ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত ৩ খন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।এই খেলখনত নিউজিলেণ্ডে ৮ উইকেটত জয়লাভ কৰিছে।নিউজিলেণ্ডক জয়ৰ বাবে ভাৰতে ১০৭ ৰাণৰ লক্ষ্য বান্ধি দিছিল। এই বিজয়ৰ সৈতে, নিউজিলেণ্ডে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে।যদি দেখা যায় যে নিউজিলেণ্ডে ৩৬ বছৰৰ পিছত ভাৰতৰ মাটিত টেষ্ট শৃংখলাত জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ১৯৮৮ চনৰ নৱেম্বৰমাহত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতক ১৩৬ ৰাণত পৰাস্ত কৰিছিল। দুয়োখন দেশৰ মাজত দ্বিতীয় খন টেষ্ট ২৪ অক্টোবৰৰ পৰা পুনেত অনুষ্ঠিত হ’ব।
