ৰাতিপুৱা সোনকালে সাৰ পোৱাটো বহুতৰে বাবে কঠিন হৈ পৰে । এলাহ আৰু ৰাতি দেৰিকৈ শোৱাৰ বাবে প্ৰায়ে পুৱা উঠাত পলম হয়, যাৰ ফলত গোটেই দিনটোৰ ৰুটিন বিনষ্ট হয় । গতিকে ইয়াত আমি আপোনালোকক কিছুমান টিপছ ক’ম যাৰ সহায়ত আপুনি পুৱা সোনকালে সাৰ পাব পাৰে আৰু এই টিপছৰ সহায়ত আপোনাৰ টোপনিও ভাল হ’ব ।
আপোনাৰ টোপনিৰ সময় ঠিক কৰক-
সুস্থ হৈ থাকিবলৈ নিৰ্দিষ্ট সময়ত শোৱা আৰু সাৰ পোৱাটো অতি প্ৰয়োজনীয় । যদি আপুনি প্ৰতিদিনে একে সময়তে শোৱে আৰু সাৰ পায় তেন্তে ই আপোনাৰ টোপনিৰ চক্ৰ সঠিক হোৱাত সহায় কৰিব । প্ৰাপ্তবয়স্ক লোকক কমেও ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন । গতিকে, যথেষ্ট টোপনি ল’বলৈ চেষ্টা কৰক ।
এলাৰ্মটো আঁতৰাই ৰাখক-
বেছিভাগ মানুহেই ৰাতি এলাৰ্ম লগাই শোৱে, যিটো তেওঁলোকে সাধাৰণতে বিচনাৰ ওচৰতে ৰাখে । কিন্তু বহু সময়ত এলাৰ্ম বাজিলে মানুহে আধা শুই থকা অৱস্থাত বন্ধ কৰি দিয়ে আৰু তাৰ পিছত পুনৰ শুই পৰে । গতিকে এলাৰ্মটো কিছু দূৰত্বত ৰাখক যাতে চুইচ অফ কৰিবলৈ উঠিব লাগে । ইয়াৰ ফলত আপুনি সম্পূৰ্ণৰূপে সাৰ পাব আৰু পুনৰ টোপনি নাহে ।
স্ক্ৰীণৰ সময় হ্ৰাস কৰক-
প্ৰায় মানুহৰ শোৱাৰ পূৰ্বে বিচনাত পৰি থকা অৱস্থাত টিভি চোৱা বা ফোন চোৱাৰ অভ্যাস থাকে । কিন্তু ইয়াৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে আপোনাৰ টোপনিৰ মানদণ্ডত প্ৰভাৱ পেলাব পাৰে । গতিকে শুবলৈ যোৱাৰ এঘণ্টা আগতে ইলেক্ট্ৰনিক যন্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰক । ইয়াৰ ফলত আপোনাৰ টোপনিৰ মান উন্নত হ’ব আৰু আপোনাৰ টোপনি ভাল হ’ব ।
শোৱা কোঠাটো আৰামদায়ক কৰি তোলক-
আপুনি আপোনাৰ শোৱা কোঠাটো শুবলৈ আৰামদায়ক কৰি তুলিব লাগে । তাত আন্ধাৰ আৰু শান্তি থাকিব লাগে । ইয়াৰ ফলত আপোনাৰ টোপনিত সহায়ক হ’ব । কোঠাত সদায় ডিম লাইট বা নাইট বাল্ব ব্যৱহাৰ কৰিব লাগে ।