এফালে ভূমিস্খলন আৰু আনফালে ওফন্দি উঠিছে নদী
বিগত কেইবাদিনো ধৰি উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্য ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণৰ কবলত পৰিছে । অসমৰ পৰা মণিপুৰলৈকে বানৰ প্ৰকোপ । ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ পৰিস্থিতিও অধিক ভয়াৱহ হৈ পৰিছে । ভূমিস্খলন আৰু নদীৰ পানী ওফন্দি উঠাৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কিছুদিন পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছিল । আই এম ডিৰ এই ভৱিষ্যদ্বাণী ১৬ বাৰ সত্য বুলি প্ৰমাণিত হৈছে ।
ধাৰাবাহিক বৰষুণৰ ফলত ছিকিমত ভূমিস্খলন হোৱাৰ লগতে বিভিন্ন সংযোগী পথৰ ক্ষতিসাধন হৈছে । ইয়াৰ বাবে যাতায়ত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে উত্তৰ ছিকিমত ৫০০ পৰ্যটক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছিল । শেহতীয়াকৈ এই দুৰ্যোগৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে, নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে ।
ছিকিমৰ উত্তৰ জিলাত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে পৰিস্থিতি সংকটজনক হৈ আছে । শনিবাৰে জিলা প্ৰশাসনে জনায় যে লাচেন আৰু লাচুং অঞ্চলত প্ৰায় ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে কাৰণ ভূমিস্খলনৰ ফলত মূল পথসমূহ বিচ্ছিন্ন হৈ পৰিছে । মংগন জিলাত তীস্তা নদীত মঙলবাৰে নিশা এখন পৰ্যটকৰ বাহন বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয় । এই ঘটনাত দুজন আহত হয় আৰু ৮জন এতিয়াও সন্ধানহীন হৈ আছে ।
মুনচিথাঙৰ সমীপৰ লাচেন-লাচুং ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত প্ৰায় এহেজাৰ ফুট তলত নদীত বাগৰি পৰে বাহনখন । ইফালে লাচেনত ১১৫ জন আৰু লাচুঙত ১৩৫০ জন পৰ্যটক আবদ্ধ হৈ আছে । দুয়োফালৰ পৰা ৰাস্তা বন্ধ হৈ আছে । পৰ্যটকসকলক নিজৰ হোটেলত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । পথ মুকলি হোৱাৰ লগে লগে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হ’ব ।
ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযানতো বাধাৰ সৃষ্টি হৈছে । শুকুৰবাৰে বিয়লিৰ পৰা ব্যাহত হৈ থকা বিদ্যুৎ যোগান শনিবাৰে সন্ধিয়া পুনৰ স্থাপন কৰাৰ বিপৰীতে দেওবাৰৰ ভিতৰত খোৱাপানীৰ যোগান পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে । প্ৰায় ২৪ ঘণ্টাৰ পিছত বিয়লি প্ৰায় ৩ বজাৰ পিছত মোবাইল নেটৱৰ্ক পুনৰুদ্ধাৰ কৰা হয় । চুংথাং মহকুমাত সৰ্বাধিক বৰষুণৰ তীব্ৰতা দেখা গৈছে ।
তীস্তা নদীৰ জলপৃষ্ঠ অহৰহ বৃদ্ধি পোৱাৰ ফলত উদ্ধাৰ অভিযান অধিক জটিল হৈ পৰিছে । জিলা আয়ুক্তই উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিছে । আৰক্ষী অধীক্ষকে জনোৱা মতে, ধাৰাসাৰ বৰষুণ আৰু উফন্দি উঠা তীস্তা নদীৰ বাবে নিৰুদ্দেশ হোৱা আঠজন পৰ্যটকৰ সন্ধান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । বতৰ উন্নত হ’লে পুনৰ অনুসন্ধান আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয় ।
লগতে পঢ়ক : পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক