অসম বিজেপিয়ে শনিবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিধানসভাত বিৰোধী সদস্যৰ বিৰুদ্ধে অভব্য আচৰণ কৰাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়ে । কুৰ্মীলৈ লিখা এখন পত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুকুৰবাৰে বিধানসভাত তেওঁৰ আচৰণ গণতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে বুলি উল্লেখ কৰে ।
সদনত চলি থকা আলোচনাৰ সময়ত বিৰোধী বিধায়কসকৰ সৈতে মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈ তেওঁলোকৰ বিৰুদ্ধে গালি-গালাজ আৰম্ভ কৰে । যিবোৰ পিছত সদনৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হয় । ইয়াৰ উপৰিও তেওঁ বিৰোধী সদস্যৰ ফালে চোঁচা লৈ আক্ৰমণ কৰিবলৈয়ো চেষ্টা কৰিছিল যদিও মাৰ্শ্বালসকলে তেওঁক বাধা প্ৰদান কৰে ।
ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পত্ৰখনত লিখিছে, বিজেপিৰ সদস্য হিচাপে আমি কোনো জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা এনে আচৰণ আশা নকৰো । বিজেপি এটা অনুশাসিত আৰু সহনশীল দল, যিয়ে নিজৰ নীতি আৰু মূল্যবোধৰ ওপৰত দৃঢ়তাৰে থিয় দিছে যদিও কুৰ্মীৰ আচৰণ দলৰ মতাদৰ্শ আৰু শিষ্টাচাৰৰ বিৰুদ্ধে আছিল ।
ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নকৰিবলৈ কুৰ্মীক সতৰ্ক কৰি দিয়া হৈছে । তেওঁ কয়, ” ইয়াৰ লগে লগে আপোনাক এই বিষয়ত অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়া হৈছে ।”
উল্লেখযোগ্য যে কুৰ্মীয়ে ইতিমধ্যে বিধানসভাত কৰা আচৰণৰ বাবে ক্ষমা খুজিছে । কংগ্ৰেছৰ প্ৰাক্তন নেতা কুৰ্মীয়ে ২০০৬ চনৰ পৰা মৰিয়নী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে আৰু ২০২১ চনত তেওঁ বিজেপিত যোগদান কৰে ।