বিহাৰৰ ৰোহতাছ জিলাৰ সাসাৰাম ৰেল ষ্টেচনত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। দাউ দাউ কৈ জ্বলি উঠিল ৰখাই থোৱা এখন যাত্ৰীবাহী ৰে’ল।
বিহাৰৰ ৰোহতাছ জিলাৰ সাসাৰাম ৰে’ল ষ্টেচনত ৰখাই থোৱা অৱস্থাত এখন যাত্ৰীবাহী ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।এই ঘটনা সাসাৰামৰ পৰা আৰাহ হৈ পাটনালৈ যোৱা যাত্ৰীবাহী ৰে’লত হঠাৎ দাউ দাউ দ্বলি উঠে। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ ফলত প্লেটফৰ্মত আৰু ৰে’লৰ ভিতৰত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াৰ এটা দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।এই ঘটনা সোমবাৰে পুৱা প্ৰায় ৬:০০ বজাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সম্প্ৰতি নিয়ন্ত্ৰিত হৈছে অগ্নিকাণ্ড।
এই ঘটনাত যাত্ৰীবাহী ৰে’লখনৰ এটা ডবা জুইৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে। সাসাৰাম আৰ পি এফৰ পৰিদৰ্শক সঞ্জীৱ কুমাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে যে এই ঘটনাত কোনো যাত্ৰী হতাহতিৰ খবৰ পোৱা নাই।সময়োপযোগী ব্যৱস্থাৰ ফলত এক বৃহৎ দুৰ্যোগ ৰোধ হ’ল। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমান ৰে’ল প্ৰশাসনে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: গ্ৰীপেন যুঁজাৰু বিমানেৰে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি









