দাউ দাউ কৈ জ্বলি উঠিল সাসাৰাম-পাটনা যাত্ৰীবাহী এখন ৰে’ল

বিহাৰৰ ৰোহতাছ জিলাৰ সাসাৰাম ৰেল ষ্টেচনত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। দাউ দাউ কৈ জ্বলি উঠিল ৰখাই থোৱা এখন যাত্ৰীবাহী ৰে’ল।

বিহাৰৰ ৰোহতাছ জিলাৰ সাসাৰাম ৰে’ল ষ্টেচনত ৰখাই থোৱা  অৱস্থাত এখন যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।এই ঘটনা সাসাৰামৰ পৰা আৰাহ হৈ পাটনালৈ যোৱা যাত্ৰীবাহী ৰে’লত হঠাৎ দাউ দাউ দ্বলি উঠে। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ ফলত প্লেটফৰ্মত আৰু ৰে’লৰ ভিতৰত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াৰ এটা দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।এই ঘটনা সোমবাৰে পুৱা প্ৰায় ৬:০০ বজাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সম্প্ৰতি নিয়ন্ত্ৰিত হৈছে অগ্নিকাণ্ড।

এই ঘটনাত যাত্ৰীবাহী ৰে’লখনৰ এটা ডবা জুইৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। সাসাৰাম আৰ পি এফৰ পৰিদৰ্শক সঞ্জীৱ কুমাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে এই ঘটনাত কোনো যাত্ৰী হতাহতিৰ খবৰ পোৱা নাই।সময়োপযোগী ব্যৱস্থাৰ ফলত এক বৃহৎ দুৰ্যোগ ৰোধ হ’ল। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমান ৰে’ল প্ৰশাসনে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: গ্ৰীপেন যুঁজাৰু বিমানেৰে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি

মুম্বাইত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; চলন্ত ৰে’লৰ পৰা পৰিল ১০ যাত্ৰী, ৫ জনৰ মৃত্যু

মুম্বাইত চলন্ত ৰে’লৰ পৰা পৰি ৫ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ মুম্ব্ৰা অঞ্চলত সোমবাৰে পুৱাই এক শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।চলন্ত ৰে’লৰ পৰা ১০ ৰ পৰা ১২ জন লোক ৰেলপথত পৰি যায়।যাৰ ফলত  পাঁচজন যাত্ৰীৰ মৃত্যু হয়।

চেণ্ট্ৰেল ৰেলৱেৰ মতে এই দুৰ্ঘটনাটো দিভা-কোপাৰ ৰে’লৱে ষ্টেচনৰ মাজত সংঘটিত হয়।দুৰ্ঘটনাটোৰ কাৰণ ৰে’লখনত অত্যধিক ভিৰ হোৱা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে চলন্ত ৰে’লখনত অত্যধিক ভিৰ হোৱাৰ বাবে যাত্ৰীসকলে দুৱাৰত ওলমি যাত্ৰা কৰি আছিল আৰু এই সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

ৰে’ল প্ৰশাসন আৰু আৰক্ষী উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে। স্থানীয় সেৱাসমূহো এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

কেন্দ্ৰীয় ৰেলৱেই জনোৱা মতে, থানেৰ মুম্বাই ৰেলৱে ষ্টেচনত চি এছ এম টি অভিমুখে গৈ থকা অৱস্থাত চলন্ত ৰে’লৰ পৰা একাংশ যাত্ৰী বাগৰি পৰে ।

ৰেলখনত অতি ভিৰ আছিল, যাৰ বাবে এই যাত্ৰীসকলে ৰেলৰ দুৱাৰত ওলমি যাত্ৰা কৰিছিল। কাছাৰালৈ যোৱা মুম্বাই ৰেলখনৰ চকীদাৰে জনোৱা মতে, মুম্বাই ষ্টেচনৰ সমীপত ৰে’লৰ পৰা ১০ ৰ পৰা ১২জন যাত্ৰী বাগৰি পৰে।নিহত লোকসকলক চিনাক্ত কৰা হৈছে। নিহত আটাইকেইজনৰ বয়স ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব।

লগতে পঢ়ক: পৰকিয়া প্ৰেম; ৰাজ কুশৱাহা সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক, চুপাৰী কিলাৰৰ সহযোগত হত্যা

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ;  জুইৰ উৰাবাতৰি শুনি পুষ্পক এক্সপ্ৰেছৰ পৰা জঁপিয়াই ৮ জন যাত্ৰীৰ মৃত্যু

মহাৰাষ্ট্ৰৰ জলগাঁওত এটা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। এটা উৰাবাতৰিৰ বাবেই প্ৰাণ গ’ল ৮ জন যাত্ৰীৰ। ঘটনাটো ভুচাৱাল বিভাগৰ ৰে’ল বিভাগত সংঘটিত হৈছিল।

জানিব পৰা মতে পুষ্পক এক্সপ্ৰেছ ৰে’লখনত অগ্নিকাণ্ডৰ এটা উৰাবাতৰিৰ পিছত যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পিছত কেইবাজনো যাত্ৰীয়ে পুষ্পক এক্সপ্ৰেছৰ পৰা জঁপিয়াই দিছিল।

কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছে মহতিয়াই নিয়ে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যাত্ৰী সকলক চিনাক্ত কৰিব পৰা নাই।

লগে লগে কেইবাটাও উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।ঘটনাটো সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হৈছিল।উদ্ধাৰকাৰী দলে জানিবলৈ দিয়া মতে ৮ ৰ পৰা ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ৰ পৰা ৪০ জন লোক আহত হৈছে।