ছুইডেনত ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়।

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছৰে সন্মানিত কৰা হয়। এই সন্মান ছুইডেনৰ কোনো চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছুইডেনত উপস্থিত হোৱাৰ লগে লগে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ হজালমাৰ ক্ৰীষ্টাৰছনে বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায়, আৰু তেওঁক পৰম্পৰাগত ভাৰতীয় নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়।ইয়াৰ পিছতে তেওঁলোকে আফছলুইটডাইক বান্ধ পৰিদৰ্শন কৰে।

এই ভ্ৰমণৰ এটা বিশেষ বৈশিষ্ট্য হ’ল এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনৰ সৈতে ইউৰোপীয় উদ্যোগৰ বাবে ৰউণ্ড টেবুলৰ কাৰ্যসূচীত ভাষণ দিব।যিটো ইউৰোপ মহাদেশৰ অন্যতম প্ৰভাৱশালী ব্যৱসায়িক মঞ্চ হিচাপে গণ্য কৰা হয়।প্ৰধানমন্ত্ৰী মোদীৰ বাবে এয়া ৩১ সংখ্যক বিশ্বব্যাপী সন্মান।

লগতে পঢ়ক: গ্ৰীপেন যুঁজাৰু বিমানেৰে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি

গ্ৰীপেন যুঁজাৰু বিমানেৰে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভৱ্য আদৰণি জনোৱা হয়। আকাশত অত্যাধুনিক গ্ৰীপেন যুঁজাৰু বিমানে মোদীৰ বিমানখনত এস্কৰ্ট কৰিছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে ছুইডেনত উপস্থিত হৈ পাঁচখন দেশৰ ভ্ৰমণৰ তৃতীয় পৰ্যায়ত উপস্থিত হয়।১৭ আৰু ১৮ মে’লৈকে চলি থকা এই ভ্ৰমণৰ সময়ছোৱাত তেওঁক বিশেষভাৱে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ছুইডেনৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে,ছুইডেনৰ অত্যাধুনিক গ্ৰীপেন যুঁজাৰু বিমানে মোদীৰ বিমানখনত এস্কৰ্ট কৰিছিল।আকাশত দেখা এই অনন্য আদৰণিয়ে দুয়োখন দেশৰ মাজত থকা শক্তিশালী প্ৰতিৰক্ষা আৰু কৌশলগত সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেনত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও সাক্ষাৎ কৰে।

ছুইডেন দীৰ্ঘদিন ধৰি প্ৰতিৰক্ষা প্ৰযুক্তি আৰু আধুনিক সামৰিক সঁজুলিৰ বাবে পৰিচিত।এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ গ্ৰীপেন যুদ্ধ বিমানৰ উপস্থিতিয়ে এই ভ্ৰমণক আৰু অধিক বিশেষ কৰি তুলিছিল।

ছুইডেনৰ গ’টেনবাৰ্গ চহৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰত উষ্ম আদৰণি লাভ কৰে।ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছন নিজেই বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই।এই সময়ছোৱাত দুয়োগৰাকী নেতাৰ মাজত এক আন্তৰিক বৈঠক অনুষ্ঠিত হয়।ভাৰত আৰু ছুইডেনৰ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

লগতে পঢ়ক: নেদাৰলেণ্ডত বড়ো ‘আৰনাই’ পৰিধান প্ৰধানমন্ত্ৰীৰ; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট  

ধন ৰাহি কৰিবলৈ এআই আনি বিপদত কোম্পানী; শেষ কৰিলে গুণগত মানদণ্ড

আমাৰ জীৱনলৈ কৃত্ৰিম বুদ্ধিমত্তা অহাৰ পিছৰে পৰা বহু পৰিৱৰ্তন ঘটিছে।বিশেষকৈ কাৰ্যালয়ত এই প্ৰযুক্তিৰ বাবে কাম সহজ হৈ পৰিছে, একে সময়তে চাকৰিৰ প্ৰতিও ভাবুকি আহিছে।কিন্তু এআইৰ বুদ্ধিমত্তাক অতিমাত্ৰা ব্যৱহাৰ কৰি এতিয়া বিপদত পৰিছে ছুইডেনৰ ফিনটেক কোম্পানীটো।

ছুইডেনৰ কোম্পানী ক্লাৰ্নাই ভাবিছিল যে এআইৰ দ্বাৰা কামটো কৰি দিলে ধন ৰাহি হ’ব। টকাখিনি সঞ্চয় হ’ল যদিও মাত্ৰ ২ বছৰতে AI এ নিজৰ সুনাম নষ্ট কৰি পেলালে।

ক্লাৰ্নাই এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে কৰ্মশক্তি হ্ৰাস কৰাৰ সময়ত শিৰোনাম দখল কৰিছিল। ২০২৩ চনত কোম্পানীটোৱে নিযুক্তি সম্পূৰ্ণৰূপে বন্ধ কৰি অটোমেচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।OpenAI ৰ সৈতে অংশীদাৰিত্বৰে ইয়াৰ বহুতো গ্ৰাহক সেৱা পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে ২০২৩ চনত ক্লাৰ্নাৰ চিইঅ’, চেবাষ্টিয়ান ছিমিয়াটকোভস্কিয়ে এই দাবী কৰি বহু মানুহৰ চাকৰি কাঢ়িছিল যে, এআইয়ে মানৱ কৰ্মচাৰীৰ দৰেই কাম কৰিব পাৰে।

কোম্পানীটোৱে কয় যে তেওঁলোকৰ এআই ব্যৱস্থাই ৭০০ গ্ৰাহক সেৱা এজেণ্টৰ কাম সম্পন্ন কৰি আছে। কেৱল এয়াই নহয়, ইয়াৰ ফলত এক কোটি ডলাৰতকৈ অধিক অৰ্থাৎ ৫০ লাখ ডলাৰৰ সঞ্চয়ও হ’ল। উৎপাদন আৰু তথ্য বিশ্লেষণৰ দৰে কামত ৮৫ কোটি টকা।

এক সাক্ষাৎকাৰত ক্লাৰ্নাৰ চিইঅ’ই স্বীকাৰ কৰে যে এআই এজেণ্টসকলে কৰা কাম আশা কৰা ধৰণৰ মানদণ্ডৰ তলত।

তেওঁ স্বীকাৰ কৰে যে খৰচ কমা আৰু অটোমেচনৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতাই কোম্পানীটোৰ গ্ৰাহকৰ অভিজ্ঞতাৰ যথেষ্ট ক্ষতি কৰিছে।

তেওঁ কয় যে ব্ৰেণ্ড আৰু কোম্পানীটোৰ দৃষ্টিকোণৰ পৰা গ্ৰাহকক সদায় জনোৱাটো গুৰুত্বপূৰ্ণ যে তেওঁলোকৰ বাবে মানুহ উপলব্ধ হ’ব।

তেওঁ স্পষ্টকৈ কয় যে এআইৰ বাবে গুণগত মান বহু অৱনমিত হৈছে আৰু এতিয়া তেওঁলোকে ভৱিষ্যতে মানৱ কৰ্মচাৰী নিয়োগ কৰিব।