সামৰিক আইন জাপি দিয়াৰ অভিযোগত ব্যৱস্থা গ্ৰহণ…গ্ৰেপ্তাৰ হ’ল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লক মহাভিযোগৰ পিছত বুধবাৰে (১৫ জানুৱাৰী) আইন প্ৰয়োগকাৰী বিষয়াই গ্ৰেপ্তাৰ কৰে । দেশখনৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হৈছে যে এজন বৰ্তমানৰ ৰাষ্ট্ৰপতিক জিম্মাত লোৱা হৈছে । তেওঁৰ গ্ৰেপ্তাৰ দক্ষিণ কোৰিয়াৰ ৰাজনীতিত এক অভূতপূৰ্ব ঘটনা আৰু ই দেশখনৰ ৰাজনৈতিক দৃশ্যপটত গভীৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ বিৰুদ্ধে দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰ আৰু অন্যান্য অনিয়মকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছিল । সংসদত মহাভিযোগ প্রস্তাৱ গৃহীত হোৱাৰ পাছত আইন-শৃংখলা বাহিনীৰ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীক জিম্মাত লোৱাৰ সিদ্ধান্ত লয় । এই পদক্ষেপে দেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে ।

সামৰিক আইন জাপি দিয়াৰ চেষ্টা-

দক্ষিণ কোৰিয়াৰ মহাভিযোগ দাখিল হোৱা ৰাষ্ট্ৰপতি ইউন চুক ইয়লে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ আৰু সামৰিক আইন জাপি দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে, যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চোকা সমালোচনাৰ সন্মুখীন হৈছিল । মহাভিযোগৰ পিছত দেশখনত অস্থিৰতাৰ পৰিবেশ সৃষ্টি হৈছিল, যিটো এতিয়া তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে ।

নাটকীয় গ্ৰেপ্তাৰৰ ঘটনা-

বুধবাৰে পুৱা এহাজাৰৰো অধিক দুৰ্নীতি বিৰোধী তদন্তকাৰী আৰু আৰক্ষী বিষয়া ইউন চুক ইয়লৰ ঘৰত উপস্থিত হয় । এই সময়ছোৱাত তেওঁৰ ঘৰৰ চাৰিওফালে বেৰিকেড স্থাপন কৰা হৈছিল যাতে আইন প্ৰয়োগকাৰী বিষয়াসকলে ভিতৰলৈ সোমাব নোৱাৰে । অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক । এই ঘটনাক দক্ষিণ কোৰিয়াৰ ৰাজনীতিত এক নাটকীয় টাৰ্নিং পইণ্ট হিচাপে দেখা গৈছে ।

আন্তঃৰাষ্ট্ৰীয় সঁহাৰি আৰু ৰাজনৈতিক স্থিতিশীলতা-

ইউন চুক ইয়লক গ্ৰেপ্তাৰ কৰা ঘটনাই আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে । বহু দেশে এই ঘটনাক দক্ষিণ কোৰিয়াৰ গণতন্ত্ৰৰ পৰীক্ষা হিচাপে দেখিছে । এই গ্ৰেপ্তাৰৰ ফলত দেশৰ ৰাজনৈতিক স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন হৈছে, আৰু ভৱিষ্যতে ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ ওপৰত নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ’ব ।

পদৰ পৰা অপসাৰিত হ’ল ৰাষ্ট্ৰপতি, সংসদত গৃহীত মহাভিযোগ প্ৰস্তাৱ…

দেশত সামৰিক আইন জাপি দিয়াৰ বিতৰ্কিত প্ৰচেষ্টাক লৈ ৰাজনৈতিক সংকটৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংসদে ৰাষ্ট্ৰপতি ইউন চুক ইয়নক পদৰ পৰা অপসাৰণৰ বাবে শনিবাৰে ভোটদান কৰে । ভোটদানৰ অন্তত বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা পাৰ্ক চান-ডাইয়ে কয় যে আজিৰ মহাভিযোগ ৰাইজৰ বাবে এক বৃহৎ জয় ।

দৰাচলতে দক্ষিণ কোৰিয়াত সামৰিক আইন জাপি দিয়া কাৰ্য আৰু এই সিদ্ধান্ত বাতিলৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈছে । ইতিমধ্যে ব্যাপক ক্ষোভৰ পিছত ৰাষ্ট্ৰপতি ইউন চুক ইয়নৰ চীফ অব ষ্টাফকে ধৰি কেইবাগৰাকীও শীৰ্ষ কেবিনেট সহায়কে পদত্যাগ কৰিছে । ইয়াৰ পিছতে সংসদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ দাখিল কৰা হয় । এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত ইয়নক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰা হয় ।

