ৱাকফ আইনত কেন্দ্ৰীয় চৰকাৰে কৰা সংশোধনীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আৱেদন দাখিল কৰা হৈছে, যাক লৈ আজি একেৰাহে দ্বিতীয় দিনাও শুনানি হয়।
এই সংশোধনীৰ বিভিন্ন দিশ সন্দৰ্ভত আৱেদনসমূহত প্ৰশ্ন উত্থাপন হৈছে। তাৰ মাজতে, ৱাকফ আইনক লৈ প্ৰশ্ন উত্থাপন কৰা সকলৰ বাবে সংসদীয় সংযুক্ত সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে কয় যে, যদি আইনখনত এটাও ভুল পোৱা যায়, তেনেহলে তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰিব।
এটা সাক্ষাৎকাৰত জেপিচিৰ অধ্যক্ষ জগদম্বিকা পালে কয় যে ৰাজনৈতিক দলসমূহে ভোট বেংকৰ ৰাজনীতি কৰিছে আৰু মুছলমান তুষ্টিকৰণৰ ৰাজনীতি ঠিক নহয়।
বিজেপি নেতাগৰাকীয়ে স্পষ্টকৈ কয় যে তেওঁ কোনো ধৰণৰ ৰাজনীতিৰ দ্বাৰা অনুপ্ৰাণিত নহয় আৰু সম্পূৰ্ণ নিৰপেক্ষতাৰে কাম কৰি আছে।
জগদম্বিকা পালে কয় যে এই বিষয়ত জেপিচিয়ে ৩৮খন বৈঠক অনুষ্ঠিত কৰিছে আৰু আৰু দাবী কৰিছিল যে সকলো প্ৰশ্ন ভিত্তিহীন।
তেওঁ লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ মতে, ৱাকফ ব’ৰ্ড হৈছে এটা আইনী সংস্থা, ই কোনো ধৰ্মীয় অনুষ্ঠান নহয়।