ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী ভি নাৰায়ণনে কয় যে দেশৰ নিৰাপত্তাৰ বাবে কৌশলগত উদ্দেশ্যত ইছৰোৰ ১০টা উপগ্ৰহে অবিৰতভাৱে নিৰীক্ষণ কৰি আছে । দেওবাৰে ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ত সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ভি নাৰায়ণনে এই তথ্য প্ৰদান কৰে । ইছৰোৰ মুৰব্বীয়ে কয় যে ‘কৌশলগত লক্ষ্য পূৰণৰ বাবে আৰু দেশবাসীৰ সুৰক্ষাৰ বাবে কমেও ১০টা উপগ্ৰহে ২৪ ঘণ্টা ধৰি অবিৰতভাৱে কাম কৰি আছে ।’
উপগ্ৰহৰ সহায়ত নিৰীক্ষণ কৰা হৈছে-
ভি নাৰায়ণনে কয়, ‘সকলোৱে আমাৰ ওচৰ-চুবুৰীয়াৰ কথা জানে । এনে পৰিস্থিতিত আমি উপগ্ৰহৰ সহায় লৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব । আমি ৭০০০ কিলোমিটাৰ এলেকা সামৰি লৈছো । লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহৰহ পৰ্যবেক্ষণ চলি আছে আৰু উপগ্ৰহ আৰু ড্ৰোনৰ সহায় অবিহনে আমি এইখিনি লাভ কৰিব নোৱাৰো ।‘
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে সংঘটিত হয় সামৰিক সংঘাত-
ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ পাছতে শনিবাৰে সন্ধিয়া যুদ্ধবিৰতি ঘোষণা কৰাৰ সময়তে ইছৰোৰ মুৰব্বীৰ এই বক্তব্য প্ৰকাশ পাইছে । সেনাই কয় যে দেওবাৰে নিশা সীমান্তত সম্পূৰ্ণ শান্তি আছিল আৰু গুলীচালনাৰ কোনো ঘটনা হোৱা নাই ।
উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ লোক নিহত হৈছিল । ইয়াৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয় । ৬-৭ মে’ৰ মধ্যৱৰ্তী নিশা ভাৰতে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি নিখুঁত আক্ৰমণ চলায় । ভাৰতৰ আক্ৰমণত বহু সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ পিছত পাকিস্তানে ভাৰতৰ বহু চহৰক লক্ষ্য কৰি লোৱাৰ বিফল প্ৰচেষ্টা চলাইছিল যদিও ভাৰতৰ আগত সফল হ’ব পৰা নাছিল । ইতিমধ্যে শনিবাৰে সন্ধিয়া দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ চুক্তি হয় ।