২০৪ জন সংসদৰ সমৰ্থনত গৃহীত মহাভিযোগ প্ৰস্তাৱটো চিউলৰ সংসদ ভৱনৰ বাহিৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈ বেনাৰ প্ৰদৰ্শন ইয়লক অপসাৰণৰ দাবীত শ্ল’গান দি থকাৰ সময়তে গৃহীত হয় । ৰাষ্ট্ৰপতিগৰাকী অপসাৰিত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে উল্লাসিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।

প্ৰধানমন্ত্ৰীয়ে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ ভূমিকা পালন কৰিব-

ইয়ন এই পদৰ পৰা অপসাৰিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী হান ডাক-ছুৱে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ ভূমিকা গ্ৰহণ কৰিব । এতিয়া দক্ষিণ কোৰিয়াৰ সাংবিধানিক আদালতে ইয়নৰ শাস্তি সন্দৰ্ভত আলোচনা কৰি ১৮০ দিনৰ ভিতৰত ৰায়দান কৰিব । যদি আদালতে তেওঁক অপসাৰণৰ সমৰ্থন কৰে তেন্তে ইয়ন দক্ষিণ কোৰিয়াৰ ইতিহাসত দ্বিতীয়জন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব যাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ সফলতাৰে গৃহীত হৈছে । ইয়াৰ লগতে তেওঁক অপসাৰণৰ ৬০ দিনৰ ভিতৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাটো বাধ্যতামূলক ।

সামৰিক আইন সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত অভিযান, প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীৰ আত্মহত্যাৰ চেষ্টা…

বুধবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলায় । দেশখনত সামৰিক আইন জাপি দিয়াৰ তদন্তৰ অংশ হিচাপে এই অভিযান চলোৱা হয় । প্ৰতিবেদন অনুসৰি ছিউল মহানগৰ আৰক্ষী আৰু ৰাষ্ট্ৰীয় সংসদৰ আৰক্ষী গাৰ্ডৰ কাৰ্যালয়তো অভিযান চলোৱা হয় । ইফালে ইয়াৰ মাজতে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী কিম ইয়ং হিয়ুনে আত্মহত্যাৰ চেষ্টা চলোৱাৰ বুলি খবৰ প্ৰকাশ পাইছে । অৱশ্যে তেওঁক উদ্ধাৰ কৰা হয় আৰু এতিয়া তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে সামৰিক আইন কাৰ্যকৰী কৰা বিষয়াসকলৰ ওপৰত শাস্তি অব্যাহত আছে । ইয়াৰ অধীনত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় আৰক্ষী সংস্থাৰ আয়ুক্ত জেনেৰেল চ’ জি হো আৰু আৰক্ষী বিষয়া কিম বং ছিকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে । দুয়োকে ছিউলৰ নামদাইমুন থানাত আটক কৰি ৰখা হৈছে ।

ৰাজধানী ছিউলত অৱস্থিত সংসদৰ বাহিৰত বৃহৎ সংখ্যক আৰক্ষী বাহিনী নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে, যিটো সাংসদসকলক ভিতৰলৈ প্ৰৱেশ কৰাত বাধা দিয়াৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে । তাৰ পিছত সাংসদৰ এটা বৃহৎ দলে ৰাষ্ট্ৰপতি ইউনে জাপি দিয়া সামৰিক আইন প্ৰত্যাহাৰ কৰিবলৈ সংসদত ভোট দিব বিচাৰিছিল । কিন্তু আৰক্ষী বাহিনী নিয়োগ কৰাৰ বাবে মূল দুৱাৰেদি প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল । পিছত সাংসদসকলে খিৰিকী আৰু অন্যান্য পথেৰে সংসদত প্ৰৱেশ কৰে ।

এই সমগ্ৰ ঘটনাৰ পিছত ৰাষ্ট্ৰপতি ইউনে তেওঁৰ প্ৰতিৰক্ষা মন্ত্ৰী কিম ইয়ং-হিউনৰ পদত্যাগ গ্ৰহণ কৰে । পিছত সামৰিক আইনৰ সিদ্ধান্তত তেওঁৰ ভূমিকাৰ বাবে গ্ৰেপ্তাৰ হয় । স্থানীয় সংবাদ মাধ্যমৰ মতে, কিম ইয়ং-হিউনৰ ওপৰতো ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু বিষয়টোৰ ওপৰত তদন্ত চলি আছে । এই অভিযানত জড়িত তিনিজন জ্যেষ্ঠ সামৰিক বিষয়াকো শুকুৰবাৰে নিলম্বন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

লাইভ টিভিত মূৰ দোৱাই ক্ষমা খুজিলে  দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে, মহাভিযোগ দাখিলৰ পূৰ্বে স্বীকাৰ কৰিলে নিজৰ ভুল

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে সামৰিক আইন জাপি দিয়াৰ প্ৰচেষ্টাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে । ৰাষ্ট্ৰীয় টেলিভিছনত সম্প্ৰচাৰিত ভাষণত তেওঁ মূৰ দোৱাই ভুল স্বীকাৰ কৰে । তেওঁৰ সম্ভাৱ্য মহাভিযোগ প্ৰক্ৰিয়াৰ ওপৰত ভোটদান হোৱাৰ পূৰ্বে এই ক্ষমা প্ৰাৰ্থনা কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰাটো প্ৰয়োজনীয়!

