মৰিয়নি সমষ্টিৰ পৰা এইবাৰ ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে জ্ঞানশ্ৰী বৰাই। সেই জ্ঞানশ্ৰী বৰাক লৈ বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে তীব্ৰ সমালোচনা কৰিছে।
আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন।পুৱাই হাজাৰ হাজাৰ সমৰ্থকক লৈ প্ৰাৰ্থী সকলে দাখিল কৰিছে মনোনয়ন। মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও বাপুজি ষ্টেডিয়ামৰপৰা প্ৰায় দহ হাজাৰ সমৰ্থকৰ সৈতে বৃহৎ ৰেলী কৰি দাখিল কৰে মনোনয়ন।
মনোনয়ন দাখিল কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, জ্ঞানশ্ৰী বৰা কোন মই ভালকৈ চিনি নাপাও। মোৰ প্ৰতিদ্বন্দ্বী কোন তাক ভাৱিবলৈ মোৰ সময় নাই। মই ৩০ হাজাৰতকৈ অধিক ভোটত জয়ী হ’ব লাগে সেইটোৱেই মোৰ লক্ষ্য।কিন্তু আজি ৰাইজৰ সহাৰি দেখি এইবাৰ মই কিমান ভোটত জয়ী হ’ম সেইটো ঠিৰাং কৰিব পৰা নাই। মৰিয়নিত এতিয়া কংগ্ৰেছ শেষ হৈ যোৱাৰ লগতে ইয়াত আৰু বিৰোধীও নাথাকিব। যোৱাবাৰো ৰাইজৰ দলে মুখ ঠেকেছা খাইছিলে এইবাৰো খাব।
আনহাতে জ্ঞানশ্ৰী বৰাৰ ব্লগিঙৰ কৰাৰ কথা উল্লেখ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, কোনোবাই যদি মোবাইলটোত কিবা দেখুৱাই বিধায়ক হ’ব পাৰিলে হয়, তেনেহলে ১২৬ টা সমষ্টিত মোবাইল লোৱা সকলেই বিধায়ক হ’ল হেতেন। বিধায়ক হোৱাটো সহজ নহয়। বিধায়ক হ’বলৈ সাধনা কৰিব লাগিব, কষ্ট কৰিব লাগিব, ৰাইজৰ মৰম আদায় কৰিব লাগিব। মাতটো যথেষ্ট মিহি হ’ব লাগিব, জোঙা হ’ব নালাগিব। ৰাইজক কষ্টৰ সময়ত কাষত থাকিব লাগিছিল। কিন্তু সময়ত ভগৱানক আশীৰ্বাদ বিচাৰিলে কেনেকৈ হ’ব। মন্দিৰত গুৱা-পাণ, চাকি বন্তি দিব লাগিছিল। সমষ্টি সময়ত আহি হাত জোকাৰি মুখ টিপি হাঁহিলেই নহ’ব। মৰিয়নীৰ মাটি মূৰত লৈ মই ওলাই আহিছো। গতিকে বিধায়ক ময়েই হ’ম।
লগতে পঢ়ক: আল্লাহেই শেষ ভৰষা; মনোনয়নৰ পূৰ্বে আল্লাহৰ ওচৰত দোৱা গৌৰৱ গগৈৰ









