অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ দি এটা পোষ্ট শ্বেয়াৰ কৰিছে।
১৭ মে’ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই পোষ্টটোত লিখিছে যে, নেদাৰলেণ্ডত এক অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত বড়ো গামোচা ‘আৰনাই’ পৰিধান কৰাটো অসমৰ বডো সম্প্ৰদায়ৰ চহকী হস্ততাঁত ঐতিহ্য আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতিফলন। আৰনাই বড়ো জনগোষ্ঠীৰ পৰিচয়, গৌৰৱ আৰু পৰম্পৰাগত কাৰুকাৰ্য্যৰ প্ৰতীক আৰু ইয়াক বিশ্ব মঞ্চত প্ৰতিনিধিত্ব কৰা দেখি গৌৰৱ প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘অৰনাইয়ে অসমৰ বড়ো সম্প্ৰদায়ৰ গৌৰৱ আৰু চহকী হস্ততাঁত ঐতিহ্যক প্ৰতিফলিত কৰিছে।আদৰনিয় নৰেন্দ্ৰ মোদী জীয়ে নেদাৰলেণ্ডৰ বিশ্ব মঞ্চত ইয়াক কঢ়িয়াই নিয়া দেখি গৌৰৱান্বিত।’
দৰাচলতে ইউৰোপ ভ্ৰমণৰ অংশ হিচাপে হেগত প্ৰৱাসী ভাৰতীয় সকলক সম্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰম্পৰাগত বড়ো গামোচা পৰিধান কৰা দেখা গৈছিল। বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগৰ সূচনা কৰা বুলি অভিহিত কৰা কামৰ বাবেও ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জনায়।
২০২০ চনত স্বাক্ষৰিত বডো শান্তি চুক্তিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই চুক্তিয়ে অঞ্চলটোৰ স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰি তোলাৰ লগতে বড়োলেণ্ডত দশক দশক ধৰি চলি থকা বিদ্ৰোহৰ অন্ত পেলোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
লগতে পঢ়ক: ‘শিক্ষামন্ত্ৰীক কিয় বৰ্খাস্ত কৰা হোৱা নাই ‘; NEET প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীৰ সমালোচনা









