পশ্চিমবংগৰ মুৰ্ছিদাবাদত নতুন ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে । প্ৰথম অৱস্থাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক এটা ঠাইত প্ৰতিবাদ কৰিবলৈ কয় যদিও হঠাতে প্ৰতিবাদকাৰীসকলে নিৰ্দিষ্ট স্থানৰ বাহিৰলৈ যাবলৈ আৰম্ভ কৰে ।
এই সময়তে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰে । ইয়াৰ পিছত আৰক্ষীয়েও মৃদু বল প্ৰয়োগ কৰে । আৰক্ষীয়ে জনোৱা মতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষীক সেই স্থানলৈ মোতায়েন কৰা হৈছে । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় । এই হিংসাত কেইবাজনো আৰক্ষী আহত হৈছে বুলি জানিব পৰা গৈছে ।
ৱাকফ আইনৰ বিৰুদ্ধে এই কাৰ্যসূচী পূৰ্ব পৰিকল্পিত আছিল । হঠাৎ শান্তিপূৰ্ণ প্ৰতিবাদ হিংসালৈ পৰিণত হয় । ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয় । এই ঘটনা সন্দৰ্ভত বিজেপিয়ে টি এম চিৰ মুৰব্বী মমতা বেনাৰ্জীক আক্ৰমণ কৰিছে ।
বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালভিয়াই কয়, “পশ্চিম বংগত পুনৰ জুইৰ লেলিহান শিখা । পশ্চিম বংগ আৰক্ষীয়ে মুৰ্ছিদাবাদৰ ৰাজপথত ইছলামিক গোটক নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে । মমতা বেনাৰ্জীৰ উত্তোজনামূলক ভাষণে এই অশান্তিৰ ইন্ধন যোগাইছে ।”