গ্ৰীপেন যুঁজাৰু বিমানে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি

গ্ৰীপেন যুঁজাৰু বিমানেৰে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভৱ্য আদৰণি জনোৱা হয়। আকাশত অত্যাধুনিক গ্ৰীপেন যুঁজাৰু বিমানে মোদীৰ বিমানখনত এস্কৰ্ট কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে ছুইডেনত উপস্থিত হৈ পাঁচখন দেশৰ ভ্ৰমণৰ তৃতীয় পৰ্যায়ত উপস্থিত হয়।১৭ আৰু ১৮ মে’লৈকে চলি থকা এই ভ্ৰমণৰ সময়ছোৱাত তেওঁক বিশেষভাৱে আদৰণি

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভৱ্য আদৰণি জনোৱা হয়। আকাশত অত্যাধুনিক গ্ৰীপেন যুঁজাৰু বিমানে মোদীৰ বিমানখনত এস্কৰ্ট কৰিছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে ছুইডেনত উপস্থিত হৈ পাঁচখন দেশৰ ভ্ৰমণৰ তৃতীয় পৰ্যায়ত উপস্থিত হয়।১৭ আৰু ১৮ মে’লৈকে চলি থকা এই ভ্ৰমণৰ সময়ছোৱাত তেওঁক বিশেষভাৱে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ছুইডেনৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে,ছুইডেনৰ অত্যাধুনিক গ্ৰীপেন যুঁজাৰু বিমানে মোদীৰ বিমানখনত এস্কৰ্ট কৰিছিল।আকাশত দেখা এই অনন্য আদৰণিয়ে দুয়োখন দেশৰ মাজত থকা শক্তিশালী প্ৰতিৰক্ষা আৰু কৌশলগত সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেনত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও সাক্ষাৎ কৰে।

ছুইডেন দীৰ্ঘদিন ধৰি প্ৰতিৰক্ষা প্ৰযুক্তি আৰু আধুনিক সামৰিক সঁজুলিৰ বাবে পৰিচিত।এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ গ্ৰীপেন যুদ্ধ বিমানৰ উপস্থিতিয়ে এই ভ্ৰমণক আৰু অধিক বিশেষ কৰি তুলিছিল।

ছুইডেনৰ গ’টেনবাৰ্গ চহৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰত উষ্ম আদৰণি লাভ কৰে।ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছন নিজেই বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই।এই সময়ছোৱাত দুয়োগৰাকী নেতাৰ মাজত এক আন্তৰিক বৈঠক অনুষ্ঠিত হয়।ভাৰত আৰু ছুইডেনৰ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

লগতে পঢ়ক: নেদাৰলেণ্ডত বড়ো ‘আৰনাই’ পৰিধান প্ৰধানমন্ত্ৰীৰ; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট