“APHLCৰ লগত যিয়ে মিত্ৰতা কৰে সি ৰাজনীতিত ডুবিব”- মুখ্যমন্ত্ৰীৰ কটাক্ষ

তেওঁলোকে যিধৰণৰ ৰাজনীতি কৰে, তাৰ দ্বাৰা ধৰ্ণা আৰু প্ৰতিবাদৰে ভৰা পুৰণি কাৰ্বি আংলং পুনৰ ঘূৰি আহিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যি ৰাজনৈতিক দলে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স (APHLC)-ৰ সৈতে মিত্ৰতা কৰিব, সেই দলটো ৰাজনীতিত “ডুব যাব” । মঙলবাৰে বোকাজানত অনুষ্ঠিত হোৱা এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত দাবী কৰে যে পাহাৰীয়া জিলাখনৰ ভোটাৰসকলে APHLC বা তেওঁলোকৰ ৰাজনীতিৰ শৈলীক সমৰ্থন নকৰে । তেওঁ অভিযোগ কৰে যে যদি APHLC পুনৰ সক্ৰিয় হৈ উঠে, তেন্তে কাৰ্বি আংলঙত পুনৰ বন্ধ, প্ৰতিবাদ আৰু অশান্তিৰে ভৰা সেই পুৰণি দিনবোৰ ঘূৰি আহিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ” APHLCৰ সৈতে যি পাৰ্টীয়েই মিত্ৰতা কৰিব, APHLC ডুবিব আৰু লগত যি পাৰ্টীক ল’ব তাকো ডুবাব । কাৰণ ইয়াৰ মানুহে APHLCক ভাল নাপায় । তেওঁলোকে যিধৰণৰ ৰাজনীতি কৰে, তাৰ দ্বাৰা ধৰ্ণা আৰু প্ৰতিবাদৰে ভৰা পুৰণি কাৰ্বি আংলং পুনৰ ঘূৰি আহিব । সেইবাবেই ৰাইজে তেওঁলোকক বা তেওঁলোকক সমৰ্থন কৰা কোনো দলকে ভোট নিদিয়ে ।” তেওঁ আৰু মন্তব্য কৰে যে যিহেতু “যিকোনো সমাজতে বিভিন্ন ধৰণৰ লোক থাকে,” সেয়েহে APHLC-এ কিছু ভোট পাব পাৰে, কিন্তু তেওঁলোকে ব্যাপক জনসমৰ্থন লাভ কৰিব নোৱাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাজান বিধানসভা সমষ্টিৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে, য’ত তেওঁ হাজাৰ হাজাৰ মহিলা হিতাধিকাৰীক ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি বিতৰণ কৰে ।

লগতে পঢ়ক : নিৰ্বাচন চলি থকালৈকে জুবিন ক্ষেত্ৰলৈ নাযাওঁ… মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

“ৰাহুল বাবা, এতিয়াই ভাগৰি নপৰিব, আৰু হাৰিব লাগিব…”ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিৰোধী দলপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীক কটাক্ষ গৃহমন্ত্ৰী অমিত শ্বাহৰ । পৰাজয়ৰ বাবে ৰাহুলক এতিয়াই ভাগৰি নপৰিবলৈ কয় শ্বাহে । তেওঁ কয় যে, বংগ আৰু তামিলনাডুতো পৰাস্ত হ’বলৈ বাকী আছে…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰি কয় যে, “এতিয়াই পৰাজিত হৈ ভাগৰি নাযাব । বংগ আৰু তামিলনাডুতো পৰাস্ত হ’ব লাগিব ।” আহমেদাবাদত এক অনুষ্ঠানত অমিত শ্বাহে কয় যে ২০২৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ এবাৰ বিজেপি চৰকাৰ গঠন হ’ব ।

“ৰাহুল বাবা, এতিয়াই ভাগৰি নপৰিব…”

