মঙলবাৰে গভীৰ নিশা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে দেশখনৰ পৰা সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীক সম্বোধন কৰি এই তথ্য প্ৰদান কৰে । দৰাচলতে সংসদত বিপুল বিৰোধিতাৰ পাছত ইয়াক প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰা হয় । গভীৰ নিশা শাসক আৰু বিৰোধী দুয়োটা দলৰ ৩০০ সাংসদৰ ভিতৰত ১৯০ জন সাংসদে সৰ্বসন্মতিক্ৰমে ভোটদান কৰি এই সামৰিক আইন নাকচ কৰে । ইয়াৰ পিছতে সামৰিক আইন আঁতৰাবলগীয়া হয় ।
উল্লেখ্য যে, ছাত্ৰ আৰু শ্ৰমিক সংঘৰ নেতৃত্বত দেশজোৰা বিদ্ৰোহৰ সময়ত ১৯৮০ চনত দক্ষিণ কোৰিয়াৰ এজন ৰাষ্ট্ৰপতিয়ে শেষবাৰৰ বাবে সামৰিক আইন ঘোষণা কৰিছিল ।
ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা হৈছিল-
উল্লেখ্য যে, বিৰোধী দল আৰু শাসকীয় দলৰ নেতাসকলেও ৰাষ্ট্ৰপতিয়ে সামৰিক আইন জাপি দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল । ইউন চুক-ইয়লৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁৰ নিজৰ দলৰ নেতা হান ডং-হুনে । সংসদত সামৰিক আইন বিৰোধী ভোটদানতো অংশ লৈছিল হুনে ।
ৰাষ্ট্ৰপতিয়ে কিয় সামৰিক আইন জাপি দিছিল ?
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে মঙলবাৰে দেশত ‘জৰুৰীকালীন সামৰিক আইন’ ঘোষণা কৰি বিৰোধী দলসমূহে চৰকাৰক পক্ষাঘাতগ্ৰস্ত কৰা, উত্তৰ কোৰিয়াৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু দেশখনৰ সাংবিধানিক ব্যৱস্থা দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ এই ঘোষণা কৰে টেলিভিছনযোগে দেশবাসীক দিয়া ভাষণত ।
ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে নিজৰ ভাষণত কয় যে, ‘উত্তৰ কোৰিয়াৰ কমিউনিষ্ট বাহিনীয়ে সৃষ্টি কৰা ভাবুকিৰ পৰা দক্ষিণ কোৰিয়াক ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় বিৰোধী উপাদানসমূহ নিৰ্মূল কৰিবলৈ মই জৰুৰীকালীন সামৰিক আইন ঘোষণা কৰিছো ।’ দেশৰ স্বতন্ত্ৰ আৰু সাংবিধানিক ব্যৱস্থাক সুৰক্ষিত কৰাটো প্ৰয়োজনীয় বুলি তেওঁ আখ্যা দিয়ে । অহা বছৰৰ বাজেটক লৈ ইউনৰ পিপলছ পাৱাৰ পাৰ্টি আৰু বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ মাজত চলি থকা বিবাদৰ পিছতে এই ঘোষণা কৰা হৈছিল ।
ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা-
সামৰিক আইন কাৰ্যকৰী হোৱাৰ পিছত দক্ষিণ কোৰিয়াত উত্তেজনা বৃদ্ধি পায় । সংসদৰ বাহিৰত ভিৰ গোট খাইছিল । বিৰোধী দল আৰু শাসকীয় সাংসদসকলেও ইয়াৰ বিৰোধিতা কৰিছিল । সংসদৰ বাহিৰত শতাধিক প্ৰতিবাদকাৰী আৰু সংবাদ মাধ্যমৰ কৰ্মীয়ে শ্লোগান দি দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এই সিদ্ধান্তৰ বিৰোধিতা কৰে । বিৰোধী দলৰ নেতাই ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ সামৰিক আইন ঘোষণাক ‘অসাংবিধানিক’ বুলি অভিহিত কৰে । এই পদক্ষেপ দেশৰ সংবিধান বিৰোধী আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহ দুৰ্বল কৰি তোলে বুলিও তেওঁলোকে কয় ।