‘বিধায়ক হ’বলৈ মাতটো মিহি হ’ব লাগিব জোঙা হ’লে নহ’ব’; জ্ঞানশ্ৰী বৰাক কটাক্ষ ৰূপজ্যোতি কুৰ্মীৰ

মৰিয়নি সমষ্টিৰ পৰা এইবাৰ ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে জ্ঞানশ্ৰী বৰাই। সেই জ্ঞানশ্ৰী বৰাক লৈ বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে তীব্ৰ সমালোচনা কৰিছে।

আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন।পুৱাই হাজাৰ হাজাৰ সমৰ্থকক লৈ প্ৰাৰ্থী সকলে দাখিল কৰিছে মনোনয়ন। মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও বাপুজি ষ্টেডিয়ামৰপৰা প্ৰায় দহ হাজাৰ সমৰ্থকৰ সৈতে বৃহৎ ৰেলী কৰি দাখিল কৰে মনোনয়ন।

মনোনয়ন দাখিল কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, জ্ঞানশ্ৰী বৰা কোন মই ভালকৈ চিনি নাপাও। মোৰ প্ৰতিদ্বন্দ্বী কোন তাক ভাৱিবলৈ মোৰ সময় নাই। মই ৩০ হাজাৰতকৈ অধিক ভোটত জয়ী হ’ব লাগে সেইটোৱেই মোৰ লক্ষ্য।কিন্তু আজি ৰাইজৰ সহাৰি দেখি এইবাৰ মই কিমান ভোটত জয়ী হ’ম সেইটো ঠিৰাং কৰিব পৰা নাই।  মৰিয়নিত এতিয়া কংগ্ৰেছ শেষ হৈ যোৱাৰ লগতে ইয়াত আৰু বিৰোধীও নাথাকিব।  যোৱাবাৰো ৰাইজৰ দলে মুখ ঠেকেছা খাইছিলে এইবাৰো খাব।

আনহাতে জ্ঞানশ্ৰী বৰাৰ ব্লগিঙৰ কৰাৰ কথা উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, কোনোবাই যদি মোবাইলটোত কিবা দেখুৱাই বিধায়ক হ’ব পাৰিলে হয়, তেনেহলে ১২৬ টা সমষ্টিত মোবাইল লোৱা সকলেই বিধায়ক হ’ল হেতেন। বিধায়ক হোৱাটো সহজ নহয়। বিধায়ক হ’বলৈ সাধনা কৰিব লাগিব, কষ্ট কৰিব লাগিব, ৰাইজৰ মৰম আদায় কৰিব লাগিব। মাতটো যথেষ্ট মিহি হ’ব লাগিব, জোঙা হ’ব নালাগিব। ৰাইজক কষ্টৰ সময়ত কাষত থাকিব লাগিছিল। কিন্তু সময়ত ভগৱানক আশীৰ্বাদ বিচাৰিলে কেনেকৈ হ’ব। মন্দিৰত গুৱা-পাণ, চাকি বন্তি দিব লাগিছিল। সমষ্টি সময়ত আহি হাত জোকাৰি মুখ টিপি হাঁহিলেই নহ’ব। মৰিয়নীৰ মাটি মূৰত লৈ মই ওলাই আহিছো। গতিকে বিধায়ক ময়েই হ’ম।  

লগতে পঢ়ক: আল্লাহেই শেষ ভৰষা; মনোনয়নৰ পূৰ্বে আল্লাহৰ ওচৰত দোৱা গৌৰৱ গগৈৰ

অভব্য আচৰণ… ৰূপজ্যোতি কুৰ্মীক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ

অসম বিজেপিয়ে শনিবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিধানসভাত বিৰোধী সদস্যৰ বিৰুদ্ধে অভব্য আচৰণ কৰাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়ে । কুৰ্মীলৈ লিখা এখন পত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুকুৰবাৰে বিধানসভাত তেওঁৰ আচৰণ গণতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে বুলি উল্লেখ কৰে ।

সদনত চলি থকা আলোচনাৰ সময়ত বিৰোধী বিধায়কসকৰ সৈতে মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈ তেওঁলোকৰ বিৰুদ্ধে গালি-গালাজ আৰম্ভ কৰে । যিবোৰ পিছত সদনৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হয় । ইয়াৰ উপৰিও তেওঁ বিৰোধী সদস্যৰ ফালে চোঁচা লৈ আক্ৰমণ কৰিবলৈয়ো চেষ্টা কৰিছিল যদিও মাৰ্শ্বালসকলে তেওঁক বাধা প্ৰদান কৰে ।

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পত্ৰখনত লিখিছে, বিজেপিৰ সদস্য হিচাপে আমি কোনো জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা এনে আচৰণ আশা নকৰো । বিজেপি এটা অনুশাসিত আৰু সহনশীল দল, যিয়ে নিজৰ নীতি আৰু মূল্যবোধৰ ওপৰত দৃঢ়তাৰে থিয় দিছে যদিও কুৰ্মীৰ আচৰণ দলৰ মতাদৰ্শ আৰু শিষ্টাচাৰৰ বিৰুদ্ধে আছিল ।

ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নকৰিবলৈ কুৰ্মীক সতৰ্ক কৰি দিয়া হৈছে । তেওঁ কয়, ” ইয়াৰ লগে লগে আপোনাক এই বিষয়ত অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়া হৈছে ।”

উল্লেখযোগ্য যে কুৰ্মীয়ে ইতিমধ্যে বিধানসভাত কৰা আচৰণৰ বাবে ক্ষমা খুজিছে । কংগ্ৰেছৰ প্ৰাক্তন নেতা কুৰ্মীয়ে ২০০৬ চনৰ পৰা মৰিয়নী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে আৰু ২০২১ চনত তেওঁ বিজেপিত যোগদান কৰে ।