শুকুৰবাৰে হানে কয় যে ইউন দেশৰ বাবে ভাবুকি আৰু তেওঁক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰাৰ প্ৰয়োজন আছে, যাৰ ফলত ইউনৰ ওপৰত পদত্যাগ কৰাৰ হেঁচা বৃদ্ধি পাইছে যদিও তেওঁৰ পিপল পাৱাৰ পাৰ্টিৰ সদস্যসকলে এতিয়াও তেওঁৰ মহাভিযোগৰ বিৰোধিতা কৰিছে । বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ মহাভিযোগৰ প্ৰস্তাৱৰ ওপৰত ভোটদান শনিবাৰে অৰ্থাৎ আজি অনুষ্ঠিত হ’ব ।

ৰাষ্ট্ৰপতিয়ে হঠাতে সামৰিক আইন ঘোষণা কৰে-

ৰাষ্ট্ৰপতি ইউনে মঙলবাৰে নিশা দেশত সামৰিক আইন ঘোষণা কৰি সেনাবাহিনীক অতিৰিক্ত ক্ষমতা প্ৰদান কৰিছিল যাতে সেনাবাহিনীয়ে ‘ৰাষ্ট্ৰ বিৰোধী শক্তি’ আৰু ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে । ২০১৬ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি পাৰ্ক গেউন-হাইৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ দৰে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পি পি পিৰ কিছু সদস্যই ইউনক ভোটদানৰ পূৰ্বে পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল ।

দুৰ্নীতিৰ কেলেংকাৰীৰ সময়ত ৰাজহুৱা প্ৰতিবাদৰ পিছত পাৰ্কৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল, যাৰ ফলত শেষত দলটোৰ পৰাজয় হয় । এই প্ৰতিবাদৰ কথা মনত পেলাই শুকুৰবাৰে নিশা সংসদৰ বাহিৰত হাজাৰ হাজাৰ লোক সমবেত হৈ ইউনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । ভোটদানৰ পূৰ্বে আৰু অধিক বিক্ষোভৰ সম্ভাৱনা আছে ।

ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰোধিতা দক্ষিণ কোৰিয়াৰ সংসদৰ, সামৰিক আইন প্ৰত্যাহাৰ

মঙলবাৰে গভীৰ নিশা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে দেশখনৰ পৰা সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীক সম্বোধন কৰি এই তথ্য প্ৰদান কৰে । দৰাচলতে সংসদত বিপুল বিৰোধিতাৰ পাছত ইয়াক প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰা হয় । গভীৰ নিশা শাসক আৰু বিৰোধী দুয়োটা দলৰ ৩০০ সাংসদৰ ভিতৰত ১৯০ জন সাংসদে সৰ্বসন্মতিক্ৰমে ভোটদান কৰি এই সামৰিক আইন নাকচ কৰে । ইয়াৰ পিছতে সামৰিক আইন আঁতৰাবলগীয়া হয় ।

উল্লেখ্য যে, ছাত্ৰ আৰু শ্ৰমিক সংঘৰ নেতৃত্বত দেশজোৰা বিদ্ৰোহৰ সময়ত ১৯৮০ চনত দক্ষিণ কোৰিয়াৰ এজন ৰাষ্ট্ৰপতিয়ে শেষবাৰৰ বাবে সামৰিক আইন ঘোষণা কৰিছিল ।

ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা হৈছিল-

উল্লেখ্য যে, বিৰোধী দল আৰু শাসকীয় দলৰ নেতাসকলেও ৰাষ্ট্ৰপতিয়ে সামৰিক আইন জাপি দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল । ইউন চুক-ইয়লৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁৰ নিজৰ দলৰ নেতা হান ডং-হুনে । সংসদত সামৰিক আইন বিৰোধী ভোটদানতো অংশ লৈছিল হুনে ।

ৰাষ্ট্ৰপতিয়ে কিয় সামৰিক আইন জাপি দিছিল ?