দেওবাৰে আহমেদাবাদ পৌৰ নিগমৰ ৩৩০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে অমিত শ্বাহে । এই অনুষ্ঠানত ভাষণত তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে । তেওঁ কয়, “ৰাহুল বাবা, এতিয়াই ভাগৰি নপৰিবা । পৰাজয়ত ভাগৰি নাযাবা । বংগ আৰু তামিলনাডুতো পৰাজিত হ’ব লাগিব ।” তেওঁ লগতে কয়, “২০২৯ চনত পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিব । ইয়াৰ কাৰণ হৈছে বিজেপিৰ নীতি, যাৰ সৈতে জনসাধাৰণ সংযুক্ত হৈ আছে ।”

‘কংগ্ৰেছে বিজেপিৰ প্ৰতিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল’

গৃহমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল তেতিয়া কংগ্ৰেছে প্ৰতিবাদ কৰিছিল । পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইকৰ বিৰোধিতা কৰিছিল । কংগ্ৰেছে বিমান আক্ৰমণৰো প্ৰতিবাদ কৰিছিল । বাংলাদেশী অনুপ্ৰৱেশকাৰীক আঁতৰোৱাৰ কথা চৰ্চা হ’লে বিৰোধিতা কৰিছিল । কাশীত নতুন মন্দিৰ নিৰ্মাণ হ’লেও বিৰোধিতা কৰিছিল । কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সময়তো কংগ্ৰেছে প্ৰতিবাদ কৰিছিল । তিনি তালাক বিলুপ্ত হোৱাৰ সময়তো বিৰোধিতা কৰিছিল । যেতিয়া কমন চিভিল কোড প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়াও বিৰোধিতা কৰিছিল ।”

“ৰাহুল বাবাক বুজোৱাৰ ক্ষমতা মোৰ নাই”

অমিত শ্বাহে কয়, “ৰাহুল গান্ধী আৰু কংগ্ৰেছে জনসাধাৰণে যি ভাল পায় তাৰ বিৰোধিতা কৰে, গতিকে ভোট কেনেকৈ পাব ?”  তেওঁ আৰু কয়, “ৰাহুল বাবাক বুজোৱাৰ ক্ষমতা মোৰ নাই, কাৰণ যিসকলক তেওঁৰ নিজৰ দলে পতিয়ন নিয়াব নোৱাৰিলে, তেওঁলোকক তেওঁ কেনেকৈ পতিয়ন নিয়াব ?”

লগতে পঢ়ক : সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মমতা বেনাৰ্জীৰ ভেটি কঁপাই পশ্চিমবংগত হুমায়ুন কবীৰৰ বৃহৎ ঘোষণা…

পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে হুমায়ুন কবীৰে। সোমবাৰে পশ্চিম বংগৰ ৰাজনীতিত উন্মেষ ঘটিব পাৰে এটা নতুন দলে !

নিলম্বিত তৃণমূল কংগ্ৰেছ নেতা হুমায়ুন কবীৰে পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে । নতুন দল গঠন কৰি ৰাজ্যৰ ২৯৪খন বিধানসভাৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে কবীৰে । লগতে নিজকে কিং মেকাৰৰ ভূমিকাতো দেখা পোৱা বুলি উল্লেখ কৰিছে হুমায়ুন কবীৰে

সোমবাৰে মুৰ্ছিদাবাদত আনুষ্ঠানিকভাৱে নিজৰ নতুন ৰাজনৈতিক দল খুলিবলৈ সাজু হৈছে হুমায়ুন কবীৰ । আনকি দল গঠনৰ পূৰ্বে তেওঁ স্পষ্টকৈ কৈছে যে তেওঁৰ দলে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সকলো আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । তেওঁ এতিয়াও নিজৰ দলৰ নাম প্ৰকাশ নকৰিলেও এখন টেবুলকে ধৰি তিনিটা নিৰ্বাচনী প্ৰতীকৰ বাবে নিৰ্বাচন আয়োগক আবেদন জনাইছে ।

বিজেপি আৰু টি এম চিক জনাব প্ৰত্যাহ্বান-

কবীৰে কয় যে বংগত তেওঁৰ যুঁজখন বিজেপি আৰু টি এম চি দুয়োটা দলৰ বিৰুদ্ধে হ’ব । কংগ্ৰেছ, চি পি আই(এম), ওৱেইছিৰ দলৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা নুই কৰিব নোৱাৰিও বুলিও তেওঁ ইংগিত দিছে ।

