কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত সংখ্যাগৰিষ্ঠতাৰে প্ৰথমখন চৰকাৰ গঠন কৰা নেশ্যনেল কনফাৰেন্সে আজি বিধানসভাত ৩৭০ অনুচ্ছেদ বাহাল ৰখাৰ দাবীত প্ৰস্তাৱ গৃহীত কৰে । বিজেপিৰ সদস্যসকলে এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে নেশ্যনেল কনফাৰেন্স চৰকাৰক সমৰ্থন কৰা কংগ্ৰেছৰ সদস্যসকলে মৌনতা অৱলম্বন কৰে ।
এই প্ৰস্তাৱ উপ-মুখ্যমন্ত্ৰী সুৰেন্দ্ৰ সিং চৌধাৰীয়ে আনিছিল যাক সমৰ্থন জনাইছিল আন এগৰাকী মন্ত্ৰী শ্ৰীমতী ছাকিনা মাট্টুৱে । পি ডি পিৰ বিধায়ক ৱাহিদ পাৰাইও বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই এই সন্দৰ্ভত এটা প্ৰস্তাৱ আনি সকলোকে আচৰিত কৰিছিল । অৱশ্যে, ৪ নৱেম্বৰত অনা তেওঁৰ প্ৰস্তাৱটোৱে মাত্ৰ ৬ জন লোকৰ সমৰ্থন লাভ কৰিছিল । নেশ্যনেল কনফাৰেন্সে ইয়াক প্ৰত্যাখ্যান কৰি কৈছিল যে পি ডি পিয়ে এই বিষয় উত্থাপন কৰাৰ আগতে তেওঁলোকৰ সৈতে আলোচনা কৰা নাছিল ।
অনুচ্ছেদ ৩৭০ ৰ অধীনত অধিকাৰ বাহাল ৰখাৰ দাবীত আজি গৃহীত প্ৰস্তাৱটোত কোৱা হৈছে যে এই বিধানসভাই জম্মু-কাশ্মীৰক দিয়া বিশেষ মৰ্যাদা আৰু সাংবিধানিক গেৰাণ্টি, যাৰ বাবে জম্মু-কাশ্মীৰৰ লোকসকলে সুৰক্ষিত অনুভৱ কৰিছিল, তাক আঁতৰোৱাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে ।
গৃহীত প্ৰস্তাৱটোত আৰু কোৱা হৈছে যে এই বিধানসভাই ভাৰত চৰকাৰক আহ্বান জনাইছে যে ২০১৯ চনৰ ৫ আগষ্টত আঁতৰোৱা এই বিশেষ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে ৰাজ্যখনৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হওক ।
কিন্তু এই প্ৰস্তাৱৰ শেষৰ অনুচ্ছেদত নিশ্চিতভাৱে কোৱা হৈছে যে এই বিশেষ মৰ্যাদা পুনৰুদ্ধাৰৰ সময়ত ৰাষ্ট্ৰীয় ঐক্য আৰু জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ আকাংক্ষাও মনত ৰখা উচিত ।
বিজেপি নেতা সুনীল শৰ্মাই এই প্ৰস্তাৱৰ বিৰোধিতা কৰি কয় যে এয়া গ্ৰহণযোগ্য নহয় । অৱশ্যে বাহিৰৰ পৰা ৰাজ্য চৰকাৰক সমৰ্থন কৰা কংগ্ৰেছ বিধায়কসকলে এই প্ৰস্তাৱক লৈ বৰ্তমানো মৌনতা অৱলম্বন কৰিছে ।
জম্মু-কাশ্মীৰ বিধানসভাই ৩৭০ অনুচ্ছেদ বাহাল ৰখাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰাৰ কিছু সময়ৰ পাছতে বিজেপিৰ ২৮ গৰাকী বিধায়কে চৰকাৰৰ এই পদক্ষেপক “ৰাষ্ট্ৰ বিৰোধী এজেণ্ডা” বুলি অভিহিত কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । সদনৰ মাজলৈ আহি বিজেপি নেতাসকলে চিঞৰি চিঞৰি, “এয়া ৰাষ্ট্ৰীয় বিৰোধী এজেণ্ডা । আমি এই প্ৰস্তাৱ নাকচ কৰিছো” বুলি প্ৰতিবাদ কৰে ।