পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰৰ বহু পৰ্যটনস্থলী বন্ধ হৈ পৰিছে । তথ্য অনুসৰি জম্মু-কাশ্মীৰ চৰকাৰে নিৰাপত্তা সংস্থাৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । কাশ্মীৰৰ ৮৭ খন পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত চোৰাংচোৱাৰ সতৰ্কবাণীৰ বাবে বন্ধ কৰি দিয়া হৈছে ।
পহলগাম আক্ৰমণৰ পিছত উপত্যকাত সক্ৰিয় সন্ত্ৰাসবাদীৰ ঘৰ উৰুৱাই দিয়াৰ প্ৰতিশোধ ল’বলৈ টি আৰ টিয়ে এক বৃহৎ আক্ৰমণ সংঘটিত কৰাৰ চেষ্টাৰ লগতে একাংশ লক্ষ্যভিত্তিক হত্যাকাণ্ডৰ সন্দৰ্ভত অহৰহ চোৰাংচোৱা সতৰ্কবাণী প্ৰকাশ পাইছে । গুলমাৰ্গ, সোণামাৰ্গ আৰু হ্ৰদ অঞ্চলকে ধৰি কেইবাটাও স্পৰ্শকাতৰ পৰ্যটন স্থানত নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ স্পেচিয়েল অপ্ছ গ্ৰুপৰ এণ্টি ফিডাইন স্কোৱাড মোতায়েন কৰিছে । উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰ পিছত সাধাৰণভাৱে নিৰাপত্তাও বৃদ্ধি কৰা হৈছে ।
আক্ৰমণৰ ফলত গভীৰভাৱে প্ৰভাৱিত হ’ব এই খণ্ডসমূহ !
এই আক্ৰমণে কাশ্মীৰৰ সকলো খণ্ডকে প্ৰভাৱিত কৰিব পাৰে । বিশেষকৈ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ বেছি হ’ব পাৰে । হোটেল, কোম্পানী আৰু ফলৰ ব্যৱসায় কৰাৰ মন থকা বিনিয়োগকাৰীৰ আত্মবিশ্বাস কমি যাব পাৰে । ইয়াৰ ফলত বছৰ বছৰ ধৰি কষ্টৰ অন্তত সুস্থিৰ হোৱা কাশ্মীৰৰ অৰ্থনৈতিক অগ্ৰগতি লক্ষ্যৰ বিচ্যুত হ’ব পাৰে । কেৱল এয়াই নহয়, কাশ্মীৰৰ জনসাধাৰণৰ আয়ৰ ওপৰতো গভীৰ প্ৰভাৱ পৰিব পাৰে ।
পৰ্যটকৰ বাবে কি পৰামৰ্শ-
কাশ্মীৰ উপত্যকা ভ্ৰমণৰ পৰিকল্পনা কৰা পৰ্যটকসকলক নতুন ভ্ৰমণ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । নিৰাপত্তা বাহিনীৰ অভিযান চলি থকা অঞ্চলৰ পৰা আঁতৰি থকাৰ লগতে স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিযা হৈছে । ২২ এপ্ৰিলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন নেপালৰ নাগৰিককে ধৰি কমেও ২৬ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ লগতে অঞ্চলটোত নিৰাপত্তা কটকটীয়া কৰা হৈছে ।