ইফালে, মুৰ্ছিদাবাদৰ বিভিন্ন স্থানত হুমায়ুন কবীৰৰ নতুন দলৰ বিজ্ঞাপনৰ পোষ্টাৰ ওলাবলৈ আৰম্ভ কৰিছে । মিৰ্জাপুৰ অঞ্চলত এক বৃহৎ অনুষ্ঠানৰ বাবেও মঞ্চ প্ৰস্তুত কৰা হৈছে, য’ত প্ৰায় চাৰি লাখ লোক সমবেত হ’ব পাৰে বুলি দাবী কৰা হৈছে ।

মুৰ্ছিদাবাদত ১০খন আসন লাভ কৰাৰ দাবী-

মুৰ্ছিদাবাদৰ ২২খন বিধানসভাৰ আসনৰ ভিতৰত কমেও ১০খন আসনত জয়ী হোৱাৰ দাবী কৰিছে হুমায়ুন কবীৰে । বৰ্তমান জিলাখনৰ ২২খন আসনৰ ভিতৰত ২০খন আসন টি এম চিৰ দখলত আছে আৰু বিজেপিৰ দখলত দুখন আসন আছে । উল্লেখ্য যে, অহা বছৰ পশ্চিম বংগত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহ সাজু হৈছে ।

লগতে পঢ়ক : অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সংস্থাপন দিব বিচাৰিছে কংগ্ৰেছে… নামৰূপৰ জনসভাত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ

সোমবাৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱে পদত্যাগ কৰে । কাৰ্যকালৰ এমাহ সম্পূৰ্ণ নহওতেই পদৰ পৰা পদত্যাগ কৰে লেকৰ্ণুৱে । ইয়াৰ লগে লগে তেওঁ ১৯৫৮ চনৰ পিছত ফ্ৰান্সৰ আটাইতকৈ কম সময়ৰ বাবে কাৰ্যকালত থকা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ।

ইফালে নিযুক্তিৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগে ৰাষ্ট্ৰখনৰ ৰাজনীতিত গভীৰ সংকটৰ ইংগিত দিছে । ৯ ছেপ্টেম্বৰত লেকৰ্ণুক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । মন্ত্ৰীসভা ঘোষণাৰ ঠিক পিছতেই লেকৰ্ণুৱে নিজৰ দল আৰু বিৰোধী শিবিৰৰ সমালোচনাৰ সন্মুখীন হৈছিল । দৰাচলতে লেকৰ্ণুৰ মন্ত্ৰীসভাৰ ১৮টা নামৰ ভিতৰত ১২টা নাম আছিল পূৰ্বৰ চৰকাৰৰ অংশ হোৱা নেতাৰ, তাৰ পিছত লেকৰ্ণুৰ সমালোচনা আৰম্ভ হৈছিল । মঙলবাৰে লেকৰ্ণুৱে নিজৰ চৰকাৰৰ ৰোডমেপ দাখিল কৰিবলৈ ৰাষ্ট্ৰীয় সংসদত ভাষণ দিয়াৰ কথা আছিল যদিও তাৰ পূৰ্বে তেওঁ পদত্যাগ কৰে ।

লেকৰ্ণুৰ পদত্যাগে ফ্ৰান্সৰ ৰাজনৈতিক সংকট গভীৰ কৰাৰ লগতে ৰাষ্ট্ৰপতি মেক্ৰনৰ ওপৰতো হেঁচা বৃদ্ধি কৰিছে । মেক্ৰনে এতিয়ালৈকে তিনিখন ব্যৰ্থ চৰকাৰৰ নেতৃত্ব দিছে । ফ্ৰান্সৰ ক্ৰমবৰ্ধমান ঘাটি হ্ৰাস কৰিবলৈ সংসদত সুষম বাজেট গৃহীত কৰাৰ ৰাজনৈতিকভাৱে প্ৰত্যাহ্বানজনক কাম লেকৰ্ণুক দিয়া হৈছিল । ২০২৪ চনত ফ্ৰান্সৰ ঘাটি আছিল জিডিপিৰ ৫.৮% আৰু ঋণ ১১৩% । এয়া ইউৰোপীয় সংঘৰ নিয়মতকৈ বহু বেছি, যিয়ে ঘাটি ৩ শতাংশলৈ সীমিত ৰাখে ।

লগতে পঢ়ক : ‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

সাতখন দেশৰ ছুপাৰ গ্ৰুপ জি-৭; কিয় গঠন হ’ল এই গোট, পৃথিৱীত ইয়াৰ প্ৰভাৱ কি ?

