পহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে আন এক বৃহৎ সফলতা লাভ কৰিছে । অপাৰেচন সিন্দুৰৰ পিছত জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তিনি লস্কৰ সন্ত্ৰাসবাদীক হত্যা কৰিছে । মঙলবাৰে শ্বোপিয়াত সেনাই বৃহৎ অভিযান আৰম্ভ কৰি এই সফলতা অৰ্জন কৰে ।
তথ্য অনুসৰি মঙলবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়াৰ শুক্ৰু কেলৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । মঙলবাৰে পুৱাৰ ভাগত শ্বোপিয়ান জিলাত তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী কেইটাক ঘেৰাও কৰে ।
এই অভিযানত দুয়ো পক্ষৰ পৰা গুলীচালনাৰ সূত্ৰপাত হয় । প্ৰথম সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে এটা সন্ত্ৰাসবাদীক হত্যা কৰে । কিছু সময়ৰ পাছত আৰু দুটা সন্ত্ৰাসবাদীক হত্যা কৰি সফলতা লাভ কৰে সেনাবাহিনীয়ে । উল্লেখ্য যে পহলগাম আক্ৰমণৰ লগত জড়িত পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে অভিযান চলাই আহিছে ।
এই অভিযানৰ অধীনত শ্বোপিয়ানৰ শুক্ৰু কেলৰ অঞ্চলত সন্ত্রাসবাদীক বিচাৰি অভিযান চলোৱা হৈছিল । এই সময়ছোৱাত নিৰাপত্তাৰক্ষীৰ লস্কৰ সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয় । অৱশ্যে এই এনকাউণ্টাৰত নিহত সন্ত্ৰাসবাদী পহলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদী নহয় ।
ইতিমধ্যে নিহত দুটা সন্ত্ৰাসবাদীক শ্বাহিদ কুট্টাই আৰু আদনান শ্বাফি দাৰ বুলি চিনাক্ত কৰা হৈছে । শ্বাহিদ কুট্টাই ৮ এপ্ৰিলত ডেনিছ ৰিজ’ৰ্টত সংঘটিত হোৱা গুলীচালনাৰ কাণ্ডত জড়িত আছিল । ১৮ মে’ত শ্বোপিয়ানৰ হীৰপোৰাত বিজেপিৰ সৰ্পঞ্চক হত্যা কৰা ঘটনাৰ লগত জড়িত আছিল শ্বাহিদ কুট্টাই । আদনান শ্বাফি দাৰ ১৮ অক্টোবৰত শ্বোপিয়ানৰ ৱাচিত শ্ৰমিকক হত্যাৰ সৈতে জড়িত আছিল । বৰ্তমানেও ১টা সন্ত্ৰাসবাদী পৰিচয় উদ্ধাৰ হোৱা নাই ।