সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাৰ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে ৫৪ বছৰীয়া যুৱ নেতাই আমি সংবিধান সলনি কৰিম বুলি কৈ থাকে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ‘মোহাব্বতৰ দোকান’ সন্দৰ্ভতো সমালোচনা কৰি শ্বাহে কয় যে আমি প্ৰতিখন গাঁৱতে মোহাব্বতৰ দোকান খোলা সকলৰ বহু ভাষণ শুনিছো ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে তেওঁক লক্ষ্য কৰি কয় যে, “এতিয়া কিছুমান ৰাজনীতিবিদ আহিছে, যিয়ে নিজকে ৫৪ বছৰ বয়সত ডেকা বুলি কয় ।” ইফালে সিফালে ঘূৰি ফুৰে আৰু শাসকীয় দলে সংবিধান সলনি কৰিব বুলি কয় । মই তেওঁলোকক ক’ব বিচাৰো যে সংবিধান সলনি কৰাৰ ব্যৱস্থাটো সংবিধানৰ ৩৬৮ নং অনুচ্ছেদতেই আছে ।“
১৬ বছৰৰ শাসনত ২২টা সংশোধনীঃ শ্বাহ
তেওঁ কয় যে বিজেপিয়ে ১৬ বছৰীয়া শাসনকালত ২২ বাৰ সংবিধান সংশোধন কৰিছে । তেওঁ আৰু কয় যে কংগ্ৰেছে ৫৫ বছৰ শাসন কৰিছিল আৰু এই সময়ছোৱাত সংবিধানত ৭৭ বাৰ পৰিৱৰ্তন (সংবিধান সংশোধন) কৰিছিল ।
গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে সংবিধান সংশোধনীত কোনে দেশৰ নাগৰিকৰ কল্যাণৰ বাবে সংশোধনী কৰিলে আৰু কোনে নিজৰ ক্ষমতা ৰক্ষাৰ বাবে পৰিৱৰ্তন কৰিলে সেয়া গুৰুত্বপূৰ্ণ ।
মোহাব্বত কোনো দোকানত বিক্ৰী কৰা বস্তু নহয়: শ্বাহ
ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধীৰ ‘মোহাব্বত কি দোকান’ৰ বক্তব্য সন্দৰ্ভত তেওঁ কয়, “মোহাব্বত কি দোকানৰ বহু শ্লোগান আমি শুনিছো । প্ৰতিখন গাঁৱতে মোহাব্বত কি দোকান খোলাৰ উচ্চাকাংক্ষা থকা লোকৰ বহু ভাষণো আমি শুনিছো । মই তেওঁলোকক কওঁ যে মোহাব্বত দোকানত বিক্ৰী কৰা বস্তু নহয়, মোহাব্বত প্ৰচাৰ কৰিবলগীয়া বস্তু নহয়, মোহাব্বত হৃদয়ত ৰাখিব পৰা আৱেগ, আনক অনুভৱ কোৱা এটা মুহূৰ্ত ।”
মিছা কৈ জনাদেশ লাভ কৰাৰ কুৎসিত প্ৰয়াস : অমিত শ্বাহ
শ্বাহে কয়, “সংবিধানক কেৱল শব্দত নহয়, কাৰ্যত সন্মান কৰা উচিত । এইবাৰ নিৰ্বাচনত এটা অদ্ভুত দৃশ্য দেখা গ’ল । সাধাৰণ সভাত কোনেও সংবিধান কঢ়িয়াই নিয়া নাছিল । কিন্তু কংগ্ৰেছ নেতাসকলে সংবিধান জোকাৰি আৰু মিছা কৈ জনাদেশ লাভ কৰাৰ এক কুৎসিত প্ৰয়াস কৰিছিল । সংবিধান জোকৰাৰ বিষয় নহয়, ই বিশ্বাসৰ বিষয়, ই শ্ৰদ্ধাৰ বিষয় ।“