সাতখন দেশৰ ছুপাৰ গ্ৰুপ জি-৭

জি-৭ অৰ্থাৎ “গ্ৰুপ অব্ ছেভেন” কেৱল সাতখন উন্নত দেশৰ গোট নহয়, বৰঞ্চ বিশ্ব ৰাজনীতি, অৰ্থনীতি আৰু নিৰাপত্তাৰ সৈতে জড়িত সিদ্ধান্তৰ বাবে এক শক্তিশালী মঞ্চ । ২০২৫ চনত কানাডাই আয়োজন কৰা জি-৭ সন্মিলনে পুনৰবাৰ বিশ্বক দেখুৱাই দিলে যে এই মঞ্চই বিশ্বৰ সিদ্ধান্তক কিমান গভীৰভাৱে প্ৰভাৱিত কৰে ।

গতিকে জানক জি-৭ কি, ই কিয় গঠন হ’ল, ই কেনেকৈ কাম কৰে আৰু এই গোটৰ বিশ্বত কি প্ৰভাৱ পৰে ।

জি-৭ৰ গঠন আৰু উদ্দেশ্য

১৯৭৩–৭৪ চনৰ অৰ্থনৈতিক মন্দাৱস্থা আৰু তেলৰ সংকটৰ সৈতে বিশ্বই যুঁজি থকাৰ সময়তে ১৯৭৫ চনত এই গোটৰ আৰম্ভ হৈছিল । তেতিয়া আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু ব্ৰিটেইনে মিলি এই গোট গঠন কৰিছিল, যাতে বিশ্ব অৰ্থনৈতিক নীতিৰ সমন্বয় সাধন কৰিব পৰা যায় । ১৯৭৬ চনত কানাডাই যোগদান কৰাৰ পিছত এই গোটটোক জি-৭ বুলি কোৱা হৈছিল । ইয়াৰ মূল উদ্দেশ্য হৈছে উন্নত দেশসমূহৰ মাজত অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰখা আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ উমৈহতীয়া সমাধান বিচাৰি উলিওৱা ।

মূল কামবোৰ কি ?  

এই গোট এতিয়া কেৱল অৰ্থনৈতিক বিষয়ত সীমাবদ্ধ হৈ থকা নাই । এই গোটটোৱে বিশ্ব পৰ্যায়ৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আছে । ই বাণিজ্য, বিনিয়োগ আৰু বিত্তীয় নীতিৰ জৰিয়তে বিশ্ব অৰ্থনীতিক দিশ নিৰ্দেশনা দিয়ে, আনহাতে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত যুদ্ধ, সন্ত্ৰাসবাদ আৰু পাৰমাণৱিক ভাবুকিৰ দৰে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ কৌশল প্ৰণয়ন কৰে ।

ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সুৰক্ষাৰ বাবে বিশ্বব্যাপী নিয়ম নিৰ্ধাৰণ, বিশ্ব স্বাস্থ্য সংকট (যেনে মহামাৰী)ৰ প্ৰতি দ্ৰুত সঁহাৰি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰতো এই গোটৰ মূল ভূমিকা আছে ।

বিশ্বত প্ৰভাৱ কি ?

বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে বিশ্বৰ দিশ নিৰ্ধাৰণত এই গোটৰ সিদ্ধান্তই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ অৰ্থনৈতিক নীতিয়ে বিশ্বৰ বজাৰ, মুদ্ৰাস্ফীতি আৰু বাণিজ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় । নিৰাপত্তাৰ ক্ষেত্ৰত এই গোটটোৱে ইউক্ৰেইনৰ সংকটৰ দৰে যুদ্ধ আৰু আন্তঃৰাষ্ট্ৰীয় সংঘাতত সক্ৰিয় ভূমিকা পালন কৰে । প্ৰযুক্তিগত আৰু পৰিৱেশ বিষয়ত এই গ্ৰুপে পৰিৱেশ চুক্তি আৰু ডিজিটেল শাসনৰ দৰে বিষয়ত দিশ নিৰ্ধাৰণ কৰে । লগতে চীন আৰু ৰাছিয়াৰ দৰে বিশ্ব শক্তিৰ ওপৰত ৰাজনৈতিক আৰু কূটনৈতিক হেঁচা সৃষ্টি কৰি ভাৰসাম্য গঢ়ি তুলিবলৈ চেষ্টা কৰে ।

লগতে পঢ়ক : ইৰাণৰ বিৰুদ্ধে যুঁজত ইজৰাইলৰ পক্ষত জি-৭ দেশ; পশ্চিম এছিয়াৰ অস্থিৰতাৰ মূল কাৰণ তেহৰাণ বুলি অভিহিত

শ্বেখ হাছিনাৰ দলৰ ওপৰত নিষেধাজ্ঞা আৰোপ ইউনুছ চৰকাৰৰ… আৱামী লীগে এনেদৰে দিলে উত্তৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে । কোৱা হৈছে যে বাংলাদেশ চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে । আৱামী লীগে ইউনুছ চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে । চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত আৱামী লীগেও এক বিবৃতি প্ৰকাশ কৰিছে ।

চৰকাৰৰ এই সিদ্ধান্ত দমনমূলক আৰু অগণতান্ত্ৰিক বুলি কৈছে আৱামী লীগে । তেওঁলোকে কয় যে, আমি এই সিদ্ধান্তৰ বিৰোধিতা কৰোঁ । আনহাতে, ইউনুছ চৰকাৰে নিজৰ সিদ্ধান্ত সন্দৰ্ভত কয় যে আৱামী লীগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত লোৱা হৈছে । আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণত আৱামী লীগৰ নেতাৰ বিৰুদ্ধে বিচাৰ সম্পূৰ্ণ নোহোৱালৈকে আৱামী লীগৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব ।

উল্লেখ্য যে মহম্মদ ইউনুছৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আৱামী লীগ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ আইনৰো সংশোধন কৰা হৈছে । ইয়াৰ অধীনত এতিয়া যিকোনো ৰাজনৈতিক দল আৰু ইয়াৰ নেতাৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিয়া হৈছে ।

‘কংগ্ৰেছে সদায়ে ন্যায়পালিকাক অপমান কৰি আহিছে’… নিশিকান্ত ডুবেৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উচ্চতম ন্যায়ালয় সন্দৰ্ভত বিজেপি সাংসদ নিশিকান্ত ডুবেৰ মন্তব্যৰ পৰা উদ্ভৱ হোৱা বিতৰ্কৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক প্ৰত্যুত্তৰ দিছে । কংগ্ৰেছ দলে বিজেপিক কৰা আক্ৰমণৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে ন্যায়পালিকাক অপমান কৰা ঘটনাৰ কথা উল্লেখ কৰে ।

শৰ্মাই এক্সত লিখিছে, ‘সকলো ৰাজনৈতিক প্ৰতিষ্ঠানে সামঞ্জস্য আৰু সততাৰে ন্যায়িক সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজনীয় । ন্যায়পালিকাৰ প্ৰতি সন্মান ইয়াৰ সিদ্ধান্তৰ অনুকূলতাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । নিৰ্বাচিত সমৰ্থনে জনসাধাৰণৰ আস্থা আৰু আমাৰ গণতন্ত্ৰৰ মৌলিক নীতিসমূহ ধ্বংস কৰে ।’

তেওঁ ন্যায়াধীশ দীপক মিশ্ৰাৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰে, যিটো প্ৰস্তাৱ মুখ্যমন্ত্ৰীগৰায়ে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ উদ্যোগত “কোনো সুনিৰ্দিষ্ট প্ৰমাণ অবিহনে অসৎ আচৰণ”ৰ অভিযোগ উত্থাপন কৰিছিল ।