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে মঙলবাৰে দেশত ‘জৰুৰীকালীন সামৰিক আইন’ ঘোষণা কৰি বিৰোধী দলসমূহে চৰকাৰক পক্ষাঘাতগ্ৰস্ত কৰা, উত্তৰ কোৰিয়াৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু দেশখনৰ সাংবিধানিক ব্যৱস্থা দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ এই ঘোষণা কৰে টেলিভিছনযোগে দেশবাসীক দিয়া ভাষণত ।

ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে নিজৰ ভাষণত কয় যে, ‘উত্তৰ কোৰিয়াৰ কমিউনিষ্ট বাহিনীয়ে সৃষ্টি কৰা ভাবুকিৰ পৰা দক্ষিণ কোৰিয়াক ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় বিৰোধী উপাদানসমূহ নিৰ্মূল কৰিবলৈ মই জৰুৰীকালীন সামৰিক আইন ঘোষণা কৰিছো ।’  দেশৰ স্বতন্ত্ৰ আৰু সাংবিধানিক ব্যৱস্থাক সুৰক্ষিত কৰাটো প্ৰয়োজনীয় বুলি তেওঁ আখ্যা দিয়ে । অহা বছৰৰ বাজেটক লৈ ইউনৰ পিপলছ পাৱাৰ পাৰ্টি আৰু বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ মাজত চলি থকা বিবাদৰ পিছতে এই ঘোষণা কৰা হৈছিল ।

ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা-

সামৰিক আইন কাৰ্যকৰী হোৱাৰ পিছত দক্ষিণ কোৰিয়াত উত্তেজনা বৃদ্ধি পায় । সংসদৰ বাহিৰত ভিৰ গোট খাইছিল । বিৰোধী দল আৰু শাসকীয় সাংসদসকলেও ইয়াৰ বিৰোধিতা কৰিছিল । সংসদৰ বাহিৰত শতাধিক প্ৰতিবাদকাৰী আৰু সংবাদ মাধ্যমৰ কৰ্মীয়ে শ্লোগান দি দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এই সিদ্ধান্তৰ বিৰোধিতা কৰে । বিৰোধী দলৰ নেতাই ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ সামৰিক আইন ঘোষণাক ‘অসাংবিধানিক’ বুলি অভিহিত কৰে । এই পদক্ষেপ দেশৰ সংবিধান বিৰোধী আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহ দুৰ্বল কৰি তোলে বুলিও তেওঁলোকে  কয় ।

দক্ষিণ কোৰিয়াত জাৰি সামৰিক আইন, বিৰোধীৰ বিৰুদ্ধে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ অভিযোগ

মঙলবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে জৰুৰীকালীন সামৰিক আইন (মাৰ্শ্বাল ল’) জাৰি কৰাৰ কথা ঘোষণা কৰে । তেওঁ দেশৰ বিৰোধীয়ে সংসদ নিয়ন্ত্ৰণ কৰা, উত্তৰ কোৰিয়াৰ প্ৰতি সহানুভূতিশীল হোৱা, ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ জৰিয়তে চৰকাৰক অস্থিৰ কৰি তোলাৰ অভিযোগ উত্থাপন কৰে ।

সংবিধান ৰক্ষাৰ বাবে এই পদক্ষেপ প্ৰয়োজনীয় : ৰাষ্ট্ৰপতি ইউন

ৰাষ্ট্ৰপতি ইউনে টেলিভিছনৰ এটা অনুষ্ঠানৰ জৰিয়তে এই ঘোষণা কৰে । তেওঁ কয় যে দেশৰ সংবিধান আৰু আইন ৰক্ষাৰ বাবে এই পদক্ষেপ অতি প্ৰয়োজনীয় । কিন্তু এই সিদ্ধান্তই দেশৰ চৰকাৰ আৰু গণতন্ত্ৰত কি প্ৰভাৱ পেলাব সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাই । ২০২২ চনত ইউনে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেতিয়াৰ পৰাই তেওঁ নিজৰ নীতি ৰূপায়ণত প্ৰবল বিৰোধিতাৰ বাবে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে ।

বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ সাংসদসকলে বৈঠক আহ্বান কৰে-

অহা বছৰৰ বাজেট বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতি ইউন চুক-ইয়লৰ পিপল পাৱাৰ পাৰ্টি আৰু বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ মাজত একমতত উপনীত হ’ব নোৱাৰাৰ সময়তে এই ঘোষণা কৰা হৈছে । ইয়াৰ উপৰিও ইউনে তেওঁৰ পত্নী আৰু কিছুমান শীৰ্ষ বিষয়াৰ সৈতে জড়িত কথিত কেলেংকাৰীৰ স্বতন্ত্ৰ তদন্তৰ দাবী নাকচ কৰি বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে । প্ৰতিবেদন অনুসৰি ইউনৰ এই ঘোষণাৰ পিছত ডেম’ক্ৰেটিক পাৰ্টিয়ে নিজৰ সাংসদসকলৰ জৰুৰী বৈঠক আহ্বান কৰে ।