প্ৰেম; ৰাজ কুশৱাহা সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক, চুপাৰী কিলাৰৰ সহযোগত হত্যা