এক্সত ড০ শৰ্মাই লিখিছে, ‘ন্যায়াধীশ ৰঞ্জন গগৈ : অযোধ্যাৰ ৰায়কে ধৰি ঐতিহাসিক ৰায়দানৰ পিছত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ।’ তেওঁ আৰু কয় যে ন্যায়াধীশ অৰুণ মিশ্ৰক তেওঁৰ সিদ্ধান্ত আৰু কাৰ্যবাহীৰ সৈতে তেওঁৰ কথিত সান্নিধ্যৰ বাবে লক্ষ্য কৰি লোৱা হৈছে ।

ন্যায়াধীশ চন্দ্ৰচূড় সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজনৈতিক প্ৰত্যাশা অনুযায়ী সিদ্ধান্ত নাহিলে তেওঁৰ ওপৰতো মন্তব্য কৰা হৈছিল । অৱসৰৰ কিছু সময়ৰ পাছতে ন্যায়াধীশ এছ আব্দুল নাজীৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ সমালোচনা কৰাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰি শৰ্মাই কয় যে ইয়াৰ পূৰ্বেও এনে নিযুক্তি দিয়া হৈছে ।

তেওঁ কয়, ‘অৱসৰৰ কিছু সময়ৰ পিছতে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ বাবে কংগ্ৰেছে তেওঁক সমালোচনা কৰি ন্যায়িক স্বাধীনতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ উত্থাপন কৰে, আনহাতে পূৰ্বেও একেধৰণৰ নিযুক্তি দিয়া হৈছে ।’ ইফালে বিজেপিৰ পক্ষ লৈ শাসকীয় দলে ন্যায়পালিকাৰ ভূমিকাক “ন্যায্যভাৱে” সন্মান কৰে আৰু নিশিকান্ত ডুবেৰ মন্তব্য দলৰ নহয় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়, ‘জেপি নাড্ডাই এইবোৰ ব্যক্তিগত মতামত আৰু দলৰ স্থিতি প্ৰতিফলিত নহয় বুলি স্পষ্ট কৰিছে, ন্যায়িক প্ৰতিষ্ঠানসমূহৰ প্ৰতি বিজেপিৰ গভীৰ শ্ৰদ্ধা পুনৰবাৰ উল্লেখ কৰিছে ।’

‘চীনলৈ আৰু অধিক ভাৰতীয় আহিব লাগে…’, ট্ৰাম্পৰ সৈতে শত্ৰুতাৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ হাত আগবঢ়াইছে ড্ৰেগনে

আমেৰিকাৰ সৈতে চলি থকা বাণিজ্য যুদ্ধৰ মাজতে চীনে ভাৰতক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে । চীনে ৮৫,০০০ৰো অধিক ভাৰতীয় নাগৰিকক ভিছা প্ৰদান কৰিছে ।

ভাৰতত থকা চীনৰ দূতাবাসে ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৯ এপ্ৰিললৈ ৮৫ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক ভিছা প্ৰদান কৰিছে । দুয়ো দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে অধিক সংখ্যক ভাৰতীয়ক চীন ভ্ৰমণ আৰু চীনত অধিক মুকলি, নিৰাপদ আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশৰ অভিজ্ঞতা লাভ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

তেওঁ ছ’চিয়েল মিডিয়া পোষ্টত কয় যে ২০২৫ চনৰ ৯ এপ্ৰিললৈকে ভাৰতত থকা চীনৰ দূতাবাস আৰু কনছুলেটসমূহে চীন ভ্ৰমণলৈ যোৱা ভাৰতীয় নাগৰিকক ৮৫ হাজাৰৰো অধিক ভিছা প্ৰদান কৰিছে । অধিক সংখ্যক ভাৰতীয় বন্ধুৱে চীন ভ্ৰমণ কৰিবলৈ আৰু নিৰাপদ আৰু বন্ধুত্বপূৰ্ণ চীনক চিনি পাবলৈ আদৰণি জনোৱা হৈছে । যোৱা বছৰ চীনে ১ লাখ ৮০ হাজাৰ ভাৰতীয়ক ভিছা প্ৰদান কৰিছিল ।

ভাৰতীয় পৰ্যটকক বহু ৰেহাই দিছিল চীনে-

ভাৰতীয় পৰ্যটকক চীনে বহু ধৰণৰ ৰেহাই দিছে । ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল চীনা ভিছাৰ বাবে আবেদন কৰা ভাৰতীয়সকলে আৰু বাধ্যতামূলকভাৱে অনলাইন এপইণ্টমেণ্ট ল’ব নালাগিব । ইয়াৰ ফলত ভিছা আবেদন প্ৰক্ৰিয়া সহজ হৈ পৰিব ।

ইয়াৰ বাহিৰেও যদি ভাৰতীয় নাগৰিকে কম সময়ৰ বাবে চীনলৈ যাব বিচাৰে, তেন্তে তেওঁলোকে আৰু বায়’মেট্ৰিক ডাটা জমা দিয়াৰ প্ৰয়োজন নাই, যাৰ ফলত ভিছা প্ৰক্ৰিয়াকৰণৰ সময় কমি যায় ।

ভিছা অনুমোদন ব্যৱস্থা ক্ষিপ্ৰ কৰিবলৈ চীনে অনুমোদনৰ সময়সীমাও সহজ কৰি তুলিছে, যাৰ ফলত প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হৈছে । চীনে নিজৰ দেশলৈ অধিক ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ ভিছা মাচুলো হ্ৰাস কৰিছে ।

অভব্য আচৰণ… ৰূপজ্যোতি কুৰ্মীক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ

অসম বিজেপিয়ে শনিবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীক বিধানসভাত বিৰোধী সদস্যৰ বিৰুদ্ধে অভব্য আচৰণ কৰাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়ে । কুৰ্মীলৈ লিখা এখন পত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুকুৰবাৰে বিধানসভাত তেওঁৰ আচৰণ গণতান্ত্ৰিক পৰম্পৰাৰ বিৰুদ্ধে বুলি উল্লেখ কৰে ।

সদনত চলি থকা আলোচনাৰ সময়ত বিৰোধী বিধায়কসকৰ সৈতে মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈ তেওঁলোকৰ বিৰুদ্ধে গালি-গালাজ আৰম্ভ কৰে । যিবোৰ পিছত সদনৰ কাৰ্য্যবিধিৰ পৰা আঁতৰাই দিয়া হয় । ইয়াৰ উপৰিও তেওঁ বিৰোধী সদস্যৰ ফালে চোঁচা লৈ আক্ৰমণ কৰিবলৈয়ো চেষ্টা কৰিছিল যদিও মাৰ্শ্বালসকলে তেওঁক বাধা প্ৰদান কৰে ।

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পত্ৰখনত লিখিছে, বিজেপিৰ সদস্য হিচাপে আমি কোনো জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা এনে আচৰণ আশা নকৰো । বিজেপি এটা অনুশাসিত আৰু সহনশীল দল, যিয়ে নিজৰ নীতি আৰু মূল্যবোধৰ ওপৰত দৃঢ়তাৰে থিয় দিছে যদিও কুৰ্মীৰ আচৰণ দলৰ মতাদৰ্শ আৰু শিষ্টাচাৰৰ বিৰুদ্ধে আছিল ।

ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নকৰিবলৈ কুৰ্মীক সতৰ্ক কৰি দিয়া হৈছে । তেওঁ কয়, ” ইয়াৰ লগে লগে আপোনাক এই বিষয়ত অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়া হৈছে ।”

উল্লেখযোগ্য যে কুৰ্মীয়ে ইতিমধ্যে বিধানসভাত কৰা আচৰণৰ বাবে ক্ষমা খুজিছে । কংগ্ৰেছৰ প্ৰাক্তন নেতা কুৰ্মীয়ে ২০০৬ চনৰ পৰা মৰিয়নী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে আৰু ২০২১ চনত তেওঁ বিজেপিত যোগদান কৰে ।